এন এছ এ হিচাপে অজিত ডোভালৰ পুনৰ নিযুক্তিয়ে মুছলমান সমাজলৈ আশাৰ বাৰ্তা কঢ়িয়াই আনিছে

Story by  atv | Posted by  [email protected] • 4 Months ago
অজিত ডোভালৰ পুনৰ নিযুক্তিক আদৰণি জনোৱা মুছলমান সমাজৰ কেইগৰাকীমান ব্যক্তি
অজিত ডোভালৰ পুনৰ নিযুক্তিক আদৰণি জনোৱা মুছলমান সমাজৰ কেইগৰাকীমান ব্যক্তি
 
আৱাজ দ্য ভইচ অসম ব্যুৰ'

মোদী চৰকাৰে তৃতীয়টো কাৰ্যকালৰ বাবে অজিত ডোভালক ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা (এন এছ এ) হিচাপে নিযুক্তি দিয়া সিদ্ধান্তক সমগ্ৰ দেশে আদৰণি জনোৱা দেখা গৈছে। বিশেষকৈ মুছলমান সমাজৰ বিশিষ্ট ব্যক্তি, ধৰ্মীয় পণ্ডিত আৰু বুদ্ধিজীৱীসকলে ডোভালৰ নিযুক্তিত সন্তুষ্টি প্ৰকাশ কৰিছে।
 
সকলোৱে একেমুখে স্বীকাৰ কৰিছে যে এন এছ এ অজিত ডোভালে ভাৰতত হিন্দু আৰু মুছলমানৰ মাজত সম্প্ৰীতি গঢ়িবলৈ বহু গুৰুত্বপূৰ্ণ কাম কৰিছে। সেইবাবে মুছলমান সমাজৰ মানুহেও তেওঁক সমানে সন্মান আৰু শ্ৰদ্ধা কৰে। মুছলমান নেতাসকলে অনুভৱ কৰে যে তেওঁলোকে এন এছ এ ডোভালৰ জৰিয়তে চৰকাৰক নিজৰ বাৰ্তা প্ৰেৰণ কৰিব পাৰে।
 
ভাৰতীয় ইণ্টাৰ ফেইথ হাৰমনি ফাউণ্ডেশ্যন (Inter Faith Harmony Foundation Of India)ৰ সভাপতি ড০ খোৱাজা ইফতিকাৰ আহমেদে কয় যে, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা হিচাপে অজিত ডোভালে একেৰাহে তৃতীয় কাৰ্যকাল লাভ কৰাটো তেওঁৰ বিগত সময়ছোৱাৰ নিখুঁত দক্ষতাক প্ৰমাণ কৰে, যাৰ বাবে তেওঁ বহুলভাৱে সমাদৃত। এইটো কেৱল তেওঁৰ শেহতীয়া দুটা অতি সফল কাৰ্যকালৰ ফল নহয়, ইয়াতকৈও বেছি ই তেওঁৰ ব্যক্তিগত সততা, পেছাদাৰিত্বৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত গ্ৰহণ কৰা উচ্চ নৈতিক ভিত্তিৰ কথা প্ৰদৰ্শন কৰে। আমাৰ দেশ আৰু ৰাষ্ট্ৰীয় নেতৃত্বই তেওঁৰ ওপৰত ৰখা বিশ্বাস আৰু আস্থাকো ই প্ৰতিফলিত কৰে।
 
"তৃতীয়টো কাৰ্যকালৰ বাবে অজিত ডোভালক পুনৰ নিযুক্তি দিয়াৰ ফলত ঘৰুৱা আৰু বাহ্যিক দুয়োটা দিশতে সুন্দৰ ফলাফল দিয়া নীতিসমূহৰ সামঞ্জস্য আৰু ধাৰাবাহিকতা আহিব। তেওঁক আৰু তেওঁৰ সক্ষম দলৰ সদস্যসকলক হৃদয়ৰ পৰা মই অভিনন্দন জনাইছো। যেতিয়াই মোৰ সেৱাৰ কোনো প্ৰয়োজন হয়, তেতিয়াই মই তেওঁৰ কাষত থাকিম।"-ড০ খোৱাজা ইফতিকাৰ আহমেদে কয়।
 
নুৰুল আমিন কাছিমী আৰু ড০ শ্বাহনাজ ৰহমান
 
অসমৰ প্ৰখ্যাত ইছলামিক পণ্ডিত আৰু সমাজকৰ্মী নুৰুল আমিন কাছিমীয়েও তৃতীয়টো কাৰ্যকালৰ বাবে দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্ত হোৱা অজিত ডোভালক অভিনন্দন জনাইছে আৰু তেওঁৰ নিযুক্তিয়ে দেশৰ নিৰাপত্তা আৰু সুৰক্ষা সুনিশ্চিত কৰিব বুলি আশা প্ৰকাশ কৰিছে। 
 
"অজিত ডোভাল ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা হিচাপে একেবাৰাহে তৃতীয়টো কাৰ্যকালৰ বাবে নিযুক্তি লাভ কৰাত আমি নথৈ আনন্দিত হৈছো। বিগত কাৰ্যকালত অত্যন্ত বিচক্ষণতা আৰু কৰ্মদক্ষতাৰ পৰিচয় দিয়া ডোভালৰ প্ৰতি পুনৰবাৰ আস্থা প্ৰকাশ কৰিছে নৰেন্দ্ৰ মোদী চৰকাৰে। ১৯৬৮ বেটচৰ IPS বিষয়া ডোভালে দেশৰ নিৰাপত্তা সংক্ৰান্তীয় সকলো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ২০১৯ চনৰ পুলৱামা কাণ্ডৰ প্ৰতিশোধ হিচাপে ভাৰতে পাকিস্তানৰ ওপৰত চলোৱা সফল এয়াৰ ষ্ট্ৰাইক ডোভালৰ সুদক্ষ নেতৃত্ব আৰু পৰিকল্পনাতে সফল হৈছিল, "নুৰুল আমিন কাছিমীয়ে কয়।
 
তেওঁ পুনৰ উল্লেখ কৰে যে ২০১৪ চনত ইৰাকৰ টিক্ৰিট চহৰত আটকাধীন ৪৬ গৰাকী ভাৰতীয় নাৰ্ছক মুকলি কৰাৰ ক্ষেত্ৰত ডোভালে মুখ্য ভূমিকা পালন কৰিছিল। কোভিড-১৯ মহামাৰীৰ সময়তো দেশবাসীৰ বাবে তেওঁ নিস্বাৰ্থভাৱে সেৱা আগবঢ়াইছিল। দেশৰ হিন্দু-মুছলমান ঐক্যৰ ক্ষেত্ৰতো অত্যন্ত তৎপৰ এনএছএ ডোভাল। সমাজত একতা আৰু শান্তি-সম্প্ৰীতিৰ বাৰ্তা বিলোৱাৰ ক্ষেত্ৰত তেওঁ অতন্দ্ৰ প্ৰহৰী হিচাপে কাম কৰি আছে। তেওঁৰ নেতৃত্বত দেশৰ নিৰাপত্তা আৰু অধিক কটকটীয়া হ'ব বুলি দেশৰ নাগৰিক হিচাপে আমি আশা কৰিছো।
  
অজিত ডোভালক সম্বৰ্ধনা জনাইছে মুছলিম ৱৰ্ল্ড লীগৰ মহাসচিব শ্বেখ ড০ মহম্মদ বিন আব্দুলকাৰীম আল ইছাই, প্ৰতিনিধিত্বমূলক ফটো
 
অল ইণ্ডিয়া চুফী সজ্জাদানাছিন কাউন্সিলৰ অধ্যক্ষ চৈয়দ নাছিৰুদ্দিন চিষ্টিয়ে ডোভালৰ পুনৰ নিযুক্তি সন্দৰ্ভত কয়, "আমি ভাৰতবাসীয়ে অজিত ডোভাল চাহাবক পুনৰ এন এছ এ হিচাপে দায়িত্ব লোৱাৰ বাবে অভিনন্দন জনাই গৌৰৱ অনুভৱ কৰিছো। তেওঁ ভাৰতীয় নাগৰিক বিশেষকৈ মুছলমানৰ প্ৰতি বহুত সন্মান কঢ়িয়াই লৈ ফুৰে। মই নিশ্চিত যে  এনএছএ হিচাপে তেওঁৰ কাৰ্যকালে আমাৰ দেশক অধিক সৱল আৰু শক্তিশালী কৰিব। এন এছ এ হিচাপে তেওঁৰ পূৰ্বৰ সেৱাসমূহৰ আধাৰত মই এই বক্তব্য আগবঢ়াইছো।"
 
ইফালে, দৰগাহ আজমেৰ শ্বৰীফৰ গাদ্দী নাছিন তথা চিষ্টি ফাউণ্ডেশ্যনৰ অধ্যক্ষ হাজী চৈয়দ ছলমান চিষ্টীয়ে অজিত ডোভালক তৃতীয় কাৰ্যকালৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা হিচাপে পুনৰ নিযুক্তি লাভ কৰাত আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে।
 
"আমাৰ প্ৰিয় দেশ ভাৰতৰ সুৰক্ষা আৰু অখণ্ডতাৰ প্ৰতি আপোনাৰ অটল সমৰ্পণ শক্তি আৰু সুস্থিৰতাৰ প্ৰকৃত নিদৰ্শন। ভাৰতৰ শান্তি আৰু স্থিৰতা ৰক্ষাৰ ক্ষেত্ৰত আপোনাৰ অক্লান্ত প্ৰচেষ্টাক আমি সকলোৱে শলাগ লও। কাশ্মীৰ উপত্যকাৰ পৰা আৰম্ভ কৰি কন্যাকুমাৰীৰ চিৰসেউজ ভূমিলৈকে আপোনাৰ কামে ঐক্যৰ পোষকতা কৰে আৰু আপুনি একতা-সমন্বয়ৰ মনোভাৱেৰে জনগোষ্ঠীসমূহক একত্ৰিত কৰাত সহায় কৰিছে।"-হাজী চৈয়দ ছলমান চিষ্টীয়ে কয়।
 
প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হাজী ছলমান চিষ্টি (প্ৰতিনিধিত্বমূলক ফটো) 
 
তেওঁ পুনৰ কয় যে ভাৰতৰ চুফী সম্প্ৰদায়ৰ কণ্ঠ বৃদ্ধিৰ বাবে ডোভালৰ দায়বদ্ধতা সকলোৱে প্ৰত্যক্ষ কৰিছে। চুফীবাদৰ চহকী আধ্যাত্মিক ঐতিহ্যক প্ৰচাৰ কৰি তেওঁ আমাৰ দেশৰ প্ৰেম, সহনশীলতা আৰু অন্তৰ্ভুক্তিৰ মূল্যবোধক লালন-পালন কৰাত সহায় কৰিছে।  বিভিন্ন ধৰ্মীয় আৰু আধ্যাত্মিক নেতাসকলৰ মাজত গঠনমূলক আলোচনাৰ জৰিয়তে যোগাযোগৰ ব্যৱধান দূৰ কৰাৰ ক্ষেত্ৰত এনএছএ অজিত ডোভালৰ প্ৰচেষ্টাই অধিক পাৰস্পৰিক সন্মান আৰু বুজাবুজিৰ পথ প্ৰশস্ত কৰিছে বুলিও ছলমান চিষ্টীয়ে কয়।
 
অজিত ডোভালক তৃতীয়বাৰৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা হিচাপে পুনৰ নিযুক্তি পোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰি এন জি অ’ সম্পৰ্ক অভিযান কাশ্মীৰ (Sampark Abhiyan Kashmir)ৰ অধ্যক্ষ ছাবা ভাটে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা আৰু কৌশলগত নীতি বৃদ্ধিৰ ক্ষেত্ৰত তেওঁৰ গুৰুত্বপূৰ্ণ ভূমিকাক আলোকপাত কৰে। তেওঁ ডোভালৰ অদম্য নিষ্ঠা আৰু ব্যতিক্ৰমী সেৱাক ভূয়সী প্ৰশংসা কৰে।
 
ভাৰতৰ সংখ্যালঘু আয়োগৰ ৰাষ্ট্ৰীয় উপদেষ্টা আলী দাৰুৱালাই ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালক অভিনন্দন জ্ঞাপন কৰি কয় যে ডোভালৰ নেতৃত্বত আমি মুছলমানসকল ভাৰতত অতি নিৰাপদ আৰু সুৰক্ষিত অনুভৱ কৰোঁ। সঠিকভাৱে ক'বলৈ গ'লে তেওঁৰ কাৰ্যকালত যোৱা ১০ বছৰত কোনো সন্ত্ৰাসবাদী আক্ৰমণ হোৱা নাই আৰু মুছলমানক লক্ষ্য কৰি লোৱা হোৱা নাই। ভাৰত দাঙ্গামুক্ত হৈ পৰিছে। কেৱল অজিত ডোভালৰ চোৰাংচোৱা তথ্য আৰু তেওঁৰ সময়োপযোগী ব্যৱস্থাৰ বাবেই এয়া সম্ভৱ হৈছে। এই সন্মানীয় পদৰ বাবে আটাইতকৈ উপযুক্ত ব্যক্তি বাছনি কৰাৰ বাবে নৰেন্দ্ৰ মোদীক অভিনন্দন জনাইছো।
 
ছাবা ভাট আৰু খালিদ জাহাংগীৰ
 
দেশৰ এগৰাকী প্ৰখ্যাত শল্য চিকিৎসক পদ্মশ্ৰী ইলিয়াছ আলীয়ে ডোভালৰ নিযুক্তিত সন্তুষ্টি প্ৰকাশ কৰি কয়, "ডোভাল এজন সুদক্ষ চোৰাংচোৱা বিষয়া আৰু প্ৰশাসক। সমন্বয়মুখী ভাৰতক লৈ তেওঁৰ এক ব্যাপক দৃষ্টিভংগী আছে। এনএছএ হিচাপে তৃতীয়টো কাৰ্যকালত তেওঁ ভাৰতৰ অনৈক্যৰ মাজত ঐক্যৰ দৃষ্টিভংগীক পুনৰ সৱল কৰিবলৈ সক্ষম হ'ব বুলি মই দৃঢ় বিশ্বাসী।"
 
প্ৰখ্যাত উকীল, শিক্ষাবিদ আৰু সমাজকৰ্মী ড০ শ্বাহনাজ ৰহমানে অজিত ডোভালৰ নিযুক্তিক আধৰণি জনাই কয়, "ভাৰতৰ ভৱিষ্যত নিৰ্ভৰ কৰে দেশত বসবাস কৰা বিভিন্ন ধৰ্মৰ নাগৰিকৰ মাজত থকা সু-সম্পৰ্ক আৰু পাৰস্পৰিক বিশ্বাসৰ ওপৰত। আমি আন্তৰিকতাৰে আশা কৰিছো যে অজিত ডোভালৰ পুনৰ নিযুক্তিয়ে দেশত এনে ঐক্য আৰু অধিক শক্তিশালী কৰিব। এজন উকীল আৰু এজন প্ৰকৃত ভাৰতীয় হোৱাৰ বাবে মই মাথোঁ বিচাৰো যে বৈচিত্ৰ্যৰ মাজত ভাৰতৰ ঐক্যৰ অনন্য নীতি-নিয়মৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা যিকোনো ধৰণৰ মৌলবাদ আৰু সন্ত্ৰাসবাদক কঠোৰ হাতেৰে নিয়ন্ত্ৰণ কৰিব লাগিব।"
 
 
ইফালে, লেখক তথা বিজেপিৰ জেষ্ঠ নেতা আৰু শ্ৰীনগৰ সমষ্টিৰ সংসদীয় প্ৰাৰ্থী খালিদ জাহাংগীৰে কয় যে বৰ্তমানৰ ভূ-ৰাজনৈতিক পৰিস্থিতিত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা হিচাপে অজিত ডোভালৰ ভূমিকা অপৰিহাৰ্য। ভাৰতে জটিল আভ্যন্তৰীণ আৰু বাহ্যিক প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ বাবে ডোভালৰ বিস্তৃত অভিজ্ঞতা অতি প্ৰয়োজনীয়।
 
"ৰাজনীতিৰ উৰ্ধত গৈ তেওঁৰ কৌশলগত অন্তৰ্দৃষ্টি আৰু ৰাষ্ট্ৰীয় স্বাৰ্থৰ প্ৰতি অটল দায়বদ্ধতাই ডোভালক ভাৰতৰ নিৰাপত্তা নীতিক বিশ্বজুৰি শক্তিশালী কৰাৰ ক্ষেত্ৰত এক মূল ব্যক্তিত্ব কৰি তুলিছে।"-খালিদ জাহাংগীৰে কয়।