উত্তৰ-পূব মোৰ হৃদয়ৰ টুকুৰা, মণিপুৰত শান্তিৰ সূৰ্য্য পুনৰ উদয় হ’বঃ অনাস্থা প্ৰস্তাৱৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰী মোদী

Story by  atv | Posted by  [email protected] • 1 Years ago
অনাস্থা প্ৰস্তাৱৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰী মোদী
অনাস্থা প্ৰস্তাৱৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰী মোদী
 
নতুন দিল্লী
 
মণিপুৰত শান্তিৰ সূৰ্য্য নিশ্চয় উদয় হ’ব আৰু মণিপুৰ নতুন আত্মবিশ্বাসেৰে আগবাঢ়ি যাব। মণিপুৰবাসীলৈ এই আশ্বাস দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।  সংসদত বিৰোধীৰ অনাস্থা প্ৰস্তাৱৰ প্ৰত্যুত্তৰত বৃহস্পতিবাৰে বিয়লি প্ৰধানমন্ত্ৰীয়ে কয় যে সমগ্ৰ দেশ আৰু সংসদ মণিপুৰবাসীৰ সৈতে আছে।
 
"মণিপুৰত শান্তিৰ সূৰ্য্য নিশ্চয় উদয় হ’ব আৰু মণিপুৰ নতুন আত্মবিশ্বাসেৰে আগবাঢ়ি যাব। গোটেই দেশ আৰু সংসদ আপোনালোকৰ সৈতে আছে। তাত সমস্যাৰ সমাধান হ’ব। মণিপুৰৰ ভাতৃ-ভগ্নীসকলক মই এই আশ্বাস দিছো। মণিপুৰৰ ৰাইজক আশ্বস্ত কৰিব বিচাৰিছো যে আমি মণিপুৰৰ উন্নয়নৰ বাবে কাম কৰিছো আৰু কৰি যাম। "-প্ৰধানমন্ত্ৰীয়ে কয়।
 
মণিপুৰত সংঘটিত গোষ্ঠী সংঘৰ্ষৰ ঘটনাৰ বাবে বিৰোধীক দোষাৰোপ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সেয়া কংগ্ৰেছৰ ৰাজনীতিৰ ফল।
"উত্তৰ-পূব ভাৰত মোৰ হৃদয়ৰ টুকুৰাৰ দৰেই প্ৰিয়। কিন্তু আজি উত্তৰ-পূব ভাৰতত যি সমস্যা চলি আছে, তাৰ জন্ম দিছিল কংগ্ৰেছে। পাহৰি নাযাব যে মণিপুৰত যেতিয়া নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তিত বোমা বিস্ফোৰণ হৈছিল তেতিয়া মণিপুৰত আছিল কংগ্ৰেছৰ চৰকাৰ। মণিপুৰত দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ শাসন চলিছিল। কিন্তু সেই সময়ত মণিপুৰত বাৰে বাৰে বোমা বিস্ফোৰণ ঘটিছিল। কিন্তু আমি যোৱা ছবছৰ ধৰি মণিপুৰত চলাই থকা চৰকাৰখনে এই সমস্যা সমাধানৰ চেষ্টা কৰিছো। মোৰ চৰকাৰে মণিপুৰৰ উন্নতিৰ বাবে চেষ্টা কৰিছে। কিন্তু আমি ভোটৰ বাবে তাত উন্নয়ন কৰা নাই। আমাৰ সময়ত মণিপুৰত বন্দে ভাৰতৰ দৰে ৰেল প্ৰথমবাৰৰ বাবে চলিছে। এইমছ মুকলি হৈছে। প্ৰথম বাৰৰ বাবে মণিপুৰৰ এগৰাকী বিশিষ্ট ব্যক্তিক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছে। সবকা সাথ সবকা বিকাশ বুলি আমি যি শ্লোগান দিছো, সেয়া কেৱল শ্লোগান নহয়। আমি দেশৰ কাম কৰিবলৈ ওলাইছো।"-প্ৰধানমন্ত্ৰী মোদীয়ে কয়।
 
বিৰোধীৰ এনে অনাস্থা প্ৰস্তাৱ তেওঁৰ বাবে “ভাগ্যৱান” বুলি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, কাৰণ এইবোৰ বিৰোধীৰ বাবে  প্ৰতিবাৰে পৰীক্ষা হৈ পৰে। ৰাইজে নিজে বিচাৰ-বিবেচনা কৰি বিজেপিক পুনৰ ক্ষমতালৈ ঘূৰাই আনে। তেওঁ কয় যে যি প্ৰতিষ্ঠানৰ বিৰুদ্ধে বিৰোধীয়ে কথা কয়, তেওঁলোকৰে ভাগ্যচক্ৰ সলনি হয়। এন ডি এ আৰু বিজেপিও অভিলেখসংখ্যক জনাদেশ লৈ পুনৰ শাসনলৈ ঘূৰি আহিব।
২০১৮ চনত চন্দ্ৰবাবু নাইডুৰ তেলেগু দেশম পাৰ্টিয়ে উত্থাপন কৰা শেষৰটো অনাস্থা প্ৰস্তাৱৰ কথা সোঁৱৰাই প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, "তেতিয়াও মই কৈছিলোঁ যে এই প্ৰস্তাৱ আমাৰ চৰকাৰৰ পৰীক্ষা নহয়, বৰঞ্চ তেওঁলোকৰহে। কাৰণ, যেতিয়া ভোটদান হৈছিল, তেতিয়া তেওঁলোকৰ মাত নোহোৱা হৈ গৈছিল। আমি যেতিয়া জনসাধাৰণৰ মাজলৈ গৈছিলো তেতিয়া ৰাইজে তেওঁলোকৰ ওপৰত অনাস্থা ঘোষণা কৰিছিল। এন ডি এ আৰু বিজেপিয়ে অধিক ভোট পাইছিল। এক প্ৰকাৰ বিৰোধীৰ অনাস্থা প্ৰস্তাৱ আমাৰ বাবে এটা শুভ লক্ষণ"।