নতুন দিল্লী
গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত হৈ থকা ক্ৰিকেট বিশ্বকাপ মেচখনৰ বাবে বিমানৰ মূল্য আকাশলংঘী হোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় ৰে’লৱেই শনিবাৰে নতুন দিল্লীৰ পৰা সাবৰমতীলৈ বিশেষ ৰে'লৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত লৈছে।
উত্তৰ ৰে’লৱেৰ পৰিকল্পনা অনুসৰি নতুন দিল্লী ৰে’লৱে ষ্টেচনৰ পৰা বিয়লি ৫ বজাত এখন বিশেষ এক্সপ্ৰেছ ৰে’ল যাত্ৰা কৰিব আৰু দেওবাৰে পুৱা ৭.১৫ বজাত সাবৰমতীত উপস্থিত হ’ব। একেদৰে সোমবাৰে পুৱা ২.৩০ বজাত সাবৰমতী পৰা আৰম্ভ কৰি বিয়লি ৭.০৫ বজাত দিল্লীত উপস্থিত হ’ব এই ৰে’লখন।
আহমেদাবাদত অনুষ্ঠিত হব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ক্ৰিকেট বিশ্বকাপৰ ফাইনেল খেল। ক্ৰিকেট বিশ্বকাপৰ ফাইনেলৰ পৰিপ্ৰেক্ষিতত দিল্লী, মুম্বাই, বেংগালুৰু আদি ডাঙৰ চহৰৰ পৰা বিমান সেৱাৰ মূল্য আকাশলংঘী হৈছে।
ছুপাৰফাষ্ট স্পেচিয়েল ৰে’লৰ চলাচলৰ জৰিয়তে দেওবাৰে বিয়লি গুজৰাটৰ আহমেদাবাদ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ ফাইনেল খেলখন চাব বিচৰা লোকসকলক এক বৃহৎ সকাহ দিয়াৰ লক্ষ্য লৈছে ৰে’লৱেই।