নগাঁও
নগাঁওৰ বিদেশী ন্যায়াধিকৰণে ১৫ জন ব্যক্তিক বাংলাদেশী মূলৰ বিদেশী নাগৰিক বুলি ঘোষণা কৰি ২৪ ঘন্টাৰ ভিতৰত ভাৰতৰ পৰা বিতাড়নৰ নিৰ্দেশ দিছে।
ন্যায়াধিকৰণৰ নিৰ্দেশ অনুসৰি আৰক্ষীয়ে ব্যক্তিকেইজনক বিতাড়নৰ বাবে জিম্মাত লৈছে। ন্যায়াধিকৰণৰ তথ্য অনুসৰি নগাঁও জিলাৰ উপায়ুক্ত দেৱাশীষ শৰ্মাই আনুষ্ঠানিক বিতাড়নৰ নিৰ্দেশ জাৰি কৰিছে।
বিষয়াসকলে কয় যে চিনাক্ত বিদেশীক মটিয়া ডিটেনচন কেম্পত ভৰ্তি কৰি প্ৰয়োজনীয় আইনী আৰু প্ৰশাসনিক পদ্ধতি সম্পূৰ্ণ কৰা হ'ব। আজি ৰাতিৰ ভাগত সীমান্ত সুৰক্ষা বাহিনীয়ে নিয়ম পালন কৰি আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ জৰিয়তে বাংলাদেশক গতাই দিয়াৰ সম্ভাৱনা আছে।
প্ৰব্ৰজন আইন আৰু ন্যায়াধিকৰণৰ ৰায় বলবৎ কৰাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰি কৰ্তৃপক্ষই কয় যে এই ব্যৱস্থা উপযুক্ত আইনী প্ৰক্ৰিয়াৰ পিছত গ্ৰহণ কৰা হৈছে।
ন্যায়াধিকৰণে বাংলাদেশী নাগৰিক বুলি ঘোষণা কৰা ব্যক্তিসকল হ’ল -- জোহুৰা খাতুন (নং ১ কান্ধুলিমাৰী, ধিং), আব্দুল আজিজ (হেদাতনগৰ, নগাঁও টাউন), আহেদা খাতুন (বগৰিগুৰি, জুৰিয়া), অজুফা খাতুন (গৰেমাতী খোৱা, ৰূপহীহাট), হুছেইন আলী (দিঘলীআটী, ৰহা), ফাজিলা খাতুন (হাতিযুজোৱা, বতদ্ৰৱা), অনুঅৱাৰা বেগম (লেংটেং, সমাগুৰি), আশা খাতুন (শালবাৰী, সমগুৰি), নজৰুল ইছলাম (চাপৰমুখ টাউন, ৰহা), ৰহিম শ্বেখ (দিঘলীয়া, ৰহা), বাৰেক আলী (দিঘলীয়া, ৰহা), ইদ্ৰিছ আলী (ৰাহা টাউন), ৰুস্তম আলী (হাতিগাঁও বাগান, কলিয়াবৰ), আনোৱাৰ খান (গৰুবন্ধা, জাখলাবন্ধা) আৰু তাহেৰ আলি (গৰইমাৰী, কলিয়াবৰ)।
কটকটীয়া নিৰাপত্তাৰ অধীনত আৰু সীমান্ত কৰ্তৃপক্ষৰ সমন্বয়ত বিতাড়ন কৰা হ’ব বুলি বিষয়াসকলে নিশ্চিত কৰিছে।