পথ দুৰ্ঘটনাত আঘাত নোপোৱাকৈ ৰক্ষা পৰে অসমৰ কংগ্ৰেছ সভাপতি গৌৰৱ গগৈ

Story by  PTI | Posted by   Imtiaz Ahmed • 12 h ago
দুৰ্ঘটনা সংঘটিত হোৱা বাহনখন; আৰু গৌৰৱ গগৈ
দুৰ্ঘটনা সংঘটিত হোৱা বাহনখন; আৰু গৌৰৱ গগৈ
যোৰহাট

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ বাহনখন বৃহস্পতিবাৰে ইয়াত দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত কোনো আঘাত নোপোৱাকৈ সাংসদগৰাকী ৰক্ষা পৰে বুলি জানিব পৰা গৈছে।

গগৈয়ে জানিবলৈ দিয়া মতে, তেওঁ চহৰখনৰ কংগ্ৰেছ ভৱনত এখন সংবাদ মেল সম্বোধন কৰিবলৈ যোৱাৰ সময়তে হঠাতে চালকজন অসুস্থ হৈ পৰে আৰু গাড়ীখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই গাড়ীখন গৈ পথৰ দাঁতিত ৰৈ যায়। 

"চালকজনে সামান্য আঘাত পাই আৰু চিকিৎসালয়লৈ লৈ যোৱা হয় য'ত তেওঁৰ অৱস্থা সুস্থিৰ আৰু বিপদ মুক্ত বুলি কোৱা হয়," কংগ্ৰেছ নেতাগৰাকীয়ে কয়। সাংসদগৰাকীৰ বাহনখন সামান্য ক্ষতিগ্ৰস্ত হৈছে।

গগৈয়ে কয় যে তেওঁ কোনো ধৰণৰ আঘাত পোৱা নাই আৰু "চিন্তাৰ কোনো কাৰণ নাই"। 

"এই কাণ্ডক লৈ উদ্বেগ প্ৰকাশ কৰা সকলোকে ধন্যবাদ জনাইছো, কিন্তু মই ধন্য যে মই নিৰাপদ আৰু চিন্তাৰ কোনো কাৰণ নাই," তেওঁ লগতে কয়।