ইন্দোৰত গাড়ী-ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, মধ্য প্ৰদেশৰ প্ৰাক্তন গৃহ মন্ত্ৰীৰ কন্যাসহ নিহত ৩

Story by  atv | Posted by  [email protected] • 17 h ago
ইন্দোৰত গাড়ী-ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, মধ্য প্ৰদেশৰ প্ৰাক্তন গৃহ মন্ত্ৰীৰ কন্যাসহ নিহত ৩
ইন্দোৰত গাড়ী-ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, মধ্য প্ৰদেশৰ প্ৰাক্তন গৃহ মন্ত্ৰীৰ কন্যাসহ নিহত ৩
 
ইন্দোৰ
 
মধ্যপ্ৰদেশৰ প্ৰাক্তন গৃহমন্ত্ৰী বালা বচ্চনৰ কন্যা প্ৰেৰণাৰ ভয়াৱহ পথ দুৰ্ঘটনাত মৃত্যু ঘটে। এই দুৰ্ঘটনাত আৰু দুজন লোকৰ মৃত্যু হয়। শুকুৰবাৰে পুৱা ৫.১৫ বজাত মধ্যপ্ৰদেশৰ ইন্দোৰৰ তেজাজী নগৰ থানাৰ সমীপত দুৰ্ঘটনাটো সংঘটিত হয়। বন্ধু এজনৰ জন্মদিনত গোটেই নিশা পাৰ্টি কৰি ঘৰলৈ উভতি অহাৰ পথতে এই দুৰ্ঘটনাটো সংঘটিত হয়। তীব্ৰ বেগেৰে গৈ থকা অৱস্থাত এখন ট্ৰাকে তেওঁলোকৰ বাহনখনত নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে।
 
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, প্ৰেৰণাই ইন্দোৰত অধ্যয়ন কৰি আছিল। বৃহস্পতিবাৰে তেওঁৰ এজন বন্ধুৰ জন্মদিন আছিল। শুকুৰবাৰে পুৱা, গোটেই নিশা পাৰ্টি কৰাৰ পিছত তেওঁ গাড়ীৰে ঘৰলৈ উভতিছিল। দুৰ্ঘটনাৰ সময়ত প্ৰখৰ কাশলীৱাল, মইনু সান্ধু, প্ৰেৰণা বচ্চন আৰু অনুষ্কা ৰাঠী গাড়ীত আছিল। বৃহস্পতিবাৰে তেওঁৰ জন্মদিন উপলক্ষে তেওঁলোক মোহাত উপস্থিত হৈছিল। তাৰ পৰা উভতি অহাৰ পথত তালামণ্ডল অঞ্চলৰ মাজেৰে বাইপাছত উঠাৰ সময়ত ঘটনাটো সংঘটিত হয়। 
 
দুৰ্ঘটনাৰ ফলত প্ৰেৰণাৰ টাটা নেক্সন গাড়ীখন সম্পূৰ্ণৰূপে ভস্মীভূত হয়। প্ৰখৰ, প্ৰেৰণা আৰু মইনুৰ ঘটনাস্থলীতে মৃত্যু হয়। অনুষ্কাক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। 
 
দুৰ্ঘটনাৰ খবৰ পাই প্ৰাক্তন গৃহ মন্ত্ৰী বালা বচ্চনে ঘটনাস্থলীলৈ ৰাওনা হৈছে। কংগ্রেছৰ বহু নেতাও চিকিৎসালয়ত উপস্থিত হৈছে। ইন্দোৰ আৰক্ষীয়ে দুৰ্ঘটনাস্থলীৰ আশে-পাশে ট্ৰাকখনৰ সন্ধানত অভিযান চলাই আছে। তদুপৰি, আৰক্ষীয়ে অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি আছে।