ছুপাৰষ্টাৰ মেছিৰ শিৰত জিলিকিল কোপা আমেৰিকাৰ দ্বিতীয়টো খিতাপ

Story by  atv | Posted by  [email protected] • 1 Years ago
ছুপাৰষ্টাৰ মেছিৰ শিৰত জিলিকিল কোপা আমেৰিকাৰ দ্বিতীয়টো খিতাপ
ছুপাৰষ্টাৰ মেছিৰ শিৰত জিলিকিল কোপা আমেৰিকাৰ দ্বিতীয়টো খিতাপ
 
বুয়েনাছ আয়াৰ্ছ

কোপা আমেৰিকাৰ ফাইনেলত আৰ্জেণ্টিনাই কলম্বিয়াক ১-০ গ’লত পৰাস্ত কৰাৰ লগে লগে ফুটবল ছুপাৰষ্টাৰ লিয়নেল মেছিৰ শিৰত জিলিকি উঠে ক্ৰমাগত তৃতীয়টো গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় ট্ৰফী। গোৰোহাৰ আঘাতৰ বাবে দ্বিতীয়াৰ্ধত খেলপথাৰ ত্যাগ কৰিবলৈ বাধ্য হোৱা মেছিক অতিৰিক্ত সময়ৰ গ'লেৰে আৰ্জেণ্টিনাই কোপা আমেৰিকাৰ ট্ৰফী প্ৰদান কৰে।
 
বেঞ্চত মেছিয়ে অশান্ত হৈ কান্দি থকাৰ সময়তে তেওঁৰ সতীৰ্থসকলে দুৰ্দান্ত খেলেৰে মেছিৰ কেৰিয়াৰক আন এক ট্ৰফীৰে সুশোভিত কৰে। যোৱা নিশাৰ তীব্ৰ উত্তেজনাপূৰ্ণ ফাইনেলত অতিৰিক্ত সময়ত লাউটাৰো মাৰ্টিনেজে আৰ্জেণ্টিনাৰ হৈ বিজয়ীসূচক গ’লটো দিবলৈ সক্ষম হয়।

উল্লেখ্য যে, এইটো আছিল মেছিৰ কেৰিয়াৰৰ ৪৫ সংখ্যক ট্ৰফী। তেওঁ ব্ৰাজিলৰ ডানি আলভেছক অতিক্ৰম কৰি সৰ্বকালৰ আটাইতকৈ সফল ফুটবলাৰ হিচাপে পৰিগণিত হৈছে। আৰ্জেণ্টিনাৰ হৈ মেছিয়ে শেহতীয়া তিনি বছৰত তিনিটা গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় খিতাপ দখল কৰিছে।

২০২২ চনত ফিফা বিশ্বকাপ জয় কৰাৰ লগতে তেওঁ ২০২১ আৰু ২০২৪ চনৰ কোপা আমেৰিকাৰ খিতাপত টুম্বন দিবলৈ সক্ষম হৈছে। মেছিয়ে নিজৰ ক্লাব কেৰিয়াৰত মুঠ ৩৯টা খিতাপ লাভ কৰিছে, ইয়াৰে অধিকাংশ খিতাপ বাৰ্চিলোনাৰ হৈ খেলাৰ সময়ত আহিছিল।