বিজয় হাজাৰে ট্ৰফীঃ ৰিয়ান পৰাগৰ অবিশ্বাস্য বেটিঙেৰে ছেমিত অসম

Story by  atv | Posted by  [email protected] • 1 Years ago
আই পি এলত ৰিয়ান পৰাগৰ বেটিং (ফাইল ফটো)
আই পি এলত ৰিয়ান পৰাগৰ বেটিং (ফাইল ফটো)
গুৱাহাটী

অসমৰ প্ৰচুৰ সম্ভাৱনাময় ক্ৰিকেটাৰ ৰিয়ান পৰাগ দেশৰ ঘৰুৱা ক্ৰিকেট প্ৰতিযোগিতাত উজলি উঠিছে।  ৰাজস্থান ৰয়েলছৰ হৈ যোৱা ৫ বছৰ ধৰি আই পি এল খেলি থকা তাৰকা অলৰাউণ্ডাৰজনে আজি বিজয় হাজাৰে ট্ৰফী এদিনীয়া ক্ৰিকেট প্ৰতিযোগিতাত ধুমুহা গতিৰে বেটিঙেৰে দেশৰ ক্ৰিকেট মহলত খলকনি তোলে।
 
জম্মু আৰু কাশ্মীৰৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত মেচখনত অসমে জয়ৰ বাবে লাভ কৰিছিল ৩৫১ ৰানৰ পাহাৰসম লক্ষ্য। অসম্ভৱ যেন লগা এই লক্ষ্যৰ পিছ লৈ অসমে মাত্ৰ ৪৫ ৰানৰ ভিতৰতে হেৰুৱাইছিল অপেনাৰ ৰাহুল হাজৰিকা(৮) আৰু কুনাল শইকীয়া(২৩)ৰ উইকেট। তেনে এক জটিল পৰিস্থিতিত ক্ৰিজলৈ আহি ৰিয়ানে অভিজ্ঞ বেটছমেন ঋষভ দাস(১১৪ ৰান অপৰাজিত)ক সংগী কৰি লৈ জম্মু-কাশ্মীৰৰ বলাৰৰ বিৰুদ্ধে প্ৰচণ্ড আক্ৰমণ আৰম্ভ কৰে।
তেওঁৰ উপৰ্যুপৰি আক্ৰমণত সম্পূৰ্ণৰূপে দিশহাৰা হৈ পৰে জম্মু আৰু কাশ্মীৰ। উইকেটৰ চৌদিশে বাউণ্ডেৰী আৰু ছিক্সাৰৰ জোৱাৰ তুলি ৰিয়ানে কম সময়ৰ ভিতৰতে মেচৰ গতি সলনি কৰে আৰু অসমক সহজ জয়ৰ দিশে আগুৱাই নিয়ে। অৱশেষত অসমে ৪৬.১ অভাৰতে মাত্ৰ ৩টা উইকেটৰ বিনিময়ত জয়ৰ লক্ষ্যত উপনীত হয়। গুজৰাট কলেজ গ্ৰাউণ্ডত অনুষ্ঠিত মেচখনত বিস্ফোৰক ৰূপ ধাৰণ কৰি ৰিয়ানে ১৭৪ ৰানৰ স্মৰণীয় ইনিংছ খেলে। 
মাত্ৰ ১১৬টা বলত তেওঁ ১২টা বাউণ্ডেৰী আৰু ১২টা ছিক্সাৰৰ সহায়ত এই চাঞ্চল্যকৰ ইনিংছটো সজায়। উল্লেখ্য যে, চলিত বিজয় হাজাৰে ট্ৰফীত ৰিয়ানৰ এয়া তৃতীয়টো শতক। অসমৰ উদীয়মান তাৰকাৰজনৰ দুৰ্দান্ত প্ৰদৰ্শনৰ সুবাদত অসমে মৰ্যদাপূৰ্ণ প্ৰতিযোগিতাখনৰ ছেমি ফাইনেললৈ উন্নীত হৈছে। ইয়াৰ পূৰ্বে অসমে ২০১২ৰ ঘৰুৱা ছিজন প্ৰথম আৰু শেষবাৰৰ বাবে বিজয় হাজাৰে ট্ৰফীৰ ছেমি ফাইনেল খেলিছিল। 
ইফালে, চমকপ্ৰদ বেটিঙেৰে অসমক ঐতিহাসিক জয়ৰ সোৱাদ দিয়া ৰিয়ানৰ বেটিঙে দেশৰ ক্ৰিকেট মহলক মুগ্ধ কৰিছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ সম্পাদক জয় শ্বাহেও প্ৰতিভাৱান অলৰাউণ্ডাৰজনৰ বেটিঙক প্ৰশংসা কৰি ইয়াক অবিশ্বাস্য আখ্যা দিছে।