ভাৰতৰ হাতত বিধ্বস্ত পাকিস্তান; কহলি, কে এলৰ শতক

Story by  atv | Posted by  [email protected] • 1 Years ago
ভাৰতৰ হাতত বিধ্বস্ত পাকিস্তান; কহলি, কে এলৰ শতক
ভাৰতৰ হাতত বিধ্বস্ত পাকিস্তান; কহলি, কে এলৰ শতক
 
নতুন দিল্লী
 
বিৰাট কহলী আৰু কে এল ৰাহুলৰ বিস্ফোৰক শতকীয় ইনিংছ আৰু কুলদীপ যাদৱৰ দৰ্শনীয় বলিঙত বিধ্বস্ত পাকিস্তান। ভাৰতৰ হাতত পাকিস্তানে ২২৮ ৰানত পৰাজয়বৰণ কৰিবলগীয়া হয়।
 
 
প্ৰতিদ্বন্দ্বী পাকিস্তানক ২২৮ ৰানত পৰাস্ত কৰি এছিয়া কাপ ছুপাৰ ৪ ৰাউণ্ডত প্ৰৱেশ কৰে ভাৰতে। ২৫ ৰানৰ বিনিময়ত ৫ টা উইকেট দখল কৰা কুলদীপ যাদৱে খেলত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে। বুমৰাহ, পাণ্ডিয়া আৰু ছাৰদুলে লাভ কৰে ১টাকৈ উইকেট। ভাৰতৰ এই জয় এদিনীয়া ক্ৰিকেটৰ ইতিহাসত অন্যতম বুলি গণ্য কৰা হৈছে।
 
কহলিয়ে ৯৪ বলত ১২২, কে এল ৰাহুলে ১০৬ বলত ১১১, শুভমন গিলে ৫২ বলত ৫৮, ৰোহিত শৰ্মাই ৪৯ বলত ৫৬ ৰান কৰে।
 
ভাৰতে নিৰ্ধাৰণ কৰি দিয়া ৩৫৭ ৰানৰ লক্ষ্য লৈ পাকিস্তান দলে ৩২ অভাৰত ৮ উইকেটত ১২৮ ৰান সংগ্ৰহ কৰে। ভাৰতীয় বলাৰসকলে আৰম্ভণিৰে পৰা পাকিস্তানী বেটছমেনৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল, যি শেষলৈকে চলিছিল। ফলত পাকিস্তানৰ দলটোৱে ঘনাই উইকেট হেৰুৱায়। অ’পেনাৰ ফখৰ জামানে ২৭ ৰান সংগ্ৰহ কৰি আউট হোৱাৰ বিপৰীতে আঘা ছলমানে ২৩ ৰান সংগ্ৰহ কৰি আউট হয়। অধিনায়ক বাবৰ আজম (১০) আউট হয় হাৰ্দিক পাণ্ডিয়াৰ বলত। ইয়াৰ পিছতে আশা ক্ষীণ হৈ আহে পাকিস্তানৰ। ইমাম উল হক ৯ ৰান আৰু মহম্মদ ৰিজৱানে ২ ৰান সংগ্ৰহ কৰি আউট হোৱাৰ লগতে ছাদাব খাই ৬ ৰানৰ বৰঙণি আগবঢ়ায়।