অনাগত দিনতো ভাৰতক গৌৰৱান্বিত কৰি যাম; প্ৰধানমন্ত্ৰীৰ শুভেচ্ছামূলক পত্ৰ লাভ কৰি অভিভূত ছানিয়া মিৰ্জা

Story by  atv | Posted by  [email protected] • 1 Years ago
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু টেনিছ তাৰকা ছানিয়া মিৰ্জা
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু টেনিছ তাৰকা ছানিয়া মিৰ্জা

নতুন দিল্লী

যোৱা মাহত বৰ্ণিল কেৰিয়াৰক বিদায় জনোৱা ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা লাভ কৰা এখন প্ৰেৰণাদায়ক চিঠি টুইটাৰত শ্বেয়াৰ কৰে। দেশৰ অন্যতম সফল ক্ৰীড়াবিদ হিচাপে চিহ্নিত ছানিয়াই এই শুভেচ্ছামূলক পত্ৰৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জনায়। 
 
মোহময়ী টেনিছ সুন্দৰীগৰাকীয়ে কয় যে কেৰিয়াৰ সামৰাৰ পিছতো তেওঁ ভাৰতক গৌৰৱান্বিত কৰি যাব। পত্ৰখনত প্ৰধানমন্ত্ৰী মোদীয়ে ছানিয়াক ‘চেম্পিয়ন’ বুলি অভিহিত কৰি কয় যে টেনিছ তাৰকাগৰাকীয়ে “ভাৰতীয় ক্ৰীড়াত এক অনন্য নজিৰ স্থাপন কৰিছে, তেওঁ আগন্তুক প্ৰজন্মৰ খেলুৱৈসকলক অনুপ্ৰাণিত কৰিছে”।
 
"এনে ধৰণৰ অনুপ্ৰেৰণাদায়ক শব্দৰ বাবে মই সন্মানীয় প্ৰধানমন্ত্ৰী @narendramodi মহোদয়ক ধন্যবাদ জনাইছো। মই সদায় আমাৰ দেশক প্ৰতিনিধিত্ব কৰি গৌৰৱবোধ কৰো আৰু অনাগত দিনতো ভাৰতক গৌৰৱান্বিত কৰিবলৈ যিমান পাৰো সেয়া কৰি যাম। আপোনাৰ সমৰ্থনৰ বাবে ধন্যবাদ," ছানিয়াই টুইট কৰে।
পত্ৰখনত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, "টেনিছ প্ৰেমীসকলৰ বাবে ভাবিবলৈ কঠিন হ'ব যে আপুনি এতিয়াৰ পৰা পেছাদাৰী ক্ষেত্ৰত খেলাৰ পৰা আঁতৰি থাকিব। কিন্তু, ভাৰতৰ অন্যতম শ্ৰেষ্ঠ টেনিছ খেলুৱৈ হিচাপে আপোনাৰ বৰ্ণিল কেৰিয়াৰে ভাৰতীয় ক্ৰীড়াত এক অনন্য স্বাক্ষৰ বহন কৰিছে। ই আহিবলগীয়া প্ৰজন্মৰ খেলুৱৈসকলক অনুপ্ৰাণিত কৰিব।
 
যেতিয়া আপুনি ১৩ জানুৱাৰীত অৱসৰ ঘোষণা কৰিছিল, তেতিয়া আপুনি সুন্দৰভাৱে বৰ্ণনা কৰিছিল কিদৰে শৈশৱৰ পৰা পৰৱৰ্তী বছৰবোৰত আপুনি এগৰাকী বিশ্বমানৰ টেনিছ খেলুৱৈ হিচাপে প্ৰতিষ্ঠিত হৈছিল। আপুনি লিখিছিল যে আপোনাৰ বাবে আটাইতকৈ ডাঙৰ সন্মান আছিল ভাৰতৰ বাবে পদক জয় কৰা। মই ক'ব পাৰোঁ যে আপুনি ভাৰতৰ গৌৰৱ। আপোনাৰ সফলতাই প্ৰতিজন ভাৰতীয়ৰ হৃদয় আৰু মনক পৰম আনন্দেৰে ভৰাই তুলিছে।
 
আপোনাৰ উৎকৃষ্টতাত বিশ্বই ভাৰতৰ ক্ৰীড়া দক্ষতাৰ আভাস দেখিলে। যেতিয়া আপুনি খেলিবলৈ আৰম্ভ কৰিছিল, তেতিয়া ভাৰতৰ টেনিছৰ দৃশ্যপট বহুত বেলেগ আছিল। আপুনি উদাহৰণ দাঙি ধৰিলে যে অধিক মহিলাই টেনিছ খেলিব পাৰে আৰু ইয়াত পাৰদৰ্শিতা দেখুৱাব পাৰে। কিন্তু, ইয়াৰ বাহিৰেও আপোনাৰ সফলতাই আন কেইবাগৰাকীও মহিলাক শক্তি প্ৰদান কৰিছিল, যিসকলে ক্ৰীড়াত কেৰিয়াৰ গঢ়িব বিচাৰিছিল কিন্তু কিবা কাৰণত তেনে কৰিবলৈ দ্বিধাবোধ কৰিছিল। আপোনাৰ সফলতাত তেওঁলোক অনুপ্ৰাণিত হৈ ক্ৰীড়াত নিজৰ নাম উজলাই তুলিবলৈ সক্ষম হৈছিল। 
 
আপুনি ভাৰতৰ জনসাধাৰণক বহুত উল্লাসৰ সুযোগ দিলে। জুনিয়ৰ খেলুৱৈ হিচাপে উইম্বলডনত খিতাপ জয় কৰি আপুনি প্ৰতিভাৰ প্ৰমাণ দিছিল। একেদৰে পৰৱৰ্তী সময়ত গ্ৰেণ্ড শ্লেম প্ৰতিযোগিতাত জয়েৰে আপুনি টেনিছৰ প্ৰতি থকা আবেগ প্ৰদৰ্শন কৰিছিল। ইমানবোৰ ডাবলছ ইভেণ্টত আপুনি জয়ী হোৱাটোৱেও আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু দক্ষতাক প্ৰদৰ্শন কৰে। এয়া সকলো খেলুৱৈৰ বাবে এক অপৰিহাৰ্য শিক্ষণ।
 
মই লগতে আপোনালোকৰ পিতৃ-মাতৃকো ধন্যবাদ জনাইছো যে তেওঁলোকে আপোনাক সকলো সম্ভাৱ্য সহায় আগবঢ়াইছে। তেওঁলোকে আপোনাক কেৱল এজন মহান খেলুৱৈ হ’বলৈ লালন-পালন কৰাই নহয়, আপোনাৰ মাজত শক্তিশালী মূল্যবোধৰ বীজ সিঁচিছে, যিটো আপোনাৰ মেচৰ পিছৰ বিভিন্ন ভাষণত দেখা যায়, য’ত আপুনি অতি নম্ৰতা আৰু ক্ৰীড়াসুলভ মনোভাৱ প্ৰদৰ্শন কৰে।
 
আগন্তুক বছৰবোৰ আপুনি আপোনাৰ আন চখবোৰ পূৰণ কৰাত সময় অতিবাহিত কৰক। মই নিশ্চিত যে আমি আপোনাক আৰু অধিক ক্ষেত্ৰত দেখি থাকিম, বিশেষকৈ যুৱ ক্ৰীড়া প্ৰতিভাক মেণ্টৰিঙৰ ক্ষেত্ৰত আপোনাৰ উপস্থিতি আশা কৰোঁ। লগতে আশা কৰোঁ আপোনালোকে ইজহানৰ সৈতে অধিক মানসম্পন্ন সময় কটাব পাৰিব। ভাৰতৰ বাবে আপুনি যিমানখিনি কৰিছে তাৰ বাবে আকৌ এবাৰ ধন্যবাদ আৰু আপোনাৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে মোৰ শুভেচ্ছা থাকিল।"