এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জ লাভ লাভলীনা বৰগোহাঁইৰ

Story by  atv | Posted by  [email protected] • 4 h ago
লাভলীনা বৰগোহাঁই
লাভলীনা বৰগোহাঁই
 
গুৱাহাটী
 
অসমৰ বাবে পুনৰ এক গৌৰৱৰ খবৰ। অলিম্পিক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁইয়ে লাভ কৰিলে আন এটা পদক। ২০২৬ বৰ্ষৰ এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ ৭৫ কেজি শাখাত লাভলীনাই দেশক প্ৰতিনিধিত্ব কৰি ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। ব্ৰঞ্জৰ পদকতে থমকি ৰ'বলগীয়া হ'লেও তেওঁৰ এই সফলতাই অলিম্পিকৰ দৰে বৃহৎ মঞ্চত তেওঁৰ সম্ভাৱনাক পুনৰ সজীৱ কৰি তুলিছে। অসমবাসীৰ এতিয়া এটাই কামনা লাভলীনাই আগন্তুক দিনত নিজৰ লক্ষ্যভেদ কৰি দেশৰ বাবে অলিম্পিকত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হ'ব। ব্ৰঞ্জৰ পদক লাভ কৰি ফেচবুকযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লাভলীনা বৰগোহাঁয়ে।
 
তেওঁ কয়, "আশা কৰিছোঁ সকলোৰে ভাল। গম পাইছোঁ অসমত এতিয়া নিৰ্বাচনৰ সময় চলি আছে। তাৰ মাজতে আজি মই ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হ'লোঁ। বহুত বেছি আনন্দিত, কাৰণ ২০২৪ চনৰ পাছত এয়া মোৰ প্ৰথম গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাৰ পদক।"

তেওঁ লগতে কয়, "এইটো সোণৰ পদক নহ'ব পাৰে, কিন্তু মোৰ কাৰণে এয়া সোণতকৈও বহুত বেছি মূল্যৱান। কাৰণ কিছুদিনৰ আগত এটা সময় আহিছিল যেতিয়া মই ভাবিছিলোঁ বক্সিং এৰি দিম বুলি ভাবিছিলো। আজি যেতিয়া সেই দিনটোৰ কথা চিন্তা কৰোঁ মোৰ চকুৰ পানী ওলাই যায় । কাৰণ এজন ক্ৰীড়াবিদৰ বাবে ইয়াক এৰাৰ কথাটো ভাবিলেই বহুত বেছি দুখ লগা কথা বুলি মই অনুভৱ কৰোঁ। যিহেতু আমি এটা পদকৰ কাৰণে ইমান বেছি ত্যাগ কৰোঁ, সৰুৰে পৰা এতিয়া মোৰ ১৭ বছৰ হৈ গ'ল বক্সিঙত, ২০১২ত মই বক্সিঙত যোগদান কৰিছিলোঁ। সৰুৰে পৰাই প্ৰায় সকলো বস্তু ত্যাগ কৰি আহিছোঁ। শুবলৈ মন গ'লেও বেছিকৈ শুব নোৱাৰোঁ, পুৱা সোনকালে উঠিব লাগে। কিবা বস্তু খাব মন গ'লেও খাব নোৱাৰোঁ কাৰণ ডায়েট মেইনটেইন কৰিব লাগে। ক'ৰবালৈ যাব মন গ'লেও যাব নোৱাৰোঁ কাৰণ বক্সিঙৰ কথা চিন্তা কৰোঁ যাতে বক্সিঙত ইয়াৰ পৰা একো প্ৰভাৱ নপৰে। কিমান বস্তু যে ত্যাগ কৰিব লাগে এই দিনটোৰ কাৰণে, এটা পদকৰ কাৰণে। ক'ৰবাত নহয় ক'ৰবাত ইমান দিনে মই সেই পদকটোক উদযাপন কৰা নাছিলোঁ, কিন্তু এতিয়া অনুভৱ কৰিছোঁ যে এটা পদকৰ মূল্য কিমান হয়।"
 
তেওঁ লগতে সকলোকে ধন্যবাদ জনাই কয়, "সকলোৰে ইমান বেছি সহযোগিতা আছিল। যিহেতু আমাৰ ভাৰতীয় দলে বহুতেই ভাল কৰিছে, আমাৰ ৪ টা সোণৰ পদকো আহিছে। আমাৰ অসমৰ অংকুশিতা আছে, মই আছোঁ, তেওঁও ব্ৰঞ্জ পাইছে, মইও ব্ৰঞ্জ পাইছোঁ। আগলৈও প্ৰতিযোগিতা আহি আছে, তাতে মই আৰু বেছি ভাল কৰিম। পুনৰ কষ্ট কৰিম। আপোনালোক সকলোৰে আশীৰ্বাদ লাগিব। আপোনালোকৰ আশীৰ্বাদৰ কাৰণেই এনেদৰে আগবাঢ়ি যাব পাৰিছোঁ। ভৱিষ্যতেও যাতে এনেদৰে পদক আনিব পাৰোঁ, আমাৰ পৰৱৰ্তী প্ৰজন্মক যাতে আৰু বেছি অনুপ্ৰাণিত কৰিব পাৰোঁ-তাৰেই চেষ্টা কৰিম।"