কন্যাই ক্ৰিকেটত কেৰিয়াৰ গঢ়িব পাৰিব বুলি বিশ্বাসে কৰা নাছিল ছিমৰণ শ্বেইখৰ পিতৃয়ে

Story by  atv | Posted by  [email protected] • 1 Years ago
ছিমৰণ শ্বেইখ
ছিমৰণ শ্বেইখ
 
মুম্বাই

মহিলা আইপিএলত ইউপি ৱাৰিয়াৰ্জ দলৰ হৈ খেলি থকা মিডল অৰ্ডাৰ বেটাৰ ছিমৰণ শ্বেইখে ক্ৰিকেট জগতত প্ৰৱেশ কৰিবলৈ যথেষ্ট সংগ্ৰামৰ সন্মুখীন হৈছে। বিশ্বৰ অন্যতম বৃহৎ বস্তি অঞ্চল ধাৰাভিৰ পৰা ওলাই অহা প্ৰতিভাৱান ক্ৰিকেটাৰগৰাকী এতিয়া ইউপি ৱাৰিয়াৰ্জ দলৰ নিয়মীয়া খেলুৱৈ হৈ পৰিছে। শৈশৱৰ দিনবোৰত পাৰ্কত ক্ৰিকেট খেলাৰ বাবে মানুহে তেওঁক গালি পাৰিছিল। কিন্তু এতিয়া যেতিয়াই ছিমৰণে টিভিৰ পৰ্দাত জিলিকি উঠে, তেতিয়াই সেই মানুহবোৰে তেওঁৰ বাবে হৰ্ষোল্লাস কৰে।
 
ছিমৰণৰ পিতৃ জাহিদ আলীয়ে ক্ৰিকেটাৰগৰাকীৰ সংগ্ৰামৰ বিষয়ে স্মৰণ কৰি কয়, "যেতিয়া ছিমৰণ সৰু আছিল, তেতিয়া তাই ক্ৰিকেট খেলিবলৈ আগ্ৰহী আছিল। যেতিয়াই তাই খেলপথাৰত ক্ৰিকেট খেলিছিল বহু লোকে তাইক গালি পাৰিছিল আৰু বহুকথা কৈছিল। কিন্তু মোৰ ছোৱালীয়ে সকলো সমালোচনা উপেক্ষা কৰিছিল। তাই ক্ৰিকেটত মনোনিবেশ কৰিছিল আৰু আগবাঢ়ি গৈ আছিল," আলীয়ে কয়।
 
উল্লেখ্য যে, ক্ৰিকেটক কেৰিয়াৰৰ পথ হিচাপে অনুসৰণ কৰাটো যিকোনো যুৱক-যুৱতীৰ বাবে এটা কঠিন কাম। কিন্তু ছিমৰণে সকলো প্ৰত্যাহ্বান নেওচি এতিয়া ভাৰতৰ মহিলা ক্ৰিকেটৰ অন্যতম বৃহৎ লীগত খেলি আছে। তেওঁৰ পিতৃয়ে প্ৰথমতে বিশ্বাস কৰা নাছিল যে ছিমৰণে এদিন এনে এক পৰ্যায়ত উপনীত হ'বলৈ সক্ষম হ'ব আৰু ক্ৰিকেটাৰ হিচাপে কেৰিয়াৰ গঢ়িব পাৰিব।
 
"আমি দৰিদ্ৰ মানুহ আৰু সেই সময়ত আমি আমাৰ ছোৱালীক সহায় কৰিব পৰা অৱস্থাত নাছিলো। কিন্তু ঈশ্বৰৰ অনুগ্ৰহত তাই আগবাঢ়িবলৈ সক্ষম হৈছে। মই কেৱল ক'ব বিচাৰো যে আজি আমি যি সন্মান পাওঁ সেয়া আমাৰ ছোৱালীৰ দক্ষতা, কঠোৰ পৰিশ্ৰম আৰু ঈশ্বৰৰ অনুগ্ৰহৰ বাবে। বহুলোকে আমাক সমৰ্থন কৰিছে," ছিমৰণৰ দেউতাকে পুনৰ কয়।
 
আনকি ছিমৰণৰ মাতৃ আখটাৰী বানোৱেও বিশ্বাস কৰা নাছিল যে তেওঁৰ ছোৱালীয়ে এদিন আইপিএলৰ দৰে ডাঙৰ প্ৰতিযোগিতাত খেলিব পাৰিব। "আমি বিশ্বাস কৰা নাছিলো যে তাই এনে এক পৰ্যায়ত উপনীত হ'ব পাৰিব। মই প্ৰশিক্ষকৰ লগতে ঈশ্বৰক ধন্যবাদ জনাইছো যিয়ে কঠিন সময়ত আমাৰ ছোৱালী আৰু আমাক সমৰ্থন কৰিছিল।"
 
মনকৰিবলগীয়া যে, ছিমৰণে দশম শ্ৰেণীৰ পিছত পঢ়া শুনা এৰিছিল আৰু ক্ৰিকেটত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰিছিল। এতিয়া, তেওঁ নিজৰ মাক-দেউতাকক গৌৰৱান্বিত কৰিছে আৰু তেওঁ ভাৰতৰ এগৰাকী প্ৰখ্যাত মহিলা ক্ৰিকেট খেলুৱৈ হৈ পৰিছে। "আগতে তাইক আমাৰ নামেৰে জনা গৈছিল, কিন্তু এতিয়া মানুহে ছিমৰণৰ বাবে আমাক চিনি পায়। মানুহে মোক ছিমৰণৰ মাতৃ বুলি সম্বোধন কৰে। এইটো মোৰ বাবে এক গৌৰৱৰ কথা," ছিমৰণৰ মাতৃয়ে কয়।
 
আখটাৰী বানোৱে মহিলা প্ৰিমিয়াৰ লীগৰ নিলামৰ সময়ত পৰিয়ালটোৰ আৱেগৰ কথা বৰ্ণনা কৰে। "আমি দুপৰীয়া ২ বজাত টেলিভিছন অন কৰিছিলো আৰু আমি ছিমৰণৰ নাম অহাৰ বাবে অপেক্ষা কৰি আছিলো। তাই গোটেই সময়ছোৱা উদ্বিগ্ন হৈ আছিল। কিন্তু যেতিয়া তাইৰ নাম হঠাতে উত্থাপন হ'ল, তেতিয়া মোৰ পৰিয়াল আৰু আনকি গোটেই ওচৰ-চুবুৰীয়া আনন্দত জঁপিয়াই উঠিছিল," ছিমৰণৰ মাকে আৱেগিক হৈ কয়।
 
উল্লেখ্য যে, ছিমৰণে এতিয়ালৈকে মহিলা আইপিএলত নিজৰ দলৰ হৈ চাৰিখন মেচ খেলিছে।