নতুন চুক্তিত স্বাক্ষৰ, টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হৈ থাকিব ৰাহুল দ্ৰাবিড়

Story by  atv | Posted by  [email protected] • 7 Months ago
নতুন চুক্তিত স্বাক্ষৰ, টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হৈ থাকিব ৰাহুল দ্ৰাবিড়
নতুন চুক্তিত স্বাক্ষৰ, টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হৈ থাকিব ৰাহুল দ্ৰাবিড়
 
নতুন দিল্লী

ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় আৰু অন্যান্য ছাপৰ্ট ষ্টাফৰ সদস্যসকলৰ চুক্তিৰ ম্যাদ বৃদ্ধি কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে। আইচিচি বিশ্বকাপ ২০২৩ৰ অন্ত পৰাৰ পিছতে প্ৰশিক্ষক দ্ৰাবিড়ৰ ২ বছৰীয়া চুক্তি সমাপ্ত হয় যদিও বৰ্ডে তেওঁৰ সৈতে চুক্তি বৃদ্ধি কৰাৰ সিদ্ধান্ত লয়। 
 
দ্যা ৱাল নামেৰে বিখ্যাত ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ বিভিন্ন ফ্ৰেঞ্চাইজিৰ পৰা একাধিক অফাৰ লাভ কৰিছে বুলি জানিব পৰা গৈছে যদিও তেওঁ টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হিচাপে নিজৰ কাৰ্যকাল অব্যাহত ৰখাৰ সিদ্ধান্ত লয়। চুক্তি নবীকৰণৰ পিছত তেওঁৰ প্ৰথম এচাইনমেণ্ট হ’ব দক্ষিণ আফ্ৰিকা ভ্ৰমণ।
 
বিচিচিআইয়ে এক বিবৃতিত কয়, "ব'ৰ্ড অৱ কণ্ট্ৰ'ল ফৰ ক্ৰিকেট ইন ইণ্ডিয়া (বিচিচিআই)য়ে টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় আৰু ছাপ'ৰ্ট ষ্টাফৰ চুক্তি বৃদ্ধিৰ কথা ঘোষণা কৰিছে। বিচিচিআইয়ে শেহতীয়াকৈ সমাপ্ত হোৱা আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ পিছত ৰাহুল দ্ৰাবিড়ৰ সৈতে এক গঠনমূলক আলোচনাত মিলিত হয় আৰু তেওঁ সৰ্বসন্মতিক্ৰমে কাৰ্যকাল আগুৱাই নিবলৈ সন্মত হয়।"
ভাৰতীয় দলটোক গঢ় দিয়াত দ্ৰাবিড়ৰ গুৰুত্বপূৰ্ণ ভূমিকাক ব’ৰ্ডে স্বীকাৰ কৰে আৰু তেওঁৰ ব্যতিক্ৰমী পেছাদাৰিত্বকো প্ৰশংসা কৰে।
 
ইফালে, এনচিএৰ মুৰব্বী আৰু টীম ইণ্ডিয়াৰ ভাৰপ্ৰাপ্ত মুখ্য প্ৰশিক্ষক হিচাপে মূল্যৱান ভূমিকা গ্ৰহণ কৰা ভিভিএছ লক্ষ্মণৰো ব’ৰ্ডে শলাগ লৈছে। খেলপথাৰত যিদৰে দ্ৰাবিড় আৰু লক্ষ্মণে দীঘলীয়া পাৰ্টনাৰশ্বিপৰ গঢ়ি ভাৰতীয় ক্ৰিকেটক বহু স্মৰণীয় জয়ৰ সোৱাদ দিছিল, ঠিক সেইদৰে এতিয়াও তেওঁলোকে ঐক্যবদ্ধভাৱে ভাৰতীয় ক্ৰিকেটক আগুৱাই নিয়াৰ ক্ষেত্ৰত ঘনিষ্ঠভাৱে কাম কৰিছে।