ৱাশ্বিংটন ডি চি
আমেৰিকাৰ মেইনত এক ভয়ংকৰ বিমান দুৰ্ঘটনাৰ বাতৰি পোৱা গৈছে। প্ৰাপ্ত খবৰ মতে, বেংগাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰা মৰাৰ কিছু সময় পিছতে এখন ব্যক্তিগত বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। বিমানখনত ৮ জন যাত্ৰী আছিল। সংবাদ প্ৰতিষ্ঠানৰ সূত্ৰ অনুসৰি, বৰ্তমানলৈ তেওঁলোকৰ কোনো তথ্য লাভ কৰা নাই।
জানিব পৰা মতে, বিমানখন বম্বাৰ্ডিয়াৰ চেলেঞ্জাৰ ৬৫০ মডেলৰ এখন ব্যক্তিগত বিমান আছিল। সংবাদ প্ৰতিষ্ঠানৰ সূত্ৰ অনুসৰি, সন্ধিয়া ৭.৪৫ বজাত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। ঘটনাস্থলীত উপস্থিত হৈছে দুৰ্যোগ প্ৰশমন বাহিনী। FAA আৰু ৰাষ্ট্ৰীয় পৰিবহণ সুৰক্ষা বোৰ্ডে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।
আমেৰিকাৰ বহু ঠাই প্ৰচণ্ড তুষাৰপাতৰ কৱলত পৰিছে। দেওবাৰে দেশৰ অন্যান্য প্ৰান্তৰ লগতে বেংগাৰতো প্ৰচণ্ড তুষাৰপাত হয়। এই বিমানবন্দৰৰ পৰা দেওবাৰে ব্যক্তিগত বিমানৰ বাহিৰে আন কোনো বিমান উৰা মৰা নাই। মেইনত এতিয়া তাপমাত্ৰা হিমশীতলৰ তললৈ নামিছে আৰু তুষাৰপাতৰ বাবে দৃশ্যমানতা হ্ৰাস পাইছে। সেয়েহে বেংগাৰ বিমানবন্দৰটো বৰ্তমান বন্ধ কৰি দিয়া হৈছে।
বেংগাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ বষ্টনৰ পৰা প্ৰায় ৩২০ কিলোমিটাৰ উত্তৰত অৱস্থিত। ইয়াৰ পৰা অৰলেণ্ডো, ফ্ল'ৰিডা, ৱাশ্বিংটন ডি চি আৰু শাৰ্লট, নৰ্থ কেৰ'লিনালৈ দৈনিক শ শ বিমান উৰে। তুষাৰপাতৰ ফলত বিমানবন্দৰটো ক্ষতিগ্ৰস্ত হৈছে।
তুষাৰপাত আৰু শিলাবৃষ্টিৰ বাবে হাজাৰ হাজাৰ বিমান বাতিল কৰা হৈছে। ফ্লাইট ট্ৰেকাৰ flightaware.com ৰ মতে, আমেৰিকাত দেওবাৰে প্ৰায় ১২,০০০ বিমানৰ উৰণ বাতিল কৰা হৈছে আৰু প্ৰায় ২০,০০০ বিমানৰ সময়সূচী সলনি কৰা হৈছে। ফিলাডেলফিয়া, ৱাশ্বিংটন, বাল্টিমোৰ, নৰ্থ কেৰ'লিনা, নিউয়ৰ্ক আৰু নিউ জাৰ্ছিৰ বিমান বন্দৰসমূহ ক্ষতিগ্ৰস্ত হৈছে।