ফিনলেণ্ডত স্বৰ্ণ জয় নীৰজ চোপ্ৰাৰ

Story by  atv | Posted by  [email protected] • 1 Years ago
ফিনলেণ্ডত স্বৰ্ণ জয় নীৰজ চোপ্ৰাৰ
ফিনলেণ্ডত স্বৰ্ণ জয় নীৰজ চোপ্ৰাৰ

কুৰটেন (ফিনলেণ্ড)

টকিঅ' অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী ভাৰতৰ তাৰকা ডিছকাছ থ্ৰ’ৱাৰ নীৰজ চোপ্ৰা ফিনলেণ্ডত উজলি উঠিছে। শনিবাৰে তেওঁ আন এক চমকপ্ৰদ প্ৰদৰ্শনেৰে কুৰটেন গেমছত স্বৰ্ণ পদক অৰ্জন কৰে।

ফিনলেণ্ডত অনুষ্ঠিত প্ৰতিযোগিতাখনত নীৰজে ৮৬.৬৯ মিটাৰ দূৰত্বলৈ ডিছকাছ থ্ৰ’কৰি দেশলৈ সুসংবাদ কঢ়িয়াই আনে। বৰ্ষাসিক্ত পৰিৱেশৰ জটিলতা নেওচি তেওঁ কুৰটেন গেমছত সোণৰ পদক লাভ কৰে। ভাৰতৰ সন্দীপ চৌধুৰী ৬০.৩৫ মিটাৰ থ্ৰ’ৰে অষ্টম স্থানত থাকে।  

চলিত মাহৰ আৰম্ভণিতে ফিনলেণ্ডত অনুষ্ঠিত পাভো নুৰ্মী গেমছত নীৰজে ৰূপৰ পদক লাভ কৰাৰ লগতে ৮৯.৩০ মিটাৰ থ্ৰ’ৰে নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল। অহা ৩০ জুনত অনুষ্ঠিত হ’বলগীয়া ডাইমণ্ড লীগৰ ষ্টকহ’ম লেগত ভাৰতৰ গোল্ডেন বয় নীৰজ চোপ্ৰাক দেখিবলৈ পোৱা যাব।