ফিলিপাইনছ
দক্ষিণ ফিলিপাইনছৰ উপকূলত সংঘটিত হয় এক ফেৰী দুৰ্ঘটনাত কমেও ১৮ জন লোকৰ মৃত্যু হয় আৰু ৩১৬ জন লোকক জীৱন্তে উদ্ধাৰ কৰা হয়। ৩৫০ জনতকৈ অধিক লোক কঢ়িয়াই অনা ফেৰীখন ডুব যোৱাৰ ফলত ১৮ জন লোক মৃত্যুমুখত পৰে।
MV তৃষা কাৰষ্টিন-৩ নামৰ ফেৰীখন পতিত হয় দুৰ্ঘটনাত। দুৰ্ঘটনাৰ সময়ত ফেৰীখনে ইয়াৰ অনুমোদিত ক্ষমতাৰ ভিতৰত ৩৩২ জন যাত্ৰী আৰু ২৭ জন কৰ্মচাৰীক কঢ়িয়াই লৈ গৈছিল। ফেৰীখনে যাত্ৰা কৰাৰ ৪ ঘণ্টা পাছত নিশা ১.৫০ বজাত মাজ সাগৰত ডুব যায়। জাম্বোৱাংগা চহৰৰ পৰা জলদ্বীপলৈ যাত্ৰা কৰিছিল ফেৰীখনে।
ফিলিপাইনছৰ উপকূলৰক্ষী বাহিনীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ৩১৭ জন লোকক উদ্ধাৰ কৰা হৈছে ৷ ইপিনে, ২৪ জন লোক এতিয়াও সন্ধানহীন হৈ আছে। অব্যাহত আছে অনুসন্ধান আৰু উদ্ধাৰ অভিযান। উদ্ধাৰ অভিযানৰ বাবে হেলিকপ্টাৰ আৰু বিশেষ জাহাজ ব্যৱহাৰ কৰা হৈছে।