উদ্বোধনৰ বাবে সাজু উমৰাংছ’ৰ অত্যাধুনিক ক্ৰিকেট ষ্টেডিয়াম

Story by  atv | Posted by  [email protected] • 2 d ago
উদ্বোধনৰ বাবে সাজু উমৰাংছ’ৰ অত্যাধুনিক ক্ৰিকেট ষ্টেডিয়াম
উদ্বোধনৰ বাবে সাজু উমৰাংছ’ৰ অত্যাধুনিক ক্ৰিকেট ষ্টেডিয়াম
 
গুৱাহাটী

অসমৰ ত্ৰীড়াক্ষেত্ৰত আন এক সংযোজন, উমৰাংছ’ৰ অত্যাধুনিক ক্ৰিকেট ষ্টেডিয়াম। অহা ৫ ডিচেম্বৰত উমৰাংছ’ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম ক্ৰিকেট সন্থাই নিৰ্মাণ কৰা অত্যাধুনিক ক্ৰিকেট ষ্টেডিয়ামখন উদ্বোধন কৰিব। 
 
প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে পৰিচিত ডিমা হাছাওৰ মনোৰম দৃশ্যৰ পাহাৰীয়া চহৰখনত অঞ্চলটোৰ পৰিৱেশ বিঘ্নিত নকৰাকৈ নিৰ্মাণ কৰা হৈছে অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু ইংলেণ্ডৰ ষ্টেডিয়ামৰ দৰেই আধুনিক ক্ৰিকেট ষ্টেডিয়াম।
 
শেহতীয়াকৈ ষ্টেডিয়ামখন পৰিদৰ্শন কৰি BCCIৰ সাধাৰণ সম্পাদক দেৱজিৎ শইকীয়াই কয় যে নৰ্থ কাছাৰ হিলছ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবোলাল গাৰ্লোছাই এই প্ৰকল্পৰ বাবে ৩০ বিঘা মাটি আবণ্টন দিছে। ইয়াৰ পূৰ্বে হাফলঙৰ পৰিকল্পনাৰ কথা বিবেচনা কৰা হৈছিল যদিও উপযুক্ত মাটি বিচাৰি নোপোৱাৰ ফলত ACA-এ ষ্টেডিয়ামৰ বাবে উমৰাংছ’ক বাছনি কৰা হয়।
 
শইকীয়াই প্ৰকাশ কৰে যে ACA-এ চাৰি বছৰ পূৰ্বে এই প্ৰকল্পৰ কল্পনা কৰিছিল আৰু এতিয়া নিৰ্মাণ সম্পূৰ্ণ হৈছে। ষ্টেডিয়ামত ১৫ হাজাৰ দৰ্শকৰ বাবে গেলেৰী আসনৰ লগতে পাঁচখন অনুশীলন পিটছ আছে। BCCI আৰু ACA উভয়ে এই ষ্টেডিয়ামত ঘৰুৱা ক্ৰিকেট মেচৰ আয়োজন কৰিব। সমগ্ৰ ভাৰতৰ খেলুৱৈসকলৰ বাবে ইয়াক এক বৃহৎ গন্তব্য ক্ৰিকেট কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে।
 
তেওঁ লগতে কয় যে পূৰ্বে জিলাখনত ক্ৰিকেট কাৰ্যসূচী হাফলঙৰ এখন ফুটবল খেলপথাৰত অনুষ্ঠিত হৈছিল যদিও নতুন ষ্টেডিয়ামখনে এতিয়া উদীয়মান ক্ৰিকেটাৰসকলক এক পূৰ্ণাংগ মঞ্চ প্ৰদান কৰিব। আগন্তুক বছৰবোৰত ডিমা হাছাওৰ পৰা প্ৰতিভাৱান খেলুৱৈৰ উন্মেষ ঘটিব বুলি তেওঁ আশা প্ৰকাশ কৰে।
 
উমৰাংছ’ ক্ৰীড়া সন্থাৰ সহযোগত নিৰ্মিত এই ষ্টেডিয়ামৰ পেভেলিয়নখন ছিংগিয়া তুলাৰাম সেনাপতিৰ নামত উচৰ্গা কৰা হৈছে।
 
৫ ডিচেম্বৰৰ বিয়লি ২ বজাত অনুষ্ঠিত হ’বলগীয়া এই উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদৰ CEM দেবলাল গাৰ্লোছা উপস্থিত থাকিব।