গুৱাহাটী
অসমৰ প্ৰদেশ কংগ্ৰেছে শনিবাৰে ঘোষণা কৰে যে সাংস্কৃতিক আইকন জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্ত আৰু ন্যায়িক কাৰ্য্যবিধি তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰিবলৈ অধিবক্তাৰ এখন সমিতি গঠন কৰা হৈছে।
ৰাজ্যৰ কেবিনেটে বিশেষ জনঅধিবক্তা (পিপি)ৰ পাঁচজনীয়া দলত অনুমোদন জনোৱাৰ এদিন পিছতে বৃহস্পতিবাৰে লোৱা এই সিদ্ধান্ত ৰাজহুৱা কৰে বিৰোধী দলটোৱে।
দলটোৰ সাধাৰণ সম্পাদক (সংগঠন) বিপুল গগৈয়ে এক বিবৃতিত কয় যে, "অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰয়াত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্ত আৰু ন্যায়িক প্ৰক্ৰিয়াৰ অগ্ৰগতি তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰিবলৈ তলত উল্লেখ কৰা জ্যেষ্ঠ অধিবক্তাসকলক লৈ এখন সমিতি গঠন কৰিছে।"
সমিতিৰ সদস্যসকল হ’ল হাফিজ ৰছিদ আহমেদ চৌধুৰী, ৰাম প্ৰসাদ সৰমাহ, দিলীপ চৌধুৰী, হামিদুৰ ৰহমান, হেমন্ত কলিতা আৰু ৰুবি গগৈ।
ৰাজ্য চৰকাৰে জিয়াউল কামাৰক বিশেষ জনঅধিবক্তা, ব্ৰজেন্দ্ৰ মোহন চৌধুৰীক অতিৰিক্ত জনঅধিবক্তা, আৰু কিশোৰ দত্ত, প্ৰাঞ্জল দত্ত আৰু বিকাশ জম্মাৰক সহকাৰী জনঅধিবক্তা হিচাপে নিযুক্তি দিছে।
উত্তৰ-পূব ভাৰত মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ গৈ ছিংগাপুৰত ১৯ ছেপ্টেম্বৰত সাগৰত সাঁতুৰি থকা অৱস্থাত মৃত্যু হৈছিল গায়ক-সুৰকাৰ-অভিনেতাগৰাকীৰ।
এই গোচৰৰ তদন্ত চলাই ৰাজ্য আৰক্ষীৰ চি আই ডিৰ বিশেষ তদন্তকাৰী দলে যোৱা ১২ ডিচেম্বৰত আদালতৰ সন্মুখত অভিযোগনামা দাখিল কৰিছিল।