টি-২০ বিশ্বকাপৰ পাকিস্তানৰ প্ৰথমখন মেচতে আমেৰিকাৰ বিৰুদ্ধে মুখঠেকেছা

Story by  atv | Posted by  [email protected] • 1 Months ago
টি-২০ বিশ্বকাপৰ প্ৰথমখন মেচত আমেৰিকাই হৰুৱালে পাকিস্তানক
টি-২০ বিশ্বকাপৰ প্ৰথমখন মেচত আমেৰিকাই হৰুৱালে পাকিস্তানক
 
নতুন দিল্লী
 
টি-২০ বিশ্বকাপত নিজৰ প্ৰথমখন মেচত পৰাস্ত পাকিস্তান। আমেৰিকাই টি-২০ বিশ্বকাপ ২০২৪ত ডাঙৰ অঘটন ঘটাই পাকিস্তানক পৰাস্ত কৰে। আয়োজক আমেৰিকাই ছুপাৰ অভাৰত জয়লাভ কৰে খেলখনত। এই জয়েৰে আমেৰিকাই গ্ৰুপ এত পইণ্ট তালিকাৰ সম্পূৰ্ণ সমীকৰণ সলনি কৰি পেলালে। ভাৰতক পিছ পেলাই প্ৰথম স্থান অধিকাৰ কৰিছে। আনহাতে, পাকিস্তানৰ ক্ষেত্ৰত টি-২০ বিশ্বকাপৰ বাহিৰ হোৱাৰ সম্ভাৱনাই দেখা দিছে।
 
পাকিস্তান আৰু আমেৰিকাৰ মাজৰ মেচখন বৃহস্পতিবাৰে নিশা অনুষ্ঠিত হয়। পাকিস্তানে প্ৰথমে বেটিং কৰি ৭ উইকেটত ১৫৯ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত আমেৰিকাই নিৰ্ধাৰিত ২০ অভাৰত ৩ উইকেটত ১৫৯ ৰান সংগ্ৰহ কৰে। মেচখন অমীমাংসিত হয়। তাৰ পিছত হয় ছুপাৰ অভাৰ। আমেৰিকাই ছুপাৰ অভাৰত প্ৰথমে বেটিং কৰি ১৮ ৰান সংগ্ৰহ কৰে। পাকিস্তানে ইয়াৰ প্ৰত্যুত্তৰ ১৩ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। আমেৰিকাই ২ পইণ্টত ছুপাৰ অভাৰত বিজয় সাব্যস্ত কৰে।
 
আমেৰিকাৰ টি-২০ বিশ্বকাপ ২০২৪ত এয়া দ্বিতীয় জয়। এই জয়েৰে দলটোৰ পইণ্ট হয়গৈ ৪। এতিয়া পইণ্ট তালিকাত গ্ৰুপ এত প্ৰথম স্থানত আছে। ভাৰতীয় দলে এখন মেচত জয়েৰে ২ পইণ্টেৰে তালিকাৰ দ্বিতীয় স্থান আছে।
 
টি-২০ বিশ্বকাপ ২-২৪ত ২০টা দলক ৫-৫ৰ চাৰিটা গ্ৰুত ভাগ কৰা হৈছে। প্ৰতিটো গ্ৰুপৰ পৰা দুটা দলে ছুপাৰ-৮ৰ দৌৰৰ বাবে যোগ্যতা অৰ্জন কৰিব। গ্ৰুপত কোনো যিকোনো দলে সৰ্বাধিক ৮ পইণ্ট লাভ কৰিব পাৰে। গ্ৰুপ এৰ পৰা কেৱল আমেৰিকা আৰু ভাৰতে ৮ পইণ্ট লাভ কৰিব পাৰে। কিয়নো এই দুয়োটা দলে এতিয়ালৈ এখনো মেচত পৰাজিত হোৱা নাই। পাকিস্তান, কানাডা, আয়াৰলেণ্ডে এখনকৈ মেচত পৰাস্ত হৈছে আৰু এই তিনিওটা দলে ৬ পইণ্টতকৈ আগবাঢ়িব নোৱাৰে। ভাৰত আৰু আয়াৰলেণ্ডৰ সৈতেও খেলিব আমেৰিকাই। যদি এই দুখনৰ এখনতো আমেৰিকা জিকে তেন্তে তেওঁলোকৰ পইণ্ট ৬ হ’ব আৰু ছুপাৰ-৮ৰ বাবে অধিক শক্তিশালী হ’ব।
 
ভাৰত আৰু পাকিস্তান ৯ জুনত হ’ব মুখামুখি। যদি ভাৰতে এই খেলখনত জয়লাভ কৰে তেন্তে পাকিস্তানৰ বাবে ঘোৰ সংকটে দেখা দিব। তেতিয়া পাকিস্তান দলৰ সৰ্বাধিক পইণ্ট হ’ব পাৰে ৪ আৰু সেয়াও আয়াৰলেণ্ড আৰু কানাডাক পৰাস্ত কৰিলেহে। যদি এয়া হয় আৰু আমেৰিকাই আয়াৰলেণ্ডক পৰাস্ত কৰে তেন্তে পাকিস্তান টুৰ্ণামেণ্টৰ পৰা বাহিৰ হ’ব পাৰে। আয়াৰলেণ্ডক পৰাস্ত কৰিলে আমেৰিকাৰ পইণ্ট হ’বগৈ ৬। আনহাতে, পাকিস্তানক পৰাস্ত কৰিলে ভাৰত ছুপাৰ-৮ৰ দৌৰত সকলোতকৈ আগত থাকিব। ভাৰতীয় দলে পাকিস্তানৰ পিছত আমেৰিকা আৰু কানাডাৰ সৈতে খেলিব।