কামপুৰৰ দুৰ্ঘটনাৰ পাছতে কেইবাখনো ৰে'লৰ চলাচল বাতিল, হেল্পলাইন নম্বৰ মুকলি

Story by  atv | Posted by  [email protected] • 2 h ago
কামপুৰৰ দুৰ্ঘটনাৰ পাছতে কেইবাখনো ৰে'লৰ চলাচল বাতিল, হেল্পলাইন নম্বৰ মুকলি
কামপুৰৰ দুৰ্ঘটনাৰ পাছতে কেইবাখনো ৰে'লৰ চলাচল বাতিল, হেল্পলাইন নম্বৰ মুকলি
 
গুৱাহাটী
 
লামডিং সংমণ্ডলৰ অন্তৰ্গত যমুনামুখ–কামপুৰ ৰে’লপথত এটা হাতী জাকৰ সৈতে যাত্ৰীবাহী ৰে’লৰ ভয়ংকৰ সংঘৰ্ষৰ পিছত অসমৰ অন্যতম গুৰুত্বপূৰ্ণ ৰে’ল কৰিড’ৰ উত্তৰ-পূব সীমান্ত ৰে’লৱে (NFR)ৰ লামডিং–গুৱাহাটী অংশত ৰে’ল যোগাযোগ বিচ্ছিন্ন হৈ পৰে।
 
এই দুৰ্ঘটনাটোৰ ফলত বিশেষকৈ লামডিং–গুৱাহাটী ৰে’লপথৰ ডাউন লাইনত ৰে’ল যোগাযোগ বিঘ্নিত হৈ পৰে। যাৰ ফলত ৰে’ল কৰ্তৃপক্ষই একাধিক যাত্ৰীবাহী ৰে’লৰ চলাচল বাতিল কৰে। 
 
এই দুৰ্ঘটনাটোৰ পিছত ৰঙিয়া-নিউ তিনিচুকীয়া ৰে'ল, গুৱাহাটী-যোৰহাট জনশতাব্দী এক্সপ্ৰেছ, গুৱাহাটী-বদৰপুৰ উজনিমুৱা ৰে'ল, নিউ তিনিচুকীয়া-ৰঙিয়া নামনিমুৱা ৰে'ল, মৰিয়নি গুৱাহাটী ৰে'ল, লামডিং-গুৱাহাটী নামনিমুৱা ৰে'ল, যোৰহাট টাউন-গুৱাহাটী নামনিমুৱা জনশতাব্দী এক্সপ্ৰেছ, বদৰপুৰ-গুৱাহাটী নামনিমুৱা ৰে'ল, গুৱাহাটী-লামডিং নামনিমুৱা ৰে'ল, আলিপুৰদুৱাৰ-মৰিয়নি উজনিমুৱা ৰে'ল, মৰিয়নি-ডিগাৰুৰ মাজত মৰিয়নি-আলিপুৰদুৱাৰ নামনিমুৱা এক্সপ্ৰেছৰ চলাচল বাতিল কৰা হৈছে। 
 
আনহাতে, যাত্ৰীক উদ্ধাৰৰ বাবে ৰে’ল বিভাগে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা। ৰে’ল বিভাগে মুকলি কৰিছে তিনিটাকৈ হেল্পলাইন নম্বৰ। নম্বৰকেইটা হ’ল ০৩৬১-২৭৩১৬২১, ২৭৩১৬২২, ২৭৩১৬২৩।
 
উল্লেখ্য যে, শনিবাৰে মাজনিশা নিশা সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। তীব্ৰবেগী ৰাজধানী এক্সপ্ৰেছ ৰে’লৰ খুন্দাত ৭ টা হাতীৰ কৰুণ মৃত্যু ঘটে। দুৰ্ঘটনাৰ ফলত লাইনচ্যুত হয় ৰে’লখনৰ ৪টাকৈ দবা। সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে যাত্ৰীসকলৰ। নগাঁৱৰ কামপুৰৰ ছাংজুৰাইত নিশা এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়।