আজি আহমেদাবাদত Mother Of All Cricket Battles

Story by  Mukut Sarma | Posted by  Munni Begum • 6 Months ago
আজি ভাৰত-পাকিস্তানৰ মাজত অনুষ্ঠিত হব এদিনীয়া ক্ৰিকেট বিশ্বকাপ
আজি ভাৰত-পাকিস্তানৰ মাজত অনুষ্ঠিত হব এদিনীয়া ক্ৰিকেট বিশ্বকাপ
 
মুকুট শৰ্মা / গুৱাহাটী
 
ইজৰাইল-পেলেষ্টাইনৰ ৰক্তাক্ত সংঘাতে বিশ্বক অস্থিৰ কৰাৰ সময়তে ভাৰতীয় উপ-মহাদেশত বলিছে ক্ৰিকেটৰ উত্তপ্ত বতাহ। কিয়নো, সন্মুখত Mother Of All Cricket Battles। ক্ৰিকেটক ধৰ্ম হিচাপে গ্ৰহণ কৰা দুই চিৰবৈৰী দেশ ভাৰত আৰু পাকিস্তানৰ সমুখ-সমৰক লৈ উত্‍কণ্ঠাত কঁপিছে সমগ্ৰ উপ-মহাদেশ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহভূমি আহমেদাবাদত অৱস্থিত বিশ্বৰ সবাতোকৈ ডাঙৰ ক্ৰিকেট ষ্টেডিয়ামত শনিবাৰে দুপৰীয়া আৰম্ভ হ'বলগীয়া ভাৰত-পাকিস্তানৰ মহাৰণে কেৱল ক্ৰিকেটপ্ৰেমীকে নহয়, দেশবাসীকো উত্‍কণ্ঠাত ৰাখিছে।
 
মনকৰিবলগীয়া যে, আইচিচি এদিনীয়া ক্ৰিকেট বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ স্ক’ৰলাইন ৭-০। প্ৰায় তিনি দশক পূৰ্বে অৰ্থাত্‍ ১৯৯২ চনৰ বিশ্বকাপৰ সময়ত আৰম্ভ হোৱা এই মহাৰণত ভাৰতে প্ৰতিবাৰেই শেষহাঁহি মাৰিছে। শেষৰটো জয় আহিছিল চাৰিবছৰ আগতে ২০১৯ চনৰ বিশ্বকাপত। জয়ৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি এইবাৰো টীম ইণ্ডিয়াই চিৰবৈৰীৰ বিৰুদ্ধে এদিনীয়া বিশ্বকাপৰ মঞ্চত সফলতাৰ ব্যৱধান ৮-০লৈ বৃদ্ধি কৰিব বুলি আশাত বন্দী ১৪০ কোটি ভাৰতীয়। 
 
নৰেন্দ্ৰ মোডী ষ্টেডিয়ামৰ চৌহদৰ এক দৃশ্য
 
ইতিমধ্যে ঘৰৰ মাটিত অনুষ্ঠিত বিশ্বকাপৰ প্ৰথম দুখন মেচত দুৰ্দান্ত জয়েৰে শক্তিশালী ফৰ্মৰ ইংগিত দিছে ৰোহিত শৰ্মা বাহিনীয়ে। ইয়াৰ পূৰ্বে ২০১১ত ভাৰতৰ মাটিত অনুষ্ঠিত এদিনীয়া বিশ্বকাপত মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত টীম ইণ্ডিয়াই বিশ্বজয়েৰে ইতিহাস ৰচিছিল। অৱশ্যে, অষ্ট্ৰেলিয়া আৰু আফগানিস্তানক অনায়াসে হৰুৱালেও এইবাৰ পাকিস্তানৰ পৰা ভাৰতে তীব্ৰ প্ৰত্যাহ্বান লাভ কৰাৰ সম্ভাৱনা আছে। কিয়নো, পাকিস্তানৰ সৈতে আছে বাবৰ আজম, ফকৰ জামান, মহম্মদ ৰিজৱান আদিৰ দৰে বিশ্বমানৰ বেটছমেন আৰু শ্বাহীন শ্বাহ আফ্ৰিদী, হাছান আলী, হৰিশ ৰৌফ আদিৰ দৰে দুধৰ্ষ বেগীবলাৰ। 
 
নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত প্ৰায় ১ লাখ ৩০ হাজাৰ দৰ্শকৰ সন্মুখত ভাৰতৰ ছুপাৰষ্টাৰ বিৰাট কোহলি, ৰোহিত শৰ্মা, কে এ ৰাহুল, হাৰ্দিক পাণ্ডিয়াই স্নায়ুচাঁপ নিয়ন্ত্ৰণ কৰি কিদৰে শ্বাহীন শ্বাহ আফ্ৰিদী, হাছান আলী, হৰিশ ৰৌফৰ মুখামুখি হয়, সেয়া প্ৰত্যক্ষ কৰিবলৈ বিশ্বৰ কোটি কোটি ক্ৰিকেট অনুৰাগীয়ে অধীৰ আগ্ৰহেৰে বাট চাইছে। 
 
পাকিস্তান ক্ৰিকেট দলৰ অধিনায়ক বাবৰ আজম আৰু ভাৰতীয় ক্ৰিকেট দলত খেলুৱৈ বিৰাট কোহলী
 
২০২২ৰ আই চি চি টি-২০ বিশ্বকাপত চিৰবৈৰী পাকিস্তানৰ শক্তিশালী বেগী বলিং আক্ৰমণৰ সন্মুখত ভাৰতীয় বেটছমেনসকল দিশহাৰা হৈছিল আৰু নিশ্চিত পৰাজয়ৰ আশংকাত ভুগিছিল। কিন্তু কিং কোহলিৰ ৰাজকীয় ইনিংছে টীম ইণ্ডিয়াক চিৰস্মৰণীয় জয়ৰ সোৱাদ দিছিল। এইবাৰো দেশৰ মাটিত বিশ্বকাপৰ মঞ্চত কোহলি, ৰোহিত, ৰাহুলৰ পৰা দেশবাসীয়ে আশা কৰিছে ৰাজকীয় প্ৰদৰ্শন। বলিঙত ভাৰতৰ চোক বৃদ্ধি কৰিব যশপ্ৰীত বুমৰাহ, মহম্মদ ছিৰাজ, ৰবীন্দ্ৰ জাদেজা, ৰবিচন্দ্ৰন অশ্বিন আদিৰ দৰে তাৰকাসমৃদ্ধ বলাৰে।    
 
উল্লেখ্য যে, অষ্ট্ৰেলিয়া আৰু আফগানিস্তানৰ বিৰুদ্ধে খেলা প্ৰথম দুখন মেচত বিৰাট কোহলি, ৰোহিত শৰ্মা আৰু কে এল ৰাহুলেৰে গঠিত ত্ৰিমূৰ্তিয়ে চমকপ্ৰদ বেটিঙেৰে উজলি উঠাটো বিশ্বকাপত ভাৰতৰ বাবে শুভ লক্ষণ বুলি অভিহিত কৰিছে ক্ৰিকেট অনুৰাগীয়ে। 
 
বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে সৰ্বাধিক ৰান সংগ্ৰহ কৰিছে ভাৰতৰ কিংবদন্তী বেটছমেন শচীন তেণ্ডুলকাৰে। শনিবাৰে পাকিস্তানৰ বিৰুদ্ধে খেলপথাৰত নমাৰ সময়ত কোহলি আৰু ৰোহিতে শচীনৰ এই সৰ্বাধিক ৰানৰ অভিলেখ ভংগ কৰাৰ সুযোগ লাভ কৰিব। অৱশ্যে, ইয়াৰ বাবে দুই তাৰকাই শতক অৰ্জন কৰিব লাগিব।
 
নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হৈ যোৱা ৩৬ সংখ্যক নেচনেল গেমছ ২০২২ৰ এক মূহুৰ্ত
 
বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে ৫খন খেলত শচীনে গড় ৭৮.২৫কৈ মুঠ ৩১৩ ৰান সংগ্ৰহ কৰিছিল। ৫ খন খেলৰ ভিতৰত ৩ খনতে তেওঁ অৰ্ধশতকীয় ইনিংছ খেলিছিল। মানচেষ্টাৰত শচীনে খেলা ৯৮ ৰানৰ চিত্তাকৰ্ষক ইনিংছ কোনে পাহৰিব পাৰিব ! ইফালে, বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে ৩খন খেলত কোহলিয়ে সংগ্ৰহ কৰিছে ১৯৩ ৰান।  একেদৰে, ৰোহিত শৰ্মাই পাকিস্তানৰ বিৰুদ্ধে ২খন মেচত ১৫৫ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। 
 
আনহাতে, ভাৰতত আয়োজিত আইচিচি এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ কোনো উদ্বোধনী অনুষ্ঠান আয়োজন কৰা হোৱা নাছিল যদিও ভাৰত আৰু পাকিস্তানৰ বহু প্ৰত্যাশিত মেচৰ পূৰ্বে বিচিচিআইয়ে প্ৰি-মেচ ইভেণ্টৰ পৰিকল্পনা কৰিছে। বিচিচিআইয়ে ঘোষণা কৰা অনুসৰি, হাইভল্টেজ মেচখনৰ পূৰ্বে বলীউডৰ জনপ্ৰিয় গায়ক অৰিজিত সিং, শংকৰ মহাদেৱন, আৰু সুখৱিন্দৰ সিঙে সংগীতানুষ্ঠান পৰিৱেশন কৰিব। 
 
দুপৰীয়া ১২: ৩০ বজাৰ পৰা আৰম্ভ হ’ব সংগীত অনুষ্ঠান। অনুষ্ঠানটো প্ৰায় ৪০ মিনিট বাবে অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে। ইয়াৰ পিছত ১.৩০ বজাত টছ আৰু ২ বজাৰ পৰা মেচ আৰম্ভ হ’ব।
 
ভাৰতীয় ক্ৰিকেট দলৰ আনন্দৰ এক মূহুৰ্ত
 
আমিৰ খানৰ ‘লগান’ৰ পৰা আৰম্ভ কৰি শ্বাহৰুখ খানৰ ‘জৱান’লৈকে কেমেৰাৰ আঁৰত মুখ্য ভূমিকা পালন কৰা প্ৰশান্ত বিচাৰে ভাৰত-পাকিস্তানৰ মেচৰ পূৰ্বে আয়োজিত সংগীতানুষ্ঠানৰ দায়িত্ব লাভ কৰিছে। প্ৰশান্তই তৈয়াৰ কৰা মঞ্চত বলীউদৰ জনপ্ৰিয় কণ্ঠশিল্পীসকলে সংগীতেৰে দৰ্শকক মোহাচ্ছন্ন কৰিব। ইভেণ্টৰ পিছত তেওঁ খেলপথাৰ চাফা কৰিবলৈ মাত্ৰ ১৫ মিনিট সময় পাব। বাবৰ আজম বা ৰোহিত শৰ্মাহঁতে মেচৰ বাবে যিদৰে কঠোৰ অনুশীলন চলাইছে, ঠিক একেদৰে ইভেণ্ট মেনেজাৰ প্ৰশান্ত বিচাৰেও শনিবাৰৰ অনুষ্ঠানৰ বাবে কঠোৰ অনুশীলন চলাই আছে।
 
দীৰ্ঘদিন ধৰি ক্ৰিকেট অনুৰাগীয়ে আগ্ৰহেৰে অপেক্ষা কৰি থকা ভাৰত-পাকিস্তানৰ এই মেচ ষ্টেডিয়ামত বহি উপভোগ কৰি অমিতাভ বচ্চন, ৰজনীকান্ত, শচীন তেণ্ডুলকাৰৰ দৰে চেলিব্ৰিটীয়ে। পবিত্ৰ মহালয়া আৰু নৱৰাত্ৰীৰ শুভক্ষণত সমগ্ৰ দেশ উসৱমুখৰ হৈ থকাৰ সময়তে টীম ইণ্ডিয়াই পাকিস্তানক হৰুৱাই বিশ্বজয়ৰ দিশে শক্তিশালী খোজ পেলাব বুলি দেশবাসীয়ে অপেক্ষাৰে বাট চাইছে।