গুৱাহাটী
২ মাৰ্চৰ পৰা ৰমজানৰ ৰোজা আৰম্ভ হব বুলি শুকুৰবাৰে কেন্দ্রীয় হিলাল কমিটীয়ে ঘোষণা কৰিছে। কিয়নো আজি সন্ধিয়া অসম, উত্তৰ-পূৰ্বাঞ্চল তথা দেশৰ অন্যান্য অংশতো ৰমজান মাহৰ জোন দেখা নগ'ল।
এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি, কেন্দ্রীয় হিলাল কমিটী অসমৰ সভাপতি মৌলানা শ্বেখ ফখৰুদ্দিন আহমদ কাছিমী আৰু সম্পাদক প্রধান আলহাজ ইমদাদ হুছেইনে জনাই যে, আজি সন্ধিয়া অসম, উত্তৰ-পূৰ্বাঞ্চল তথা দেশৰ অন্যান্য অংশতো ৰমজান মাহৰ জোন দেখা নগ'ল। সেয়েহে অহা ইং ২ মার্চ, ২০২৫ ৰবিবাৰৰ পৰা প্ৰথম ৰমজানৰ ৰোজা আৰম্ভ হ'ব।
কেন্দ্রীয় হিলাল কমিটি অসমৰ তৰফৰ পৰা সভাপতি মৌলানা শ্বেখ ফখৰুদ্দিন আহমদ কাছিমী আৰু সম্পাদক প্রধান আলহাজ ইমদাদ হুছেইনে সমূহ অসমবাসী ৰাইজলৈ ৰমজানৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।