গুৱাহাটী
গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অহা ২৮ নৱেম্বৰত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ'বলগীয়া টি-২০ শৃংখলাৰ তৃতীয়খন মেচৰ বাবে ইতিমধ্যে আনুমানিক ২৫ হেজাৰ টিকট অনলাইন-মেনুৱেলি বিক্ৰী হৈছে। হাতত থকা বাকী দহ হেজাৰ টিকটৰো ভালেখিনি অহাকেইদিনৰ ভিতৰত বিক্ৰী হৈ যাব বুলি আশা কৰিছে খেলখনৰ উদ্যোক্তা অসম ক্রিকেট সংস্থাই (এ চি এ)।
এ চি এৰ বৰ্ষপাৰা ষ্টেডিয়ামত আজি আয়োজন কৰা এখন সংবাদমেলত এই বিষয়ে জনাইছে সংস্থাৰ সভাপতি তৰংগ গগৈয়ে। ব'ৰ্ডৰ যুটীয়া সম্পাদক দেৱজিৎ শইকীয়া, সম্পাদক ত্রিদিৱ কোঁৱৰ, কোষাধ্যক্ষ চিৰঞ্জিৎ লাংথাছাৰ উপস্থিতিত সংবাদমেলত তৰংগ গগৈয়ে কয় যে সদ্যসমাপ্ত বিশ্বকাপ ক্রিকেটৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাস্ত হ'লেও গুৱাহাটীত হ'বলগা টি-২০ শৃংখলাৰ খেলখনলৈ দৰ্শকৰ যথেষ্ট আকর্ষণ আছে। এ চি এৰ ১৫ খন জিলা ইউনিটলৈ ইতিমধ্যে ১৫০০ টিকট পঠিওৱা হৈছে।
বাকীখিনি টিকটো বিক্রী হ'ব। টিকট 'বুক মাই শ্ব' যোগে দিয়া হৈছে। গুৱাহাটীত নেহৰু ষ্টেডিয়ামত কাউন্টাৰ খোলা হৈছে। এক প্ৰশ্নৰ উত্তৰ দি সভাপতি গগৈয়ে জনায় যে দুয়োটা দলে ২৭ নৱেম্বৰৰ বিয়লি পাঁচ বজাত গুৱাহাটী আহি পাবহি। ভাৰতীয় দলটো ৰেডিছন ব্লুত আৰু অষ্ট্ৰেলিয়া দলটো তাজ ভিভাণ্টাত থাকিব।
আনহাতে দেৱজিৎ শইকীয়াই কয় যে ভাৰতে হাৰিলেও ২৮ নৱেম্বৰত খেল যথেষ্ট আকর্ষণীয় হ'ব। কাৰণ কিছু তাৰকা খেলুৱৈ দলত নাথাকিলেও আলহী দলটো যথেষ্ট শক্তিশালী। ভাৰতীয় দলটো ভাল দলৰূপে খেলত নামিব। গতিকে খেলখন ভাল হ'ব। এইবাৰ মেচ সম্প্ৰচাৰ কৰিব জিঅ' টিভি আৰু ভায়' ডট কমে। খেলৰ নিৰাপত্তা আদি বিষয়বোৰ মেচৰ এদিন আগতে হ'বলগা সংবাদমেলত যুটীয়াভাৱে অসম আৰক্ষী আৰু এ চি এই অৱগত কৰিব।
তদুপৰি দল দুটাৰ অনুশীলনৰ বাবে বি চি চি আয়ে একোৱে জনোৱা নাই। সম্ভৱতঃ ২৭ নৱেম্বৰত জনাব। ভাৰতীয় দলটোত অসমৰ বহু প্ৰত্যাশিত খেলুৱৈ ৰিয়ান পৰাগৰ অন্তৰ্ভুক্তি নোহোৱা সম্পৰ্কে ব'ৰ্ডৰ যুটীয়া সম্পাদক হিচাপে শইকীয়াই কয় যে দল গঠন বা নিৰ্বাচনত ব'ৰ্ডৰ কোনো বিষয়ববীয়াৰে হাত নাথাকে।
অসমৰ বাবে ভাল কথা যে ৰিয়ানে মুস্তাক আলী ক্রিকেটত দেখুওৱা প্ৰদৰ্শনৰ ভিত্তিত শ্রীলংকা ভ্ৰমণকাৰী এমার্জিং ভাৰতীয় দলত স্থান লাভ কৰিছিল। উমা চেত্ৰীয়ে ভাৰতীয় মহিলা ক্রিকেট দলত স্থান লাভ কৰিলে। 'ভাল কথা যে অসমৰ ৰিয়ানক লৈ সৰ্বত্ৰ আলোচনা হৈছে। অনাগত দিনত প্ৰদৰ্শনৰ ভিত্তিত ৰিয়ানে নিশ্চিতভাবে সুযোগ পাব বুলি শইকীয়াই মন্তব্য কৰে।