উত্তৰ-পূব ভাৰোত্তোলন প্ৰতিভাৰ এক শক্তিক্ষেত্ৰ; কিন্তু সুনাম অৰ্জন কৰাত বহু বাকী

Story by  atv | Posted by  Munni Begum • 1 Years ago
 ভাৰোত্তোলক জেৰেমী লালৰিন্নুংগাৰ (বাওঁফালে) আৰু কুঞ্জৰাণী দেৱী (সোঁফালে)
ভাৰোত্তোলক জেৰেমী লালৰিন্নুংগাৰ (বাওঁফালে) আৰু কুঞ্জৰাণী দেৱী (সোঁফালে)
ইমতিয়াজ আহমেদ / গুৱাহাটী
 
দেশৰ উত্তৰ-পূৰ্বাঞ্চলৰ খেলুৱৈয়ে অলিম্পিক, এছিয়ান গেমছ, কমনৱেলথ গেমছ বা দক্ষিণ এছিয়া গেমছৰ দৰে আগশাৰীৰ ক্ৰীড়া ইভেণ্টত ভাৰতৰ হৈ প্ৰথমটো পদক জয় কৰাটো শেহতীয়াকৈ এক পৰম্পৰাত পৰিণত হৈছে। সাধাৰণতে এই পদকসমূহ ভাৰোত্তোলন বা বক্সিঙৰ দৰে পাৱাৰ গেমৰ পৰা আহে। কুঞ্জৰাণী দেৱী, ৰেণুবালা চানু, মিৰাবাঈ চানু, সিদ্ধান্ত গগৈ, বিন্দ্যাৰাণী দেৱী, মাৰ্কিঅ টাৰিঅ অথবা কমনৱেলথ গেমছৰ শেহতীয়া চাঞ্চল্য মিজোৰামৰ ১৯ বছৰীয়া জেৰেমী লালৰিন্নুংগাৰ দৰে ভাৰোত্তোলনকাৰীক জন্ম দি এই অঞ্চলটোৱে পাৱাৰ গেমছৰ ক্ষেত্ৰত আধিপাত্য বিস্তাৰ কৰিছে।
 
ভাৰোত্তোলনত উত্তৰ-পূবৰ খেলুৱৈসকলৰ সফলতাৰ কাৰণ পাহাৰৰ বাসিন্দা মংগোলোই জাতিৰ অন্তৰ্নিহিত প্ৰতিভা বুলি কয়। আৱাজ দ্য ভইচৰ সৈতে হোৱা এক বাৰ্তালাপত ভাৰতীয় ভাৰোত্তোলন ফেডাৰেচনৰ উপ-সভাপতি তথা অসম ভাৰোত্তোলন সন্থাৰ সম্পাদক ভৱজ্যোতি গোস্বামীয়ে কয় যে, "উত্তৰ-পূবৰ জনসাধাৰণ, বিশেষকৈ পাহাৰীয়া জনজাতিসকল, পৰম্পৰাগতভাৱে ভাৰোত্তোলক। পাহাৰীয়া ভূখণ্ডত বাস কৰাৰ বাবে তেওঁলোকৰ জীৱনশৈলী ভাৰোত্তোলনৰ কাৰিকৰী দিশৰ সৈতে কিছু পৰিমাণে জড়িত হৈ থাকে, যাৰ ফলত তেওঁলোকৰ বাবে খেলবিধ গ্ৰহণ কৰাটো বহুত সহজ হৈ পৰে।"
তেওঁ লগতে কয় যে মূৰ আৰু পিঠিত বোজা লৈ পাহাৰৰ মাজেৰে খোজকঢ়াৰ অভ্যাসে পাহাৰৰ বাসিন্দাসকলৰ অংগ-প্ৰত্যংগত শক্তি বিকাশ কৰাত সহায় কৰে। উত্তৰ-পূবৰ মানুহৰ ক্ষেত্ৰত এয়া এক পৰম্পৰা। “ইয়াৰ উপৰিও, ভাৰোত্তোলনৰ ক্ষেত্ৰত অঞ্চলটোৰ জনসাধাৰণৰ উচ্চতা কম হোৱাটো এটা সুবিধা। কাৰণ, তেওঁলোকে মহাকৰ্ষণ শক্তিৰ বাধা নেওচি অধিক উচ্চতালৈ ভাৰোত্তোলন কৰিব লগা নহয়," গোস্বামীয়ে লগতে কয়।
অৱশ্যে, ভাৰোত্তোলনত উত্তৰ-পূৰ্বাঞ্চলৰ খেলুৱৈয়ে অলিম্পিকত জয় কৰা পদকৰ সংখ্যাক লৈ গোস্বামী বৰ সুখী নহয়। "অঞ্চলটোত প্ৰচুৰ সম্ভাৱনা আছে। আমি অঞ্চলটোৰ পৰা আৰু বহুতো অলিম্পিক পদক বিজয়ী সৃষ্টি কৰিবলৈ সক্ষম হোৱা উচিত আছিল। কিন্তু, ধনৰ অভাৱৰ বাবে আমি সেই প্ৰতিভাবোৰক লালন-পালন কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ ল’ব পৰা নাই। দীৰ্ঘদিন ধৰি এই খেলবিধৰ সৈতে জড়িত হৈ থকি দেশৰ এই অংশত বহুতো বিৰল প্ৰতিভা দেখিবলৈ পাইছো। কিন্তু, আমাৰ সকলো প্ৰচেষ্টাৰ পিছতো আমি তেওঁলোকক অলিম্পিক অথবা এছিয়ান গেমছৰ পদক  প্ৰত্যাশী হিচাপে গঢ়ি তুলিব পৰা নাই। ইয়াৰ কাৰণ হিচাপে ক’ব লাগিব মূলতঃ তেওঁলোকৰ খৰচ পূৰণৰ বাবে আৰ্থিক সহায়ৰ অভাৱ। 
 
ভাৰোত্তোলক মিৰাবাঈ চানু
 
"প্ৰতিভাৱান খেলুৱৈৰ বাবে ভাৰত চৰকাৰৰ নিৰ্ধাৰিত আঁচনি আছে, কিন্তু সেইবোৰ কেৱল কৃতিত্ব লাভ কৰাসকলৰ বাবেহে আৰু তেওঁলোকক যেতিয়া অধিক সমৰ্থনৰ প্ৰয়োজন নহয়, তেতিয়াহে সুবিধা আগবঢ়োৱা হয়। টাৰ্গেট অলিম্পিক প’ডিয়াম আঁচনি (TOPS) বা খেলো ইণ্ডিয়া চেণ্টাৰ অৱ এক্সেলেন্সৰ সুবিধাসমূহৰ দৰে বৰ্তমানৰ আঁচনিসমূহৰ সুবিধা লাভ কৰিবলৈ তেওঁলোকক পৰৱৰ্তী পৰ্যায়লৈ লৈ যাব পৰাকৈ প্ৰতিভাক স্কাউটিং আৰু লালন-পালনৰ প্ৰতি পৰ্যাপ্ত চৰকাৰী সমৰ্থন নাই। মণিপুৰ আৰু অৰুণাচল প্ৰদেশ চৰকাৰ, অৱশ্যে, ইয়াৰ ব্যতিক্ৰম, আৰু সেইবাবেই তেওঁলোকে ধাৰাবাহিকভাৱে খেলটোত ভাল প্ৰদৰ্শন কৰি আহিছে। মোৰ মতে ইয়াৰ প্ৰধান কাৰণ হ’ল ৰাজ্য চৰকাৰসমূহৰ ফালৰ পৰা ক্ৰীড়া আৰু ক্ৰীড়াবিদসকলৰ প্ৰচাৰৰ ক্ষেত্ৰত কৰ্পৰেট খণ্ডৰ অংশগ্ৰহণক উৎসাহিত কৰাৰ বাবে নীতিগত পদক্ষেপৰ অভাৱ," গোস্বামীয়ে কয়।
বাৰ্মিংহামত চলি থকা কমনৱেলথ গেমছত মিৰাবাঈ চানু, জেৰেমী লালৰিন্নুংগা বা বিন্দ্যাৰাণী দেৱীৰ দৰে ভাৰোত্তোলকসকলৰ কৃতিত্বৰ বাবে TOP আঁচনিক কৃতিত্ব দিব পৰা যাই নেকি বুলি সোধাত গোস্বামীয়ে কয় যে, “স্বাভাৱিকতে তেওঁলোকে এই অভিলাষী আঁচনিৰ সুফল লাভ কৰি আছে, ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ। কিন্তু, সেইটো হৈছে কৃতিত্বপ্ৰাপ্তসকলৰ বাবে নিৰ্ধাৰিত আঁচনি। ই তেওঁলোকৰ দক্ষতা বজাই ৰখাত সহায় কৰে আৰু তেওঁলোকৰ দক্ষতা আৰু অধিক উন্নত কৰে। কিন্তু, ট'পছৰ সুবিধাৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ তৃণমূল পৰ্যায়ৰ পৰা প্ৰতিভাক লালন-পালন কৰাৰ আঁচনি ক’ত? কেন্দ্ৰৰ ট’পছৰ দৰেই প্ৰতিখন ৰাজ্য চৰকাৰেও কৰ্পৰেটসমূহক জড়িত কৰি পদক্ষেপ গ্ৰহণ কৰি তৃণমূল পৰ্যায়ৰ প্ৰতিভাক কৃতিত্ব প্ৰদানকাৰী হিচাপে গঢ়ি তুলিবলৈ একেধৰণৰ আঁচনি প্ৰৱৰ্তন কৰিব লাগে, যাতে ট’পছৰ সুবিধা লাভ কৰিব পাৰে আৰু দেশৰ বাবে লাভৱান হয়। মই নিশ্চিত, এনে পদক্ষেপেহে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰখনত ভাৰতৰ পদকৰ সংখ্যা বৃদ্ধিত সহায় কৰিব পাৰিব।”
পূৰ্বৰ কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উদ্যোগ আৰু ভাৰতৰ ক্ৰীড়া প্ৰাধিকৰণে কাৰ্যকৰী কৰা ট'পছ আঁচনিৰ লক্ষ্য হৈছে প্ৰতিভাৱান ক্ৰীড়াবিদৰ মাজৰ পৰা অলিম্পিক পদক বিজয়ী খেলুৱৈ সৃষ্টি কৰা। এই আঁচনিৰ অধীনত খেলুৱৈসকলক চৰকাৰী খৰচত সকলো ধৰণৰ আৰ্থিক আৰু থকা-খোৱাৰ সুবিধা আগবঢ়োৱা হয়। সা-সঁজুলি, বিশেষ প্ৰশিক্ষক, বৃত্তি, বহিঃৰাষ্ট্ৰত প্ৰশিক্ষণ আদি সুবিধাসমূহ খেলুৱৈসকললৈ আগবঢ়োৱা কৰা হয়। “ট'পছৰ অধীনত থকা খেলুৱৈসকলক সকলো সুবিধা দিয়া হয়। তেওঁলোকে মাত্ৰ নিজৰ দক্ষতাক নিখুঁত কৰাৰ দিশত উৎসৰ্গিত হোৱাটো প্ৰয়োজন। তেওঁলোকে আন একো চিন্তা কৰিব নালাগে," ছাইৰ প্ৰাক্তন আঞ্চলিক সঞ্চালক সুভাষ বসুমতাৰীয়ে কয়। তেওঁ হ’ল এই আঁচনিখন প্ৰণয়ন কৰা ছাইৰ দলটোৰ অন্যতম অংশ। 
 
 ভাৰোত্তোলক সিদ্ধান্ত গগৈ
 
বসুমতাৰীয়েও ভাৰোত্তোলনকাৰীসকলৰ সফলতাৰ কাৰণে ট'পছ আঁচনিক কৃতিত্ব দিয়ে। “এই আঁচনিৰ অধীনত ভাৰত চৰকাৰে প্ৰতিজন খেলুৱৈৰ বাবে কোটি কোটি টকা ব্যয় কৰি আহিছে। উন্নত প্ৰশিক্ষণৰ বাবে মিৰাবাঈ চানুৰ দৰে খেলুৱৈক আমেৰিকালৈ প্ৰেৰণ কৰা হৈছিল। এই প্ৰচেষ্টাৰ ফলত অলিম্পিকৰ লগতে কমনৱেলথ গেমছতো ভাৰতে পদক পাবলৈ আৰম্ভ কৰিছে। মই নিশ্চিত, বাৰ্মিংহামত ট'পছ আঁচনিৰ আৰু কিছু সংখ্যক খেলুৱৈয়ে পদক লাভ কৰিব পাৰিব।"
গোস্বামী আৰু অন্যান্য ক্ৰীড়া সংগঠকসকলে তৃণমূল পৰ্যায়ত ৰাজ্য পৰ্যায়ত পৰ্যাপ্ত অনুৰূপ সমৰ্থন নাই বুলি কোৱাৰ বিষয়ে বসুমতাৰীয়ে কয় যে, “তৃণমূল পৰ্যায়ত খেলো ইণ্ডিয়া আঁচনি আছে, যিখন তৃণমূল পৰ্যায়ৰ বাবে নিৰ্ধাৰিত। কিন্তু সমন্বয়ৰ অভাৱত ৰাজ্যসমূহে ইয়াৰ সুফল লাভ কৰিব পৰা নাই৷ খেলো ইণ্ডিয়া আঁচনিৰ সুবিধাসমূহ তৃণমূল পৰ্যায়লৈ সম্প্ৰসাৰণৰ বাবে ৰাজ্য চৰকাৰসমূহে উদ্যোগ লোৱা উচিত।”
আঁচনিখনৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি তেওঁ কয় যে খেলো ইণ্ডিয়াৰ অধীনত ক্ৰীড়া একাডেমীসমূহক স্বীকৃতি প্ৰদানৰ ব্যৱস্থা আছে, যাৰ অধীনত একাডেমীসমূহে সকলো ধৰণৰ বিত্তীয়, প্ৰশিক্ষণ মডিউল, প্ৰশিক্ষক, উন্নত প্ৰশিক্ষণ আৰু অন্যান্য সুবিধা লাভ কৰে। “একাডেমীসমূহ প্ৰামাণিক আৰু নিজ নিজ ৰাজ্য চৰকাৰৰ দ্বাৰা এম্পেনেল হ’ব লাগিব। উদাহৰণস্বৰূপে, মণিপুৰৰ এম চি মেৰী কম আৰু এল সৰিতা দেৱীৰ বক্সিং একাডেমীয়ে এই আঁচনিৰ সুবিধা লাভ কৰি আহিছে।"
 
ভাৰোত্তোল বিন্দ্যাৰাণী দেৱী
 
তেওঁ লগতে কয় যে খেলো ইণ্ডিয়াৰ অধীনত ৰাজ্যিক পৰ্যায়ৰ আৰু জিলা পৰ্যায়ৰ চেণ্টাৰ অৱ এক্সিলেন্সৰ ব্যৱস্থা আছে। "ছাইৰ পৰা অৱসৰৰ পূৰ্বে মই ব্যক্তিগত উদ্যোগ লৈ অসম চৰকাৰৰ সৈতে প্ৰায় ৪৫ খন একাডেমী আৰু জিলা খেলো ইণ্ডিয়া কেন্দ্ৰক এম্পেনেল কৰাবলৈ লৈছিলোঁ। কিন্তু অৱসৰৰ পিছত তৃণমূল পৰ্যায়ৰ ক্ৰীড়াবিদসকলৰ সুবিধাৰ্থে এই পদক্ষেপক পৰৱৰ্তী পৰ্যায়লৈ লৈ যোৱাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছিল নে নাই সেয়া নিশ্চিত নহয়। শেহতীয়াকৈ মই গম পাইছো যে গুৱাহাটীত ভাৰোত্তোলন আৰু বক্সিঙৰ বাবে আহি আছে খেলো ইণ্ডিয়া চেণ্টাৰ অৱ এক্সিলেন্স। কিন্তু, কিছুমান বাধাৰ বাবে দক্ষ প্ৰশিক্ষক উপলব্ধ হ’ব নে নহয়, সেইটো মই নিশ্চিত নহয়," বসুমতাৰীয়ে কয়।
 
ভাৰোত্তোলক ৰেণুবালা চানু
 
তেওঁ লগতে প্ৰাক্তন ক্ৰীড়াবিদসকলক একাডেমী স্থাপন কৰি অঞ্চলটোৰ প্ৰতিভাৱান ক্ৰীড়াবিদসকলৰ স্বাৰ্থত খেলো ইণ্ডিয়াৰ অধীনত লাভ কৰা সুবিধাসমূহ লাভ কৰিবলৈ আহ্বান জনায়। “কোনোবাই বক্সাৰ সৰিতা দেৱীয়ে দিয়া আদৰ্শ অনুকৰণ কৰিব পাৰে, যিয়ে বঁটা হিচাপে লাভ কৰা নিজৰ সকলো ধন ব্যয় কৰি ইম্ফলত এডোখৰ মাটি ক্ৰয় কৰি বক্সিং একাডেমী স্থাপন কৰিছিল। এই একাডেমীয়ে এতিয়া পূৰ্ণাংগ ৰূপ লাভ কৰিছে আৰু চৰকাৰী সুবিধা লাভ কৰিছে।"