ৰে'লৰ ভাৰা বৃদ্ধি, ২৬ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হ’ব সংশোধিত ভাৰা (প্ৰতিনিধিত্বমূলক ছবি)
নতুন দিল্লী
ভাৰতীয় ৰে'ল বিভাগে ২০২৫ চনৰ ২৬ ডিচেম্বৰৰ পৰা সংশোধিত ভাৰা কাৰ্যকৰী কৰিব। অৱশ্যে, ২১৫ কিলোমিটাৰ পৰ্যন্ত স্থানীয় ৰে'ল, মাহেকীয়া ছিজন টিকট বা সাধাৰণ শ্ৰেণীৰ যাত্ৰাৰ বাবে ভাৰা বৃদ্ধি কৰা হোৱা নাই।
২১৫ কিলোমিটাৰৰ বেছি দূৰত্বৰ বাবে সাধাৰণ শ্ৰেণীত প্ৰতি কিলোমিটাৰত ১ পাইচা বৃদ্ধি কৰা হৈছে। মেইল/এক্সপ্ৰেছৰ নন-এচিৰ ভাৰা প্ৰতি কিলোমিটাৰত ২ পইচাকৈ বৃদ্ধি কৰা হৈছে। এচি শ্ৰেণীৰ ভাৰা প্ৰতি কিলোমিটাৰত ২ পইচা বৃদ্ধি কৰাৰ বিপৰীতে ৫০০ কিলোমিটাৰ নন-এচি যাত্ৰাৰ বাবে অতিৰিক্ত ১০ টকা টকা বৃদ্ধি কৰা হৈছে।
ৰে'লৱে কৰ্তৃপক্ষই কয় যে বিগত দশকত তেওঁলোকৰ নেটৱৰ্ক আৰু কাৰ্যকলাপ যথেষ্ট প্ৰসাৰিত হৈছে আৰু জনশক্তিও বৃদ্ধি পাইছে। শেহতীয়া ভাৰা বৃদ্ধিৰ ফলত ৰে'লৱেৰ বাৰ্ষিক উপাৰ্জন ৬০০ কোটি টকা বৃদ্ধি হ'ব বুলি সংবাদ মাধ্যমৰ আগত বিভাগটোৱে প্ৰকাশ কৰিছে।
ইয়াৰ পূৰ্বে জুনৰ আৰম্ভণিতে কেন্দ্ৰীয় ৰে'ল ৰাজ্য মন্ত্ৰী ভি সোমান্নাই কৈছিল যে যাত্ৰীসকলৰ ওপৰত প্ৰভাৱ নেপেলোৱাকৈ পৰ্যায়ক্ৰমে ৰে'ল ভাৰা বৃদ্ধি কৰা হ'ব।
ইয়াৰ পিছত ৰে'ল মন্ত্ৰ্যালয়ে এক চৰকাৰী বিজ্ঞপ্তি জাৰি কৰি ১ জুলাইৰ পৰা মেইল আৰু এক্সপ্ৰেছ ৰে'লৰ নন-এচি শ্ৰেণীৰ ভাৰা প্ৰতি কিলোমিটাৰত ১ পইচা আৰু সকলো এচি শ্ৰেণীৰ ভাৰা ২ পইচা বৃদ্ধি কৰা বুলি ঘোষণা কৰে।
সাধাৰণ দ্বিতীয় শ্ৰেণীৰ ভাৰা ৫০০ কিলোমিটাৰ পৰ্যন্ত বৃদ্ধি কৰা হোৱা নাছিল আৰু ইয়াৰ বেছি দূৰত্বৰ বাবে প্ৰতি কিলোমিটাৰত আধা পইচাকৈ টিকটৰ মূল্য বৃদ্ধি কৰা হৈছিল।
ইয়াৰ পূৰ্বে ২০২০ চনৰ ১ জানুৱাৰীত ৰে'ল ভাৰা বৃদ্ধি কৰা হৈছিল। সেই সময়ত সাধাৰণ ৰে'ল আৰু মেইল/এক্সপ্ৰেছ সেৱাৰ বাবে দ্বিতীয় শ্ৰেণীৰ ভাৰা ক্ৰমে প্ৰতি কিলোমিটাৰত ১ পইচা আৰু ২ পইচা বৃদ্ধি কৰা হৈছিল। বাতৰি অনুসৰি, শয়ন শ্ৰেণী আৰু সকলো এচি শ্ৰেণীৰ ভাৰা যথাক্ৰমে প্ৰতি কিলোমিটাৰত ২ পইচা আৰু ৪ পইচা বৃদ্ধি কৰা হৈছিল।