যোৰহাট-মাজুলী সংযোগী দলং পৰিদৰ্শন কৰি নিৰ্মাণকাৰ্যৰ অগ্রগতিৰ বুজ ল'লে মুখ্যমন্ত্রীয়ে

Story by  atv | Posted by   Imtiaz Ahmed • 7 Months ago
যোৰহাট-মাজুলী সংযোগী দলং পৰিদৰ্শন কৰি নিৰ্মাণকাৰ্যৰ অগ্রগতিৰ বুজ ল'লে মুখ্যমন্ত্রীয়ে
যোৰহাট-মাজুলী সংযোগী দলং পৰিদৰ্শন কৰি নিৰ্মাণকাৰ্যৰ অগ্রগতিৰ বুজ ল'লে মুখ্যমন্ত্রীয়ে
যোৰহাট

মাজুলী ভ্ৰমণৰ সময়ছোৱাত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই মঙলবাৰে যোৰহাটৰ পৰা মাজুলী সংযোগী ব্রহ্মপুত্ৰ নৈৰ ওপৰত নির্মীয়মান দলংখন পৰিদৰ্শন কৰি নিৰ্মাণকাৰ্যৰ অগ্রগতিৰ বুজ লয়। মুখ্যমন্ত্রীয়ে লোকনির্মাণ, ৰাষ্ট্ৰীয় ঘাইপথ আৰু নিৰ্মাণ প্ৰতিষ্ঠানৰ মুখ্য অভিযন্তা তথা কাৰিকৰী বিশেষজ্ঞসকলৰ সৈতে দলংখনৰ কাম-কাজৰ অগ্রগতিৰ পৰ্যালোচনা কৰে। 

উল্লেখ্য যে মাজুলীবাসীৰ দীৰ্ঘদিনীয়া দাবীৰ প্রতি লক্ষ্য ৰাখি যোৰহাট আৰু মাজুলী সংযোগী এই দলংখনৰ নিৰ্মাণকাৰ্য ২০২১ বৰ্ষৰ ২৯ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে। ₹৬৫০.০৭ কোটি ব্যয় সাপেক্ষ এই দলংখনৰ নির্মাণকার্য সম্পূর্ণ হৈ উঠিলে দুয়োখন জিলাৰ মাজত প্রত্যক্ষ সংযোগৰ লগতে যাতায়াত ব্যৱস্থাৰ ক্ষেত্ৰত আমূল পৰিবৰ্তন সম্ভৱ হৈ উঠিব।

ইয়াৰ পিছতে সাংবাদিকৰ সৈতে হোৱা কথোপকথনত মুখ্যমন্ত্ৰীয়ে কয় যে বিভাগৰ বিষয়া আৰু নিৰ্মাণকাৰী সংস্থাক বাৰিষাৰ পূৰ্বে কাম-কাজসমূহ অধিক ক্ষিপ্ৰতৰ কৰি তোলাৰ বাবে নির্দেশ দিয়া হৈছে। মুখ্যমন্ত্রীয়ে চলিত বৰ্ষৰ কাম-কাজত সন্তুষ্টি ব্যক্ত কৰে।

আনহাতে, মুখ্যমন্ত্রীয়ে আজি লোকনির্মাণ (পথ) বিভাগৰ মাজুলী জিলা টেৰিট'ৰিয়েল ডিভিজনৰ দ্বাৰা মাজুলী আৰু লখিমপুৰ সংযোগী ১৯.৫৪৭ কিঃমিঃ পথ উন্নীতকৰণৰ বাবে লোৱা পথ প্ৰকল্পৰ নিৰ্মাণকাৰ্যৰ অগ্রগতিৰো বুজ লয়। উল্লেখ্য যে এই পথ প্রকল্পত দুখন দলং নিৰ্মাণ কৰি থকা হৈছে। ইয়াৰে মাজুলীৰ বালিচাপৰি সংযোগী লুইত নদীৰ ওপৰত ৭০২ মিটাৰ আৰু লখিমপুৰৰ বঙালমৰা সংযোগী সোঁৱণশিৰি নদীৰ ওপৰত ২৮৩০ মিটাৰ দৈৰ্ঘ্যৰ দলং নিৰ্মাণ কৰি থকা হৈছে। এই প্রকল্পটোত মুঠ ব্যয় হ'ব ₹৬৯৪.৭৭ কোটি। আনহাতে, মুখ্যমন্ত্রীয়ে নিৰ্মাণস্থলী পৰিদৰ্শন কৰি নিৰ্মাণ প্ৰতিষ্ঠানৰ মুখ্য অভিযন্তা আৰু কাৰিকৰী বিশেষজ্ঞসকলৰ লগত দলংখনৰ নিৰ্মাণকাৰ্যৰ কাৰিকৰী দিশৰ বুজ লয়।

আজিৰ এই পৰিদৰ্শন কালত সাংসদদ্বয় প্রদান বৰুৱা আৰু তপন কুমাৰ গগৈ, বিধায়ক ক্রমে ভূৱন গাম, নৱ দলে, মানৱ ডেকা, মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদর্শন ঠাকুৰ, জিলা আয়ুক্ত কাবেৰী বি শৰ্মা, লোকনির্মাণ, ৰাষ্ট্ৰীয় ঘাইপথ আৰু নিৰ্মাণকাৰী সংস্থাৰ অভিযন্তা তথা কাৰিকৰী বিশেষজ্ঞসকল উপস্থিত থাকে।