মালদ্বীপত স্বৰ্ণজয় অসমৰ পেডলাৰ প্ৰিয়ানুজ ভট্টাচাৰ্যৰ

Story by  atv | Posted by  [email protected] • 1 Years ago
স্বৰ্ণ পদকৰ সৈতে প্ৰিয়ানুজ ভট্টাচাৰ্য
স্বৰ্ণ পদকৰ সৈতে প্ৰিয়ানুজ ভট্টাচাৰ্য

গুৱাহাটী

সুদূৰ মালদ্বীপৰ পৰা অসমলৈ সু-সংবাদ কঢ়িয়াই আনিছে ৰাজ্যৰ প্ৰতিভাৱান পেডলাৰ প্ৰিয়ানুজ ভট্টাচাৰ্যই। মালদ্বীপত অনুষ্ঠিত দক্ষিণ এছিয়ান কেডেট আৰু জুনিয়ৰ টেবুল টেনিছ চেম্পিয়নশ্বিপত তেওঁ স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। প্ৰতিভাৱান পেডলাৰগৰাকীয়ে প্ৰতিযোগিতাখনৰ ১৫ বছৰ অনুৰ্ধ শাখাৰ টীম ইভেণ্টত এই চমকপ্ৰদ সাফল্য লাভ কৰে।

দেশৰ হৈ সোণৰ পদক অৰ্জনৰ পথত প্ৰিয়ানুজে পাকিস্তান, নেপাল আৰু বাংলাদেশৰ দৰে দেশক পৰাস্ত কৰিবলৈ সক্ষম হয়। মনকৰিবলগীয়া যে, যোৱা মাহত অসমৰ উদীয়মান পেডলাৰগৰাকীয়ে অষ্ট্ৰিয়াত অনুষ্ঠিত বিশ্ব যুৱ ক’ণ্টেণ্ডাৰ(World Youth Contender) প্ৰতিযোগিতাত দেশক প্ৰতিনিধিত্ব কৰিছিল।

মালদ্বীপত স্বৰ্ণজয়েৰে অসমলৈ গৌৰৱ কঢ়িয়াই অনা প্ৰিয়ানুজক অসম টেবুল টেনিছ সন্থাৰ সভাপতি পিয়ুষ হাজৰিকা, সম্পাদক ত্ৰিদীপ দুৱৰা আৰু সন্থাৰ সকলো কাৰ্যবাহী সদস্যই অভিনন্দন জনাইছে। প্ৰিয়ানুজৰ এই প্ৰদৰ্শনে ৰাজ্যৰ উঠি অহা খেলুৱৈ সকলক অনুপ্ৰাণিত কৰিব বুলি তেওঁলোকে আশা প্ৰকাশ কৰিছে।



শেহতীয়া খবৰ