নতুন দিল্লী
ইংলেণ্ডৰ লিভাৰপুলত অহা ৪ ছেপ্টেম্বৰৰ পৰা ১৪ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া ২০২৫ চনৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ভাৰতীয় তাৰকা বক্সাৰ নিখাত জাৰীণ আৰু লাভলীনা বৰগোহাঁইয়ে ভাৰতীয় দলৰ নেতৃত্ব দিব।
লছ এঞ্জেলছ অলিম্পিকৰ বাবে এমেচাৰ বক্সিঙৰ তদাৰক কৰা নৱগঠিত বিশ্ব বক্সিঙৰ উদ্যোগত অনুষ্ঠিত হোৱা উদ্বোধনী বৰ্ষৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ বাবে ভাৰতীয় বক্সিং ফেডাৰেচনে প্ৰকাশ কৰা ২০ জনীয়া দলটোত নিখাত জাৰীণ আৰু লাভলীনা বৰগোহাঁইয়ে স্থান লাভ কৰিবলৈ সক্ষম হয়।
পঞ্জাৱৰ পাটিয়ালাত এসপ্তাহজোৰা মূল্যায়ন শিবিৰৰ অন্তত দলটোক চূড়ান্ত কৰা হয়। ইয়াত প্ৰতিজন বক্সাৰে ৩-৪ গৰাকী বক্সাৰৰ বিৰুদ্ধে ৰাউণ্ড ৰবিন ফৰ্মেটত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি নিজৰ দক্ষতা, ধৈৰ্য্য, আৰু ফিটনেছৰ প্ৰমাণ দাঙি ধৰে। যোৱা বছৰ পেৰিছ অলিম্পিকৰ পিছত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা নিখাত আৰু লাভলীনাই নতুনকৈ প্ৰৱৰ্তিত বিশ্ব বক্সিঙৰ অধীনত এক গুৰুত্বপূৰ্ণ বিশ্ব খিতাপ দখল কৰাৰ লক্ষ্য লৈছে।
দলটোৰ আন কেইগৰাকীমান সদস্য হৈছে শেহতীয়া বিশ্ব বক্সিং কাপৰ চেম্পিয়নছৰ মুকুট পৰিধান কৰা সাক্ষী চৌধাৰী, নুপুৰ শ্বেওৰাণ, আৰু জেছমিন লম্বোৰিয়াৰ লগতে পূজা ৰাণী আৰু মিনাক্ষীৰ দৰে আন পদক বিজয়ী। পুৰুষৰ বক্সিঙত সকলোৰে দৃষ্টি থাকিব অৱিনাশ জামৱাল (৬৫ কেজি) আৰু হিতেশ গুলিয়া (৭০ কেজি)ৰ ওপৰত। তেওঁলোকে এই ছিজনত ব্ৰাজিল আৰু কাজাখস্তানত একেৰাহে দুটাকৈ বিশ্ব বক্সিং কাপৰ পদক লাভ কৰিছিল।
বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ বাবে ভাৰতীয় মহিলা দলটোঃ মীনাক্ষী হুদা (৪৮ কেজি), নিখাত জাৰীণ (৫১ কেজি), সাক্ষী (৫৪ কেজি), জেছমিন লম্বোৰিয়া (৫৭ কেজি), সঞ্জু খাত্ৰী (৬০ কেজি), নীৰজ ফোগাট (৬৫ কেজি), সনামাছা চানু (৭০ কেজি), লাভলীনা বৰগোহাঁই (৭৫ কেজি), পূজা ৰাণী (৮০ কেজি) আৰু নুপুৰ শ্বেওৰাণ (৮০+ কেজি)।
পুৰুষ দলটোঃ যদুমণি সিং মাণ্ডেংবাম (৫০ কেজি), পৱন বৰতৱাল (৫৫ কেজি), শচীন ছিৱাচ (৬০ কেজি), অৱিনাশ জামৱাল (৬৫ কেজি), হিতেশ গুলিয়া (৭০ কেজি), সুমিত কুণ্ডু (৭৫ কেজি), লক্ষ্য চহৰ (৮০ কেজি), জুগনু আহলাৱাট (৮৫ কেজি), হৰ্ষ চৌধাৰী (৯০ কেজি), নৰেন্দ্ৰ বেৰৱাল (৯০+ কিলোগ্ৰাম)।