অল ইংলেণ্ড অ’পেন বেডমিণ্টন চেম্পিয়নশ্বিপৰ পৰা বাহিৰ লক্ষ্য সেন

Story by  atv | Posted by  [email protected] • 1 Years ago
অল ইংলেণ্ড অ’পেন বেডমিণ্টন চেম্পিয়নশ্বিপৰ পৰা বাহিৰ লক্ষ্য সেন
অল ইংলেণ্ড অ’পেন বেডমিণ্টন চেম্পিয়নশ্বিপৰ পৰা বাহিৰ লক্ষ্য সেন
 
বাৰ্মিংহাম
 
বৃহস্পতিবাৰে বাৰ্মিংহামৰ ইউটিলিটা এৰিনাত ডেনমাৰ্কৰ এণ্ডাৰছ এণ্টনছনৰ হাতত পোনপটীয়া খেলত পৰাস্ত হৈ অল ইংলেণ্ড অ’পেন ২০২৩ৰ পুৰুষৰ একক ইভেণ্টৰ পৰা বাহিৰ হয় কমনৱেলথ গেমছৰ চেম্পিয়ন লক্ষ্য সেনে।
 
 
যোৱা বছৰ অল ইংলেণ্ড অ’পেনৰ ফাইনেলত অলিম্পিক চেম্পিয়ন ভিক্টৰ এক্সেলছনৰ হাতত পৰাস্ত হোৱা বৰ্তমানৰ বিশ্বৰ ১৯ নম্বৰ লক্ষ্য সেনে বি ডব্লিউ এফ ছুপাৰ ১০০০ ইভেণ্টৰ ১৬ ৰাউণ্ডত বিশ্বৰ ১৮ নং এণ্টনচেনৰ হাতত ২১-১৩, ২১-১৫ পইণ্টত পৰাস্ত হয়। 
 
ভাৰতীয় বেডমিণ্টন খেলুৱৈগৰাকীয়ে খেলখন ইতিবাচক দিশত আৰম্ভ কৰিছিল যদিও এবাৰ শ্বাটলাৰ দুয়োগৰাকীৰ মাজত ১১-১১ পইণ্টত সমতা স্থাপন হোৱাৰ পিছত দুবাৰৰ বিশ্ব চেম্পিয়নশ্বিপৰ পদক বিজয়ী এণ্ডাৰছ এণ্টনচেনে এণ্টে বৃদ্ধি কৰি পৰৱৰ্তী ১২ পইণ্টৰ ভিতৰত ১০ পইণ্ট লাভ কৰি ১-০ পইণ্টত আগবাঢ়ি যায়।
 
বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জৰ পদক বিজয়ী লক্ষ্য সেনে দ্বিতীয় বিৰতিত এণ্ডাৰছ এণ্টনছনক ছয় পইণ্টেৰে আগুৱাই লৈ যায়। অৱশ্যে একেৰাহে পইণ্টৰ ধাৰাবাহিকতাৰে ডেনমাৰ্কৰ খেলুৱৈগৰাকীয়ে আগবাঢ়ি ৫২ মিনিটত মেচখন দখল কৰে।
 
ইয়াৰ পূৰ্বে কমনৱেলথ গেমছৰ ব্ৰঞ্জৰ পদক বিজয়ী গায়ত্ৰী গোপিচান্দ আৰু ট্ৰিছা জলীয়ে বিশ্বৰ প্ৰাক্তন ১ নং জাপানী যুটি ইউকি ফুকছিমা আৰু ছায়াকা হিৰোটাক ২১-১৪, ২৪-২২ পইণ্টত পৰাস্ত কৰে। মহিলা ডাবলছত বিশ্বৰ ১৭ নম্বৰ স্থান লাভ কৰা গায়ত্ৰী গোপিচান্দ আৰু ট্ৰিছা জলীয়ে ১৬ ৰাউণ্ডৰ মেচত বিশ্বৰ ৯ নং যুটি ইউকি ফুকছিমা-ছায়াকা হিৰোটাক ৫০ মিনিটত পৰাস্ত কৰে।
 
শুকুৰবাৰে কোৱাৰ্টাৰ ফাইনেলত বিশ্বৰ ২৩ নং মহিলা ডাবলছ যুটি চীনৰ লিউ জুয়ান জুয়ান আৰু লি ৱেন মেইৰ বিৰুদ্ধে খেলিব। পুৰুষৰ ডাবলছত চিৰাগ শ্বেট্টী আৰু সাতৱিকছাইৰাজ ৰেংকিৰেড্ডীয়ে ফৰ্মত থকা চীনা শ্বাটলাৰ লিয়াং ৱেই কেং আৰু ৱাং চাঙৰ হাতত ২১-১০, ১৭-২১, ১৯-২১ পইণ্টত পৰাস্ত হয়। পুৰুষৰ একক খেলুৱৈ এইচ এছ প্ৰানয়, নৱম স্থান, আৰু প্ৰাক্তন বিশ্বৰ ১ নং কিদাম্বী শ্ৰীকান্তও তেওঁলোকৰ ১৬ ৰাউণ্ডৰ মেচত পৰাস্ত হয়।
 
এইচ এছ প্ৰানয়ে বিশ্বৰ ৩ নং ইণ্ডোনেছিয়ান শ্বাটলাৰ এণ্টনি চিনিছুকা জিন্টিঙৰ পৰা ২২-২০, ১৫-২১, ২১-১৭ পইণ্টত পৰাস্ত হয়। বিশ্বৰ ৬ নং জাপানী শ্বাটলাৰ কোদাই নাৰাওকাৰ হাতত ২১-১৭, ২১-১৫ পইণ্টত পৰাজয়ৰ সন্মুখীন হৈছিল বিশ্বৰ ২২ নম্বৰ কিদাম্বী শ্ৰীকান্ত।