মহিলা বিশ্ব বক্সিঙ চেম্পিয়নশ্বিপ; দুৰ্দান্ত জয়েৰে অভিযান আৰম্ভ নিখাতৰ

Story by  atv | Posted by  [email protected] • 9 d ago
দুৰ্দান্ত জয়েৰে অভিযান আৰম্ভ নিখাতৰ
দুৰ্দান্ত জয়েৰে অভিযান আৰম্ভ নিখাতৰ
 
নতুন দিল্লী
 
ভাৰতীয় বক্সিঙৰ নতুন তাৰকা নিখাত জাৰীনে চলিত মহিদ্ৰা আই বি এ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত প্রত্যাশিত জয়েৰে নিজৰ অভিযান আৰম্ভ কৰিবলৈ সক্ষম হৈছে। আজিৰ প্ৰথম দিনৰ খেলত বৰ্তমানৰ বিশ্ব চেম্পিয়ন নিখাত জাৰীনে প্ৰথম ৰাউণ্ডৰ মেচত আজাবৰেই জানৰ আনাখানিম ইছনাইল'ভাক নিৰ্ধাৰিত সময়ৰ পূৰ্বেই বিধ্বস্ত কৰি চমকপ্রদ জয় অর্জন কৰে। 
 
ইফালে নিখাতৰ লগতে আজি প্ৰথম দিনা কে ডি যাদয় হলৰ বক্সিং বিস্তৃত নমা ভাৰতৰ সাক্ষী চৌধুৰী (৫২ কেজি) আৰু নুপুৰ ছেৰনেও (৮১ কেজি ঊর্ধ্ব) নিজৰ নিজৰ মেচত জয়লাভ কৰি আশাৰ আৰম্ভণি কৰিবলৈ সক্ষম হৈছে। নুপুৰে কোৱাটাৰ
ফাইনেলত প্রবেশ কৰাৰ বিপৰীতে সাক্ষীয়ে প্রি-কোৱাৰ্টাৰলৈ যোগ্যতা অৰ্জন কৰিছে। 
 
প্রথমবাৰৰ বাবে ৫০ কিলোগ্রাম শাখাত বিশ্ব বক্সিং চেম্পিয়নশিপ খেলা নিখাতে আজি ৰিঙত প্রৱেশ কৰিয়ে নিজৰ পৰিচিত আক্রমণাত্মক খেলেৰে প্রতিটো শক্তিশালী পাঞ্চ শোধাই বিপক্ষ বক্সাৰগৰাকীক আত্মসমর্পণ কৰিবলৈ বাধ্য কৰায়। অৱশেষত ৰেফাৰীয়ে দ্বিতীয় বাউণ্ডৰ মেচৰ মাজতে খেল বন্ধ কৰি আৰ এছ চি পদ্ধতিৰে নিখাতক বিজয় ঘোষণা কৰে। 
 
দ্বিতীয় ৰাউণ্ডত নিখাত মুখামুখি হ'ব শীর্ষ বাছনিৰ আলজেৰিয়াৰ বক্সাৰ বৌমাইছা বৌয়ালামৰ। উল্লেখ্য যে বৌমাইছা ২০২২ আফ্রিকান মহিলা বক্সিঙৰ চেম্পিয়ন।