অসম সন্তান ৰিয়ান পৰাগৰ দুৰ্দান্ত বেটিং; Orange Capৰ দৌৰত দ্বিতীয় স্থানত ৰিয়ান

Story by  atv | Posted by  [email protected] • 29 d ago
ৰিয়ান পৰাগ
ৰিয়ান পৰাগ
 
নতুন দিল্লী
 
বিগত দুই-তিনি বছৰ অসমৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগে আই পি এলত ভাল প্ৰদৰ্শন কৰিব নোৱাৰাৰ বাবে বিভিন্ন ধৰণে সমালোচিত হৈ আহিছিল। কিন্তু কালি দিল্লী কেপিটেলছৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা মেচখনত ৰিয়ানে সমালোচকৰ মুখ বন্ধ কৰি দিলে। ফৰ্মলৈ উভটিল ৰিয়ান পৰাগ। IPLত দুৰ্দান্ত প্ৰদৰ্শন ৰিয়ান পৰাগৰ।  
 
 
দ্বিতীয় মেচত ৰাজস্থান ৰয়েলছৰ ত্ৰাণকৰ্তা ৰূপত অসম সন্তান ৰিয়ান পৰাগ। দিল্লী কেপিটেলছৰ বিৰুদ্ধে ৰিয়ান পৰাগৰ বিস্ফোৰক ইনিংছ। ৩৪টা বলতে অৰ্ধশতক অৰ্জন ৰিয়ান পৰাগৰ। দিল্লী কেপিটেলছৰ ৰাজস্থান ৰয়েছৰ দ্বিতীয়খন মেচত ৪৫টা বলত ৮৪ ৰাণৰ বিস্ফোৰক ইনিংছ ৰিয়ান পৰাগক। ৰিয়ানৰ পৰাগৰ দুৰ্দান্ত বেটিঙৰ ফলতে ৰাজস্থান ৰয়েলছে সংগ্ৰহ কৰে ১৮৫ ৰাণ। ৰিয়ান পৰাগে ৭টা ফ’ৰ আৰু ৬টা ছিক্স কোবাই।
 
প্ৰথমে বেটিং কৰি ৩৬ ৰাণতে যশস্বী জয়ছোৱাল, জ’ছ বাটলাৰ আৰু সঞ্জু ছেমচনৰ উইকেট হেৰুৱাইছিল ৰাজস্থানে। ৪ নম্বৰত বেটিং কৰিবলৈ আহি ৰিয়ানৰ পৰাগৰে দুৰ্দান্ত বেটিং আৰম্ভ কৰে। ইনিংছৰ অন্তিম অ’ভাৰত আনৰিক নকিয়াৰ ব’লত ৩টা ফ’ৰ আৰু ২টা ছিক্স কোবাই ৰিয়ানে।
 
চলিত আই পি এলত বৰ্তমানলৈ ৰিয়ানে সংগ্ৰহ কৰিছে ১২৭ ৰাণ। আই পি এলৰ অৰেঞ্জ কেপৰ দৌৰত বৰ্তমান দ্বিতীয় স্থানত আছে ৰিয়ান পৰাগ। প্ৰথম মেচ ৪৩ ৰাণ সংগ্ৰহ কৰিছিল ৰিয়ানে। ৰিয়ান পৰাগৰ বেটিঙত প্ৰশংসাত পঞ্চমুখ হৈ পৰিল প্ৰতিগৰাকী ক্ৰিকেট প্ৰশংসৰ লগে ক্ৰিকেটাৰো।