আজিৰ পৰা বন্ধ থাকিব গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা

Story by  atv | Posted by  Munni Begum • 10 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী
 
ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ আটাইকেইটা ঘাটত ফেৰী সেৱা বাতিল কৰিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে। 
 
মংগলবাৰৰ পৰা গুৱাহাটী-উত্তৰ গুৱাহাটী, গুৱাহাটী-ৰজাদুৱাৰ, গুৱাহাটী-মধ্যমখণ্ড, গুৱাহাটী-কুৰুৱা আৰু গুৱাহাটী-উমানন্দ ঘাটত ফেৰীৰ চলাচল বন্ধ থাকিব। 
 
আভ্যন্তৰীণ জল পৰিবহণ বিভাগে সোমবাৰে এই সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰিছে। যাত্ৰীৰ সুৰক্ষাৰ প্রতি লক্ষ্য ৰাখি বিভাগে তাৎক্ষণিকভাৱে এই সিদ্ধান্ত গ্রহণ কৰিছে। 
 
আভ্যন্তৰীণ জল পৰিবহণ বিভাগে পৰৱৰ্তী নিৰ্দেশনা জাৰি নকৰালৈকে গুৱাহাটীৰ পাঁচটা ঘাটত বিভাগৰ ফ্ৰেী সেৱা সম্পূর্ণৰূপে বন্ধ থাকিব।