অসমত স্থাপন কৰা হ'ব ১৫ লাখ নতুন স্মার্ট মিটাৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী 
 
ভাৰতৰ আগশাৰীৰ স্মার্ট মিটাৰ যোগানকাৰী প্ৰতিষ্ঠান ইন্টেলিস্মার্টে অসমৰ লগতে উত্তৰ প্ৰদেশ, বিহাৰ আৰু গুজৰাটত নতুন স্মার্ট মিটাৰ স্থাপনৰ বাবে প্রায় ২০ হেজাৰ কোটি টকাৰ নিবিদা লাভ কৰিছে। 
 
প্রতিষ্ঠনটোৱে জানিবলৈ দিয়ামতে এই নতুন নিবিদাৰ অধীনত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ বাবে প্রায় ১৫ লাখ স্মার্ট মিটাৰ স্থাপন কৰিব। ইয়াৰ পূৰ্বেও অসমত প্রায় ৬ লাখ স্মার্টমিটাৰ স্থাপনৰ দায়িত্ব লাভ কৰিছিল প্রতিষ্ঠানটোৱে। 
 
তেওঁলোকে জানিবলৈ দিয়ামতে অসমত এই স্মার্ট মিটাৰ স্থাপনৰ প্রক্রিয়া ৬০ শতাংশ সম্পূর্ণ হৈছে। ৰাজ্যৰ বিভিন্ন প্রান্তত এই সমূহ স্মার্ট মিটাৰ স্থাপন কৰি আছে ইন্টেলিস্মার্টে। 
 
শেহতীয়াকৈ অনুষ্ঠিত নিবিদা প্রক্রিয়াত এইসমূহ স্মার্ট মিটাৰ স্থাপনৰ দায়িত্ব লাভ কৰে প্রতিষ্ঠানটোৱে। অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ অধীনত নগৰাঞ্চলৰ লগতে বিভিন্ন গ্রামাঞ্চলতো এই স্মার্ট মিটাৰ স্থাপনৰ কাম হাতত লোৱা হৈছে। 
 
উল্লেখযোগ্য যে এই প্রতিষ্ঠানটোৱে বিহাৰতো ৩৬ লাখ স্মার্ট মিটাৰ স্থাপনৰ দায়িত্ব লাভ কৰিছে। দক্ষিণ বিহাৰ শক্তি বিতৰণ কোম্পানীৰ অধীনত এই প্রকল্প স্থাপনৰ বাবে নিবিদাত জয়ী হৈছে প্রতিষ্ঠানটো। 
 
ইন্টেলিস্মাৰ্টৰ পৰিচালন সঞ্চালক অনিল ৰাৱালে কয় যে বৈদ্যুতিক খণ্ডত ডিজিটেল মিটাৰ স্থাপনৰ বাবে দেশৰ প্ৰায় সকলো ৰাজ্যই নতুন আঁচনি গ্রহণ কৰিছে। 
 
এই আঁচনিৰ অধীনত প্রায় ২৫০ নিযুত স্মার্ট মিটাৰ স্থাপনৰ পৰিকল্পনা কৰিছে তেওঁলোকে। অসম চৰকাৰেও ৰাজ্যৰ বিদ্যুতৰ গ্রাহকসকলক ডিজিটেল স্মার্ট মিটাৰ যোগানৰ বাবে গ্রহণ কৰা আঁচনিৰ অধীনতে ইন্টেলিস্মার্টে প্রায় ২২ লাখ স্মার্ট মিটাৰ স্থাপন কৰিব অসমত।