২০৩৪ চনৰ বিশ্বকাপ আয়োজনৰ আনুষ্ঠানিক নিবিদা প্ৰক্ৰিয়া আৰম্ভ কৰিলে ছৌদি আৰবে

Story by  atv | Posted by  [email protected] • 4 Months ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
ৰিয়াদ

২০৩৪ চনৰ ফিফা বিশ্বকাপ আয়োজনৰ বাবে ছৌদি আৰবে আনুষ্ঠানিক নিবিদা প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই প্ৰক্ৰিয়া মূলতঃ যোৱা অক্টোবৰ মাহত আনুষ্ঠানিকতাত পৰিণত হৈছিল যেতিয়া তেল সমৃদ্ধ দেশখনে বিশ্বকাপ আয়োজনৰ দৌৰত অংশগ্ৰহণ কৰা একমাত্ৰ প্ৰাৰ্থী আছিল।
 
ছৌদি আৰব ফুটবল ফেডাৰেচনে প্ৰকাশ কৰা অনুসৰি নিবিদাৰ শ্লোগান হৈছে “সমৃদ্ধিৰ পথত একেলগে” (Growing Together)। ফেডাৰেচনে কয় যে এই ল’গ’টো “ছৌদি আৰৱৰ যুৱ প্ৰজন্ম, সজীৱ সমাজ আৰু চহকী ঐতিহ্যৰ সাৰমৰ্মক ধৰি ৰাখিবলৈ ডিজাইন কৰা হৈছে।”
২০২৪ চনৰ সমাপ্তিৰ পূৰ্বে শাসকীয় সংস্থাটোৰ ২১১টা সদস্য ফেডাৰেচনৰ বিনা প্ৰতিদ্বন্দ্বিতামূলক ভোটত ছৌদি আৰৱক আয়োজক হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব অৰ্পণৰ সম্ভাৱনা আছে। ভোটদানৰ তাৰিখ আৰু স্থান ঘোষণা কৰা হোৱা নাই। ২০৩৪ চনৰ নৱেম্বৰ-ডিচেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া ৪৮টা দলৰ ফুটবল প্ৰতিযোগিতাখনৰ আয়োজক চহৰ আৰু ষ্টেডিয়ামৰ কোনো নতুন সবিশেষ নিবিদা মুকলিৰ সময়ত দিয়া হোৱা নাই।
 
বৰ্তমান ছৌদি আৰবে এই প্ৰতিযোগিতাখন অকলে আয়োজন কৰাৰ লক্ষ্য লৈছে যদিও পিছলৈ কিছুমান খেল চুবুৰীয়া আৰু ওচৰৰ দেশসমূহৰ সৈতে ভাগ-বতৰা কৰাৰ সম্ভাৱনা আছে। ২০২৬ চনত আমেৰিকা, কানাডা আৰু মেক্সিকোত অনুষ্ঠিত হ’ব পুৰুষৰ ফুটবল বিশ্বকাপ। প্ৰতিযোগিতাখনত প্ৰথমবাৰৰ বাবে ৪৮টা দলে অংশ ল'ব।