আইপিএলত বিতৰ্কক লৈ অসম সন্তান ৰিয়ান পৰাগৰ প্ৰতিক্ৰিয়া

Story by  atv | Posted by  [email protected] • 1 Years ago
আইপিএলত ৰিয়ান পৰাগৰ আচৰণক লৈ পুনৰ বিতৰ্ক
আইপিএলত ৰিয়ান পৰাগৰ আচৰণক লৈ পুনৰ বিতৰ্ক

মুম্বাই

আইপিএলত ৰাজস্থান ৰয়েলছৰ উদীয়মান বেটছমেন ৰিয়ান পৰাগৰ অদ্ভুত আচৰণক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ অন্ত পৰা নাই। শেহতীয়াকৈ লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে দেওবাৰে নিশা অনুষ্ঠিত মেচখনত অসমৰ ক্ৰিকেটাৰগৰাকীয়ে কেচ ধৰাৰ পিছত বলটো মাটিত পেলাই দিয়াৰ ভাও জুৰি আম্পায়াৰক তাচ্ছিল্য কৰাৰ কাৰ্যই প্ৰাক্তন ক্ৰিকেটাৰৰ লগতে অনুৰাগীক ক্ষুব্ধ কৰাৰ সময়তে ৰিয়ানে এই বিতৰ্কক লৈ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

খেলপথাৰৰ ভিতৰত প্ৰদৰ্শন কৰা আচৰণৰ বাবে ছ’চিয়েল মিডিয়াত তীব্ৰ সমালোচনাৰ সন্মুখীন হোৱাৰ পিছত অসমৰ প্ৰতিভাৱান ক্ৰিকেটাৰগৰাকীয়ে সোমবাৰে নিশা টুইটাৰত লিখিছে যে তেওঁৰ দৰে ২০ বছৰীয়া ল’ৰা এজনে এইধৰণৰ সমালোচনাক কেতিয়াও পাত্তা নিদিয়ে, জীৱনত আহিবলগীয়া আৰু বহু ক্ষণ আছে, ইয়াক উপভোগ কৰা উচিত।

উল্লেখ্য যে, ৰিয়ানক সমালোচনা কৰি অষ্ট্ৰেলিয়াৰ প্ৰাক্তন বেটছমেন মেথিউ হেডেনে ধাৰাভাষ্যকাৰৰ বক্সৰ পৰা পোনপটীয়া সম্প্ৰচাৰত এইদৰে কৈছিল, "ডেকা ল’ৰা, মই তোমাৰ বাবে এটা পৰামৰ্শ আগবঢ়াইছো-ক্ৰিকেট অতি দীঘলীয়া খেল আৰু আমাৰ সকলোৰে স্মৃতি বহুত দীঘল। কেতিয়াও ভাগ্যক প্ৰলোভিত নকৰিবা, কাৰণ ই সোনকালে ঘূৰি আহে।"

 

মনকৰিবলগীয়া যে, ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ৰাজস্থান ৰয়েলছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ মাজত অনুষ্ঠিত হোৱা খেলখনৰ সময়ত মাৰ্কাছ ষ্ট’ইনিছৰ কেচ আয়ত্ত্ব কৰাৰ সময়ত পৰাগে বলটো মাটিৰ ওচৰলৈ লৈ যোৱাৰ অভিনয় কৰি অখেলুৱৈসুলভ আচৰণ দাঙি ধৰা বুলি অনুৰাগীয়ে টুইটাৰত কটু মন্তব্য আগবঢ়াইছে।

ইয়াৰ পূৰ্বে তেওঁ আয়ত্ব কৰিবলৈ চেষ্টা কৰা এটা কেচ আম্পায়াৰে আউট নহয় বুলি বাতিল কৰাৰ কিছু সময় পিছতে অসমৰ ক্ৰিকেটাগৰাকীয়ে আম্পায়াৰক ইতিকিং কৰিবলৈ খেলপথাৰত এই অভিনয় কৰে।

ইয়াৰ পূৰ্বে তেওঁ আৰচিবিৰ তাৰকা বিৰাট কোহলীৰ কেচ আয়ত্ত্ব কৰি ব্যতিক্ৰমী শৈলীত আনন্দ উদযাপন কৰাৰ বাবেও ছ’চিয়েল মিডিয়াত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল। একেখন মেচতে ৰিয়ান পৰাগে আৰচিবিৰ বেগী বলাৰ হৰ্ষল পেটেলৰ সৈতেও কাজিয়াত লিপ্ত হৈছিল।