বিশ্বকাপত ভাৰতক নেতৃত্ব দিব মিজোৰামৰ লালৰেমশ্যামীয়ে

Story by  atv | Posted by   Imtiaz Ahmed • 2 Years ago
ভাৰতীয় দলৰ সৈতে মাজত লালৰেমশ্যামী (গুলপীয়া জোতা)
ভাৰতীয় দলৰ সৈতে মাজত লালৰেমশ্যামী (গুলপীয়া জোতা)
নতুন দিল্লী

৫ ডিচেম্বৰৰ পৰা দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হ'বলগীয়া এফ আই এইচ হকী মহিলা জুনিয়ৰ বিশ্বকাপত ১৮ জনীয়া ভাৰতীয় দলটোক অধিনায়ক হিচাপে নেতৃত্ব দিবৰ বাবে হকী ইন্ডিয়াই মনোনীত কৰে মিজোৰামৰ ছোৱালী লালৰেমশ্যামীক।

২১ বছৰীয়া ফৰৱাৰ্ড লালৰেমশ্যামী টকিঅ' ভাৰতীয় দলৰহৈ ঐতিহাসিক প্ৰদৰ্শন কৰিছিল। লগতে দলটিয়ে চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হৈছিল। ডিফেণ্ডাৰ ইশিকা চৌধুৰীক লালৰেমশ্যামীৰ সৈতে উপ-অধিনায়ক ৰূপত দেখিব পোৱা যাব।

দলটোত আৰু অন্তৰ্ভুক্ত হৈছে চেলিমা টেট আৰু শৰ্মিলা দেৱী। এই দুগৰাকী খেলুৱৈ টকিঅ' অলিম্পিকত ভাৰতীয় দলৰ সদস্য আছিল। লগতে দলটোত মণিপুৰৰ বিচু খাৰিবামো অন্তৰ্ভুক্ত হৈছে।

পুল চি অন্তৰ্ভুক্ত হোৱা ভাৰতে ৬ ডিচেম্বৰত ৰাছিয়াৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব আৰু লীগত ৭ ডিচেম্বৰত ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাৰ বিৰুদ্ধে মুখামুখি হ'ব। ন'কআউট খেলসমূহ ১০ৰ পৰা ১৬ ডিচেম্বৰৰ ভিতৰত অনুষ্ঠিত হ'ব। 

বিশ্বকাপত বিশ্বৰ ১৬ টা শীৰ্ষ দলৰ খিতাপৰ বাবে যুঁজ হ'ব। প্ৰতিযোগিতাখনত ২০১৩ চনত ভাৰতৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আছিল য'ত তেওঁলোকে ইংলেণ্ডক পৰাস্ত কৰি ব্ৰঞ্জৰ পদক জিকিছিল।