২০২৪-২০২৫ শিক্ষাবৰ্ষৰ কৰ্মপ্ৰাণ কৃষ্ণ ৰায়মেধি স্মাৰক পিতৃ মঙ্গল বঁটা প্ৰদান

Story by  atv | Posted by  Munni Begum • 5 h ago
"কৰ্মপ্ৰাণ কৃষ্ণ ৰায়মেধি স্মাৰক পিতৃ মঙ্গল বঁটা" লাভ কৰা ছাত্ৰ বিশাল কাশ্যপ আৰু কুলদ্বীপ তালুকদাৰৰ সৈতে মালবিকা ৰায়মেধি দাস
 
গুৱাহাটী   
 
শনিবাৰে নলবাৰীৰ গঙ্গাপুখুৰী বৰকুৰিহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পাঁচদিনীয়া বাৰ্ষিক অধিবেশনৰ বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষা, ২০২৪ আৰু ২০২৫ শিক্ষাবৰ্ষৰ বিদ্যালয়ৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ প্ৰাপক ছাত্ৰ যথাক্ৰমে বিশাল কাশ্যপ আৰু কুলদ্বীপ তালুকদাৰক "কৰ্মপ্ৰাণ কৃষ্ণ ৰায়মেধি স্মাৰক পিতৃ মঙ্গল বঁটা" প্ৰদান কৰা হয়।  
 
তেখেতৰ পত্নী মিনা কুমাৰী ৰায়মেধি আৰু পৰিয়াল বৰ্গৰ তৰফৰ পৰা আগবঢ়োৱা এই বঁটাত আছে নগদ ধনৰ এটি টোপোলা, এটি স্মাৰক আৰু এখন অভিধান। বঁটা প্ৰদানৰ সময়ত বহুমুখী প্ৰতিভা সম্পন্ন কৃষ্ণ ৰায়মেধিৰ বহুল কৰ্মময় জীৱনৰ এক সম্যক আভাস তেওঁৰ কন্যা মালবিকা ৰায়মেধি দাসে দিয়ে। 
 
নাট্যকাৰ আৰু কবিৰ লগতে অসম চৰকাৰৰ গড়কাপ্তানি বিভাগৰ আয়ুক্ত আৰু বিশেষ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰয়াত কৃষ্ণ ৰায়মেধিয়ে নিজ মাতৃৰ স্মৃতিত "হিৰণ্যগৰ্ভা হেমপ্ৰভা ৰায়মেধি স্মাৰক মাতৃ মঙ্গল বঁটা" বিগত ১৯৯৫ খ্ৰীষ্টাব্দৰ পৰাই নিজে পঢ়া এই গঙ্গাপুখুৰী হাই স্কুলৰ সৰ্বোচ্চ নম্বৰ প্ৰাপক ছাত্ৰক প্ৰদান কৰি আহিছিল।
 
২০১৯ চনত আকস্মিকভাৱে তেখেতৰ মহাপ্ৰয়াণ ঘটাৰ পিছতো এই বঁটা প্ৰদান কাৰ্য তেখেতৰ পত্নীয়ে অব্যাহত ৰাখিছে। বিদ্যালয়ৰ প্ৰধান শিক্ষক কমল মেধিৰ পৰিচালনাত বিদ্যালয় কৰ্তৃপক্ষ,সমূহ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ সহযোগত অনুষ্ঠিত এই সভাত গণ্য মান্য ব্যক্তি, অভিভাৱক বৃন্দ আৰু স্থানীয় ৰাইজৰ উপস্থিতিত আনুষ্ঠানিকভাৱে বঁটা প্ৰদান কাৰ্যসূচী সম্পন্ন হয়।