ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসম আৰু জল জীৱন মিছন, অসমৰ মাজত পাৰস্পৰিক বুজাবুজি চুক্তি সম্পন্ন

Story by  atv | Posted by   Imtiaz Ahmed • 7 Months ago
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসম আৰু জল জীৱন মিছন, অসমৰ মাজত পাৰস্পৰিক বুজাবুজি চুক্তি সম্পন্ন
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসম আৰু জল জীৱন মিছন, অসমৰ মাজত পাৰস্পৰিক বুজাবুজি চুক্তি সম্পন্ন
গুৱাহাটী

ৰাজ্যৰ জনসাধাৰণৰ স্বাস্থ্য আৰু খোৱাপানীৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰাৰ বাবে মঙলবাৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসম আৰু জল জীৱন মিছন, অসমৰ মাজত পাৰস্পৰিক বুজাবুজি চুক্তি সম্পন্ন হয়। বিশেষকৈ এই ক্ষেত্রত দুয়োটা অভিযানতে এক উন্নত প্রকল্প ৰূপায়ণৰ উদ্দেশ্যে আশা কর্মীক জড়িত কৰোৱাৰ বাবে দুয়ো পক্ষৰ মাজত এই চুক্তি স্বাক্ষৰ হয়।

জল জীবন মিছন, অসম আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ এই যৌথ পদক্ষেপে জনস্বাস্থ্যৰ ক্ষেত্ৰখনত এক আমূল পৰিৱৰ্তন আনিব বুলি আশা কৰা হৈছে। বিশুদ্ধ খোৱাপানী যোগান ধৰাটো জল জীৱন মিছনৰ মূল লক্ষ্য যদিও এই মিছনে পানীজনিত কাৰণত হ'ব পৰা বিভিন্ন ৰোগ যেনে ডায়েৰিয়াকে ধৰি মেলেৰিয়া আৰু জাপানীজ এনকেফেলাইটিছ আদি বাহকজনিত ৰোগৰ প্রাদুর্ভাব হ্রাস কৰি ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমৰ গুৰুতৰ সমস্যাসমূহ সমাধান কৰাত সহায় কৰিব। ইয়াৰোপৰি এই চুক্তিয়ে পানীৰ পৰা হ'ব পৰা ৰোগৰ চিকিৎসাৰ বাবে পৰিয়ালটোৰ চিকিৎসা ব্যয় হ্রাস কৰাতো সহায় কৰিব বুলিও আশা কৰা হৈছে।

আশা কর্মীৰ সৈতে গ্রাম্য অঞ্চলৰ জনসাধাৰণৰ সংযোগ আৰু তেওঁলোকৰ আস্থাৰ বাবে এই যৌথ পদক্ষেপত এগৰাকী আশা কর্মীয়ে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব। কাৰণ আশা কর্মীসকলে কেৱল স্বাস্থ্য সম্পর্কীয় নিয়মীয়া বিষয়সমূহ প্রতিফলিত কৰি তোলাই নহয়, জল জীবন মিছনৰ জৰিয়তে প্ৰতিটো পৰিয়ালৰ ঘৰত সংযোগ কৰা কার্যক্ষম পানী কলৰ দ্বাৰা বিশুদ্ধ খোৱাপানীৰ ব্যৱহাৰ নিশ্চিত কৰা, ৰোগ প্ৰতিৰোধমূলক ব্যৱস্থা গ্রহণ, প্ৰচাৰৰ দ্বাৰা স্বাস্থ্য সম্পর্কীয় বিভিন্ন বিষয়সমূহো বর্ণনা কৰিব পাৰিব।

জল জীৱন মিছন, অসম আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ এই যৌথ পদক্ষেপে বিশুদ্ধ খোৱা পানীৰ জৰিয়তে গ্ৰাম্য অঞ্চলৰ জনসাধাৰণৰ স্বাস্থ্যৰ উন্নতি সাধনৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাব।

আজিৰ সভাত জনস্বাস্থ্য অভিযান্ত্রিকীকৰণ আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই তেওঁৰ ভাষণ প্রসংগত কয় যে “জল জীৱন মিছন, অসম আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসম উভয়ে একত্রিত হৈ গ্রাম্য অঞ্চলৰ প্ৰতিটো পৰিয়ালৰ সুস্বাস্থ্য নিশ্চিত কৰাৰ বাবে কাম কৰি আছে।" তেওঁ লগতে কয় যে জল জীৱন মিছন আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ এই যৌথ পদক্ষেপে 'ঘৰে ঘৰে পানী যোগানৰ আঁচনি'খনক ফলপ্রসূ আৰু সুদৃঢ় কৰাৰ ক্ষেত্ৰতো সুদূৰপ্ৰসাৰী ভূমিকা পালন কৰিব।

সভাত উপস্থিত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী কেশব মহন্তই ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমে জনসাধাৰণৰ সু-স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপক সম্ভৱপৰ সকলো প্ৰকাৰে সমৰ্থন আগবঢ়াব বুলি ব্যক্ত কৰে।

আজিৰ এই সভাত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অতিৰিক্ত মুখ্য সচিব অবিনাশ পি যোশী, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সচিব তথা জল জীৱন মিছন, অসমৰ অভিযান সঞ্চালক কৈলাশ কার্থিক এন, আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ অভিযান সঞ্চালিকা ড° এম এছ লক্ষ্মী প্রিয়া উপস্থিত থাকে।