মাৰাথন দৌৰবিদ ফৌজা সিঙৰ দুৰ্ঘটনাত মৃত্যু

Story by  atv | Posted by  Munni Begum • 3 d ago
মাৰাথন দৌৰবিদ ফৌজা সিং
মাৰাথন দৌৰবিদ ফৌজা সিং
 
নতুন দিল্লী 
 
বিশ্বৰ আটাইতকৈ বয়সীয়াল মাৰাথন দৌৰবিদৰ খ্যাতি অৰ্জন কৰা দৌৰবিদ ফৌজা সিঙৰ সোমবাৰে এক পথ দুৰ্ঘটনাত মৃত্যু হয়। ১৯১১ চনৰ ১ এপ্ৰিলত পঞ্জাৱৰ জলন্ধৰৰ বেয়াছ গাঁৱত জন্মগ্ৰহণ কৰা সিঙৰ মৃত্যুৰ সময়ত বয়স আছিল ১১৪ বছৰ। 
 
এক প্ৰতিবেদন অনুসৰি সোমবাৰে বিয়লি জলন্ধৰ-পাথানকোট ঘাইপথত সিঙে খোজ কাঢ়ি গৈ থকা অৱস্থাত এখন অচিনাকি বাহনে তেওঁক খুন্দা মাৰে। তেওঁৰ মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। লগে লগে ফৌজাক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। অৱশ্যে সোমবাৰে সন্ধিয়া ৭:৩০ বজাত তেওঁৰ মৃত্যু হয়।
 
তেওঁৰ মৃত্যুৰ খবৰ লেখক খুছৱন্ত সিঙে নিশ্চিত কৰিছে। পঞ্জাৱৰ ৰাজ্যপাল তথা চণ্ডীগড়ৰ প্ৰশাসক গুলাব চান্দ কাটাৰিয়াই দৌৰবিদ গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। পঞ্জাৱৰ ৰাজ্যপালগৰাকীয়ে এক্সত এক পোষ্টত লিখিছে, "মাৰাথন দৌৰবিদ তথা অধ্যৱসায়ৰ প্ৰতীক চৰ্দাৰ ফৌজা সিঙৰ জলন্ধৰত পথ দুৰ্ঘটনাত মৃত্যু হৈছে। তেওঁ মোৰ লগত অতুলনীয় উৎসাহেৰে নিছা মুক্তি, ৰঙালা পঞ্জাৱৰ পদযাত্ৰাত যোগদান কৰিছিল। তেওঁৰ এই উত্তৰাধিকাৰ ড্ৰাগছমুক্ত পঞ্জাৱৰ বাবে সদায়ে প্ৰেৰণা হৈ থাকিব।"
 
 
দৌৰবিদ গৰাকীৰ জীৱনী ‘The Turbaned Tornado’, পঞ্জাৱ ৰাজ্যৰ প্ৰাক্তন তথ্য আয়ুক্ত খুছৱন্ত সিঙে লিখিছিল। এতিয়া তেওঁৰ মৃত্যুৰ খবৰ জানিব পাৰি সামাজিক মাধ্যমত খুছৱন্ত সিঙে লিখিছে যে, "মোৰ টাৰ্বেনড টৰ্নেডো আৰু নাই। অতি দুখেৰে তেওঁৰ মৃত্যুৰ খবৰটো শ্বেয়াৰ কৰিব লগা হৈছে। সোমবাৰে বিয়লি প্ৰায় ৩:৩০ বজাত নিজ গাঁৱৰ বিয়াছত পথ পাৰ হৈ যাওঁতে এখন অচিনাকি বাহনে তেওঁক খুন্দা মাৰে। মোৰ প্ৰিয় ফৌজা, আপোনাৰ আত্মাই চিৰশান্তি লাভ কৰক।"
 
ফৌজা সিঙে ৯০ বছৰ বয়সৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মাৰাথন দৌৰ আৰম্ভ কৰিছিল। এই বয়সত তেওঁৰ মাৰাথন দৌৰৰ সিদ্ধান্তই মানুহক আচৰিত কৰি তুলিছিল। সাহস আৰু দৃঢ়তাৰ বাবে ফৌজা সিং ‘ টাৰ্বেনড টৰ্নেডো’ নামেৰে বিখ্যাত হৈছিল।