নতুন দিল্লী
আই পি এল ২০২৪ৰ মিনি নিলামৰ পূৰ্বে ট্ৰেন্সফাৰ মাৰ্কেটত অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই আটাইতকৈ ডাঙৰ চমক দিছিল। ভাৰতীয় দলৰ তাৰকা অলৰাউণ্ডাৰগৰাকীয়ে শেহতীয়াকৈ গুজৰাট টাইটানছৰ পৰা নিজৰ পুৰণি দল মুম্বাই ইণ্ডিয়ানছলৈ উভতি আহিছে।
হাৰ্দিকৰ দল সলনি হোৱাটো চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। যদিও প্ৰথমে গুজৰাট টাইটানছৰ লিখিত তালিকাত তেওঁক ৰখা হৈছিল, কিন্তু পিছত হাৰ্দিকে গুজৰাট দল এৰি মুম্বাইলৈ যাব বুলি জানিব পৰা যায়।
মুম্বাই ইণ্ডিয়ানছে তেওঁলোকৰ ঘৰুৱা খেলুৱৈক আদৰণি জনাই যদিও হাৰ্দিকৰ দললৈ যোৱাটো তেওঁৰ বাবে যেন ভাল নহ’ল। বহুতে হাৰ্দিকৰ বিৰুদ্ধে আই পি এল আৰু বিচিচিআইৰ আইৰ নিয়ম ভংগ কৰাৰ অভিযোগ উত্থাপন কৰিছে। সেই তালিকাত গুজৰাট টাইটানছৰ চিইঅ’ আছে।
গুজৰাট টাইটানছৰ চিইঅ’ অৰবিন্দৰ সিঙে কয় যে হাৰ্দিক পাণ্ডিয়াই যি ধৰণে দল সলনি কৰিছিল সেয়া একেবাৰেই শুদ্ধ নহয়। ফ্ৰেঞ্চাইজিয়ে আই পি এলত খেলুৱৈ কিনিবলৈ খেলুৱৈৰ সৈতে পোনপটীয়াকৈ কথা পাতিব নোৱাৰে। বাণিজ্য (Trade) সন্দৰ্ভত BCCIৰ নিৰ্দিষ্ট নিয়ম আছে, যিটো সকলোৱে পালন কৰাটো কৰ্তব্য। হাৰ্দিকৰ ক্ষেত্ৰত সেয়া নহ’ল।
২০১০ চনতো একেধৰণৰ ভুল কৰাৰ বাবে ৰবীন্দ্ৰ জাদেজাক এবছৰৰ বাবে IPLৰ পৰা বাহিৰ কৰা হৈছিল। ৰাজস্থান ৰয়েলছত থকাৰ সময়ত জাদেজাই নিজাববীয়াকৈ দল সলনিৰ কথা মুম্বাইৰ সৈতে কথা পাতি IPLৰ নিয়ম ভংগ কৰিছিল, যাৰ বাবে তেওঁ শাস্তি ভুগিবলগীয়া হৈছিল।
হাৰ্দিকৰ বিৰুদ্ধেও কোনো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব নে নাই সেই সন্দৰ্ভত এতিয়াও কোনো কথা ঘোষণা কৰা হোৱা নাই। কিন্তু ইতিমধ্যে এই বিষয়ক লৈ বিভিন্ন জল্পনা-কল্পনা আৰম্ভ হৈছে।