মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত নিতু আৰু ছাৱীটিয়ে ঐতিহাসিক সোণৰ পদক জয় কৰে

Story by  atv | Posted by   Imtiaz Ahmed • 1 Years ago
ছাৱীটি বোৰা আৰু নিতু ঘাংঘাছ (সোঁফালে) পদক বিতৰণ অনুষ্ঠানৰ সময়ত
ছাৱীটি বোৰা আৰু নিতু ঘাংঘাছ (সোঁফালে) পদক বিতৰণ অনুষ্ঠানৰ সময়ত
নতুন দিল্লী

ইতিহাস লিপিবদ্ধ কৰি, শনিবাৰে নতুন দিল্লীৰ ইন্দিৰা গান্ধী ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত আই বি এ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত বিপৰীতমুখী জয়লাভ কৰি প্ৰথমবাৰৰ বাবে বিশ্ব চেম্পিয়ন হ'ল ভাৰতীয় বক্সাৰ নিতু ঘাংঘাছ আৰু ছাৱীটি বোৰা।

২০২২ চনৰ কমনৱেলথ গেমছৰ স্বৰ্ণ পদক বিজয়ী নিতুৱে (৪৮ কেজি) মংগোলিয়াৰ লুটছাইখান আলটানচেচেগক ৫:০ ত পৰাস্ত কৰি প্ৰথমটো বিশ্ব চেম্পিয়নশ্বিপৰ খিতাপ লাভ কৰাৰ বিপৰীতে তিনিবাৰৰ এছিয়ান পদক বিজয়ী ছাৱীটীয়ে (৮১ কেজি) পুনৰীক্ষণত ৪-৩ পইণ্ট লাভ কৰি কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হৈছিল চীনৰ ৱাং লিনাৰ বিৰুদ্ধে বিশ্বৰ দ্বিতীয়টো পদক লাভ কৰে।

নিজৰ ফৰ্ম বজাই ৰাখি নিতুৱে ওচৰৰ পৰা আক্ৰমণাত্মক আধিপত্য আৰু স্মাৰ্ট মুভমেণ্ট ব্যৱহাৰ কৰি দুবাৰৰ এছিয়ান ব্ৰঞ্জৰ পদক বিজয়ী লুটছাইখানক সহজে পৰাজিত কৰিছিল। ভিৱানীৰ ২২ বছৰীয়া বক্সাৰগৰাকীয়ে মংগোলীয় খেলুৱৈগৰাকীৰ বিৰুদ্ধে শক্তিশালীভাৱে আৰম্ভ কৰিছিল আৰু অদম্য আক্ৰমণ আৰু দৃঢ় প্ৰতিৰক্ষাৰ এক উজ্জ্বল সংমিশ্ৰণ প্ৰদৰ্শন কৰি সৰ্বসন্মত সিদ্ধান্তৰে জয় কৰিছিল।

"সোনৰ পদক লাভ কৰাৰ পিছত মই অতি সুখী। যোৱা বছৰ  মই অলপতে সোণ হেৰুৱাইছিলো গতিকে আমি ভুলবোৰৰ ওপৰত কাম কৰিছিলোঁ আৰু এইবাৰ ঘৰুৱা সমৰ্থনৰ সন্মুখত জিকিলোঁ। কালি মোৰ প্ৰশিক্ষকৰ সৈতে আলোচনা কৰি মই আজি প্ৰথম ৰাউণ্ডৰ পৰাই আক্ৰমণাত্মক হোৱাৰ সিদ্ধান্ত লৈছিলোঁ যাতে মোৰ পক্ষত স্ক’ৰ পোৱা যায়। মই বহু বছৰ ধৰি কঠোৰ পৰিশ্ৰম কৰি আহিছো আৰু এই পদকটো মোৰ বাবে বহুত গুৰুত্বপূৰ্ণ।" - এইদৰে কয় নিতুৱে।

দ্বিতীয়খন বিশ্ব চেম্পিয়নশ্বিপৰ ফাইনেলত অংশগ্ৰহণ কৰি ২০১৮ চনৰ বিশ্ব চেম্পিয়ন ৱাং লিনাৰ বিৰুদ্ধে কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল ছাৱীটীৰ। কিন্তু ভাৰতীয়গৰাকীয়ে সমগ্ৰ যুঁজখনত নিজৰ উচ্চ কাৰিকৰী ক্ষমতা আৰু শক্তিৰ ব্যৱহাৰ কৰি ঘনিষ্ঠ প্ৰতিদ্বন্দ্বিতামূলক যুঁজখনত প্ৰতিদ্বন্দ্বীক আকৰ্ষণীয়ভাৱে পৰাস্ত কৰে।

"বিশ্ব চেম্পিয়ন হোৱাৰ সপোন পূৰণ কৰাৰ পিছত মই ৰোমাঞ্চিত হৈছো। বাউটটো ভালদৰেই হৈছিল আৰু মই আমাৰ পৰিকল্পনা নিখুঁতভাৱে কাৰ্যকৰী কৰিবলৈ সক্ষম হৈছিলো। বাউটবোৰ আগবাঢ়ি যোৱাৰ লগে লগে টুৰ্ণামেণ্টখনত মোৰ প্ৰদৰ্শন ভাল হৈ আহিল আৰু মোৰ শৰীৰেও ভাল সঁহাৰি দিলে। অনুৰাগীসকলক তেওঁলোকৰ অহৰহ মৰম আৰু সমৰ্থনৰ বাবে ধন্যবাদ জনাইছো।" - বাউটৰ পিছত এইদৰে কয় ছাৱীটিয়ে।

দুয়োগৰাকী বক্সাৰকে বিশ্ব চেম্পিয়ন হিচাপে মুকুট পিন্ধাৰ বাবে ₹৮২.৭ লাখ ($১ লাখ)কৈ পুৰস্কাৰৰে সন্মানিত কৰা হয়।

নিতু আৰু সাৱীতীৰ ঐতিহাসিক জয়ৰ পিছত দেওবাৰেও ভাৰতৰ আৰু দুটা সোণৰ পদকৰ বাবে অভিযান অব্যাহত থাকিব। বর্তমানৰ বিশ্ব চেম্পিয়ন নিখাত জৰীণ আৰু টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী লাভলিনা বৰগোহাঁয়ে নিজ নিজ ফাইনেলৰ বাবে ৰিঙত নামিব৷

বিশ্ব চেম্পিয়নশ্বিপত বেক টু বেক স্বৰ্ণ পদক লাভৰ বাবে নিখাটে (৫০ কেজি) দুবাৰৰ এছিয়ান চেম্পিয়ন ভিয়েটনামৰ নুয়েন থি টামৰ বিৰুদ্ধে খেলিব আৰু লভলিনা (৭৫ কেজি)ৰ বিৰুদ্ধে কমনৱেলথ গেমছৰ দুবাৰৰ পদক বিজয়ী অষ্ট্ৰেলিয়াৰ কেটলিন পাৰ্কাৰে খেলিব।