হাইভ’ল্টেজ মেচত ভাৰতত হাতত পৰাস্ত পাকিস্তান

Story by  atv | Posted by  [email protected] • 1 Months ago
হাইভ’ল্টেজ মেচত ভাৰতত হাতত পৰাস্ত পাকিস্তান
হাইভ’ল্টেজ মেচত ভাৰতত হাতত পৰাস্ত পাকিস্তান
 
নতুন দিল্লী
 
দেওবাৰে টি-২০ বিশ্বকাপৰ পাকিস্তানৰ বিৰুদ্ধে মেচত ভাৰতৰ জয়। এই মেচখন পাকিস্তানৰ বাবে আছিল অতি গুৰুত্বপূৰ্ণ। ভাৰতৰ বিৰুদ্ধে হাৰিলে ছুপাৰ এইটত স্থান লাভ কৰা কঠিন হ’ব। কাৰণ ইতিমধ্যে প্ৰথম মেচত আমেৰিকাৰ বিৰুদ্ধে পৰাস্ত হৈছে বাবৰ আজম বাহিনী।
 
পুনৰ বিশ্বকাপত পাকিস্তানক পৰাস্ত কৰিলে টীম ইণ্ডিয়াই। মাত্ৰ ১১৯ ৰানৰ লক্ষ্য স্পৰ্শ কৰিব নোৱাৰিলে পাকিস্তানে। পাকিস্তানৰ ২ গৰাকী বেগী বলাৰক লৈ চিন্তা আছিল ভাৰতৰ। শাহিন আফ্ৰিদি আৰু মহম্মদ আমিৰ। তেওঁলোক দুয়োজনেই এই মেচত সুন্দৰ প্ৰদৰ্শন কৰে।
 
খেলখনত বিৰাট কোহলীৰ বেটৰ পৰা ৰান নাহিল। পন্তে ৩১ বলত ৪২ ৰান, অক্ষৰ পেটেলে ১৮ বলত ২০ ৰান। এই দুজনৰ বাদে ভাৰতৰ বাকী খেলুৱৈৰ ৰান সন্তোষজনক নহয়। শেষত ভাৰতীয় দলে ১১৯ ৰান সংগ্ৰহ কৰে। অৰ্থাৎ পাকিস্তানৰ পেছাৰৰ বাবে ভাৰতীয় বেটিং লাইন ২০ অভাৰো বেটিং কৰিব নোৱাৰিলে।
 
নাছিম শ্বাহ আৰু হাৰিছ ৰৌভে তিনিটাকৈ উইকেট দখল কৰে। আমিৰে লয় দুটা উইকেট। শাহিনে এটা উইকেট লাভ কৰে। সেয়া ৰোহিত শৰ্মাৰ।
 
পাকিস্তানৰ বেটিঙৰ আৰম্ভণি ভালেই আছিল। মহম্মদ ৰিজৱানে কৰে ৩১ ৰান। কিন্তু বাকী বেটছমেনসকল বুমৰাহ, চিৰাজৰ সন্মুখত টিকিব নোৱাৰিলে। বুমৰাহ আৰু পাণ্ডিয়াই তিনিটাকৈ উইকেট দখল কৰে। পাকিস্তানে ৭ উইকেটত সংগ্ৰহ কৰে ১১৩ ৰান।
 
উল্লেখযোগ্য যে এই বিশ্বকাপৰ উইকেটৰ স্থিতিকলৈ বুজিব পাৰি যে ভাল বলাৰ থকা দলৰ বাবে এইবাৰৰ বিশ্বকাপ সহজ হ'ব। বেটছমেনৰ আধিপত্য নাই বুলিবই পাৰি।