নতুন দিল্লী
আজিৰে পৰা আৰম্ভ হ’ব এছিয়া কাপৰ উত্তেজনা। এইবাৰ প্ৰতিযোগিতাখনৰ ১৭ সংখ্যক সংস্কৰণ টি-২০ ফৰ্মেটত অনুষ্ঠিত হ’ব আৰু সকলো খেল আবুধাবি আৰু ডুবাইত অনুষ্ঠিত হ’ব। প্ৰথমখন মেচ ৫:৩০ বজাত (ভাৰতীয় সময়) অনুষ্ঠিত হ’ব, আনহাতে বাকী সকলো মেচ ৮:০০ বজাত অনুষ্ঠিত হ’ব।
প্ৰথমে বি চি চি আইয়ে প্ৰতিযোগিতাখন আয়োজন কৰিবলৈ ওলাইছিল যদিও ভাৰত আৰু পাকিস্তানৰ ৰাজনৈতিক সম্পৰ্ক অৱনতি ঘটাত আৰু ইখনে সিখনৰ মাটিত ক্ৰিকেট খেলিবলৈ অস্বীকাৰ কৰাৰ বাবে স্থান সলনি কৰিবলগীয়া হয়। এই কাৰণতে এতিয়া ইউ এ ইত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা। যদিও বি চি চি আই এতিয়াও প্ৰতিযোগিতাখনৰ আনুষ্ঠানিক আয়োজক হৈ থাকিব, তথাপিও সকলো খেল ডুবাই আৰু আবুধাবিত অনুষ্ঠিত হ’ব।
১৯৮৪ চনত ভাৰত, পাকিস্তান আৰু শ্ৰীলংকাৰ মাজত প্ৰথম এছিয়া কাপ অনুষ্ঠিত হৈছিল। ২০০৮ চনৰ পৰা নিয়মীয়াকৈ অনুষ্ঠিত হৈ অহা এই প্ৰতিযোগিতাখন ভাৰত বৰ্তমানৰ চেম্পিয়ন, যিয়ে ২০২৩ চনৰ ফাইনেলত শ্ৰীলংকাক পৰাস্ত কৰি ৮ ম বাৰৰ বাবে খিতাপ দখল কৰিছিল। শ্ৰীলংকাই ৬ বাৰ খিতাপ দখল কৰিছে। আনহাতে পাকিস্তান মাত্ৰ দুবাৰহে চেম্পিয়ন হৈছে। এইবাৰ প্ৰতিযোগিতাখন টি-২০ ফৰ্মেটত অনুষ্ঠিত হ’ব, যিটো ইতিহাসত তৃতীয়বাৰৰ অনুষ্ঠিত হৈছে।
প্ৰথমবাৰৰ বাবে এছিয়া কাপত ৮ টা দলে অংশগ্ৰহণ কৰিবলৈ ওলাইছে। এই প্ৰতিযোগিতাত ভাৰত, পাকিস্তান, শ্ৰীলংকা, বাংলাদেশ আৰু আফগানিস্তানে প্ৰত্যক্ষ প্ৰৱেশ লাভ কৰে। আনহাতে ওমান, সংযুক্ত আৰব আমিৰশ্বাহী আৰু হংকঙে এছিয়াৰ সহযোগী দেশসমূহৰ মাজত খেলা প্ৰতিযোগিতা এ চি চি পুৰুষ প্ৰিমিয়াৰ কাপৰ জৰিয়তে প্ৰৱেশ লাভ কৰিছে।
৮ টা দলক দুটা গ্ৰুপত ভাগ কৰা হৈছে। দুয়োটা গ্ৰুপৰ শীৰ্ষ দুটা দলে ‘ছুপাৰ ফ'ৰ’ৰ বাবে যোগ্যতা অৰ্জন কৰিব। তাৰ পিছত ২৮ ছেপ্টেম্বৰত শীৰ্ষ দুটা দলে ফাইনেল খেলিব।
গ্ৰুপ এ : ভাৰত, পাকিস্তান, ওমান, ইউ এ ই
গ্ৰুপ বি : শ্ৰীলংকা, বাংলাদেশ, আফগানিস্তান, হংকং
উল্লেখযোগ্য যে, ভাৰত আৰু পাকিস্তানৰ ৰাজনৈতিক সম্পৰ্কৰ অৱনতি ঘটাৰ পিছত বিভ্ৰান্তিৰ সৃষ্টি হৈছিল যদিও ভাৰত চৰকাৰৰ স্পষ্টতাৰ পিছত দুয়োটা দলৰ মাজত খেলখন স্থিৰ হৈ পৰিছিল। ১৪ ছেপ্টেম্বৰত ডুবাইত অনুষ্ঠিত হ’ব দুয়োটা দলৰ গ্ৰুপ মেচ। যদি দুয়োটা দলে ছুপাৰ ৪ বা ফাইনেলত প্ৰৱেশ কৰে তেন্তে এই প্ৰতিযোগিতাত ভাৰত আৰু পাকিস্তানৰ মাজত তিনিখন মেচ অনুষ্ঠিত হ’ব।
এই এছিয়া কাপত বহুতো নতুন আৰু যুৱ মুখ আছে। টি-২০ত দুটা শতক আৰু ১৯৩.৮৪ ষ্ট্ৰাইক ৰেট থকা ২৪ বছৰীয়া অভিষেক শৰ্মাই এই পৰ্যন্ত ভাৰতৰ হৈ ১৭খন মেচ খেলিছে । আফগানিস্তানৰ ১৯ বছৰীয়া মিষ্ট্ৰী স্পীনাৰ আল্লাহ গাজানফৰে ১১খন এদিনীয়া খেলত প্ৰদৰ্শন কৰি আপ্লুত কৰিছে।
২০২৫ৰ পি এছ এলত পাকিস্তানৰ ৩১ বছৰীয়া বেগী বলাৰ ছলমান মিৰ্জাই মুঠ ১১টা উইকেট দখল কৰিছিল । ইউ এ ইৰ অধিনায়ক মহম্মদ ৱাছিমে টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ১৫৫.৬৭ ষ্ট্ৰাইক ৰেটত ২৯২২ ৰান সংগ্ৰহ কৰিছে। টি-২০ত মুঠ ৭০টা উইকেট দখল কৰা হংকঙৰ ৩৪ বছৰীয়া ইয়াছিম মুৰ্তাজাই প্ৰথমবাৰৰ বাবে নিজৰ দলৰ অধিনায়কত্ব কৰিব।
টি-২০ ফৰ্মেটত সদায় যিকোনো অঘটন ঘটাৰ সম্ভাৱনা থাকে । হংকং, আফগানিস্তানৰ দৰে দলে বিগত সময়ত ডাঙৰ দলক প্ৰত্যাহ্বান জনাই আহিছে। ২০২২ চনত টি-২০ এছিয়া কাপ জয় কৰি শ্ৰীলংকাই প্ৰমাণ কৰিলে যে এই প্ৰতিযোগিতা আশ্বৰ্যৰে ভৰা।