বিশ্বকাপৰ ট্ৰফীৰ ওপৰত ভৰি থোৱা বিতৰ্কক লৈ মুখ খুলিলে মিচেল মাৰ্শ্বে

Story by  atv | Posted by  [email protected] • 7 Months ago
বিশ্বকাপৰ ট্ৰফীৰ ওপৰত ভৰি থোৱা মিচেল মাৰ্শ্ব
বিশ্বকাপৰ ট্ৰফীৰ ওপৰত ভৰি থোৱা মিচেল মাৰ্শ্ব
 
ছিডনী

ভাৰতক ঘৰৰ মাটিত বিধ্বস্ত কৰি অষ্ট্ৰেলিয়াই বিশ্বজয়ৰ সোৱাদ লাভৰ পিছতে আৰম্ভ হৈছিল এটা অনাকাংক্ষিত বিতৰ্কৰ। ফাইনেলত ঘৰুৱা দল টীম ইণ্ডিয়াক অনায়াসে পৰাস্ত কৰি আনন্দ-উল্লাসত মত্ত হৈ পৰা অষ্ট্ৰেলিয়ান তাৰকা মিচেল মাৰ্শ্বৰ এক উদ্ভূত আচৰণে ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ মাজত তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টিৰ সৃষ্টি কৰিছিল।
 
বিশ্বকাপৰ ট্ৰফীৰ ওপৰত ভৰি থৈ মাৰ্শ্বে বিশ্ৰাম লৈ থকাৰ ছবিয়ে ছ'চিয়েল মিডিয়াত খলকনি তোলে আৰু ভাৰতীয় ক্ৰিকেট অনুৰাগীয়ে খেলুৱৈজনৰ এই আচৰণক চূড়ান্ত অভদ্ৰামি আৰু অসন্মানজনক আখ্যা দিয়ে।
   
মেগা ইভেণ্টখনত ২৪টাকৈ উইকেট দখল কৰা টীম ইণ্ডিয়াৰ অভিজ্ঞ বেগী বলাৰ মহম্মদ ছামীয়েও আনকি প্ৰকাশ কৰিছিল যে মিচেল মাৰ্শ্বৰ এই আচৰণে তেওঁক আঘাত দিছে। 
 
এই বিতৰ্কৰ দুসপ্তাহৰ পিছত অৱশেষত মুখ মুখিছে অষ্ট্ৰেলিয়ান তাৰকা মাৰ্শ্বে। অষ্ট্ৰেলিয়ান সংবাদ মাধ্যমৰ সন্মুখত শুকুৰবাৰে তেওঁ কয় যে ভাৰতত বিতৰ্কৰ সৃষ্টি হ'লেও তেওঁ ইয়াক অপমানজনক বুলি গণ্য নকৰে।  “সেই ফটোখনত স্পষ্টভাৱে কোনো অসন্মানৰ অৰ্থ একেবাৰেই নাছিল। মই ইয়াক লৈ বেছি চিন্তা কৰা নাই, সকলোৱে কোৱাৰ পিছতো ছ’চিয়েল মিডিয়াত মই এইবোৰ একো দেখা নাই। এইবোৰত মূৰ নষ্ট কৰি লাভ নাই।"- মাৰ্শ্বে এইদৰে কয়।
 
অষ্ট্ৰেলিয়ান তাৰকাজনৰ মতে এইয়া কোনো অসন্মানৰ উদ্দেশ্য নাছিল যদিও উত্তৰ প্ৰদেশৰ এটা সংগঠনে যোৱা সপ্তাহত মাৰ্শ্বৰ এই আচৰণৰ বাবে অলৰাউণ্ডাৰজনৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল। মঙলবাৰে ভ্ৰষ্টাচাৰ বিৰোধী সেনাৰ সভাপতি পণ্ডিত কেশৱ দেৱে আলিগড়ৰ দিল্লী গেট আৰক্ষী থানাত এই বিষয়ত এখন এজাহাৰ দাখিল কৰে।