আদালতত দাখিল জুবিন গাৰ্গৰ ৰহস্যজনক হত্যাকাণ্ডৰ চাৰ্জশ্বীট

Story by  atv | Posted by  [email protected] • 2 Months ago
আদালতত দাখিল জুবিন গাৰ্গৰ ৰহস্যজনক হত্যাকাণ্ডৰ চাৰ্জশ্বীট
আদালতত দাখিল জুবিন গাৰ্গৰ ৰহস্যজনক হত্যাকাণ্ডৰ চাৰ্জশ্বীট
 
গুৱাহাটী
 
গুৱাহাটীৰ CJM আদালতত দাখিল কৰা হ’ল জুবিন গাৰ্গৰ ৰহস্যজনক হত্যাকাণ্ডৰ চাৰ্জশ্বীট। আই পি এছ মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত অহা SITৰ দলটোৱে ৩৫০০পৃষ্ঠাজোৰা এই চাৰ্জশ্বীট ৰ'জি কলিতা, মৰমী মেধি আৰু নৱ ডেকাই দাখিল কৰে আদালতত। সমগ্ৰ অসমবাসীৰ লগতে জুবিন গাৰ্গৰ পৰিয়াল অধীৰ অপেক্ষাত আছিল আজিৰ দিনটোক লৈ।
 
চাৰ্জশ্বীট দাখিলৰ দিনটোত আদালতত বাহিৰত ভিৰ কৰে বহু সংখ্যক জুবিন অনুৰাগীয়ে। ইফালে সামাজিক মাধ্যমতো জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে পুনৰ টেণ্ডিঙত চলিছে জাষ্টিছ ফৰ জুবিন শীৰ্ষক ডিজিটেল আন্দোলন।
 
ইতিমধ্যে ৭ অভিযুক্তৰ উপৰি প্ৰায় ২৭০ গৰাকীতকৈও অধিক ব্যক্তিৰ সাক্ষ্য গ্ৰহণ কৰিছে SIT-এ। ফৰেনচিক প্ৰতিবেদন, ছিংগাপুৰৰ পৰা অহা আৰক্ষী-চিকিৎসকৰ আংশিক প্ৰতিবেদন, অসমৰ চিকিৎসকৰ প্ৰতিবেদন, ছিংগাপুৰৰ নৰ্থ ইষ্ট ফেষ্টিভেললৈ যোৱা বহু লোকৰো সাক্ষ্যও সন্নিবিষ্ট হ'ব অভিযোগনামাত। ইয়াৰ লগতে আৰ্থিক দিশটোত হোৱা কেলেংকাৰি সন্দৰ্ভতো বহু তথ্য সন্নিবিষ্ট হ'ব অভিযোগনামাত।
 
চি আই ডি থানাত ৰুজু হোৱা ১৯/২৫ নম্বৰৰ দ্বিতীয় গোচৰটোৰ তদন্ত প্রক্রিয়া অব্যাহত আছে। ইয়াৰ পূৰ্বে জুবিন গাৰ্গৰ মৃত্যুৰ অভিযোগনামা ১০ ডিচেম্বৰৰ পূৰ্বে চূড়ান্ত কৰাৰ বাবে তদন্তকাৰীসকলে দিনে নিশাই কাম কৰি থকা বুলি দাবী কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 
 
উল্লেখ্য যে,  ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত ৰহস্যজনকভাৱে অকাল মৃত্যুক সাবটি লোৱা জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উদঘাটনৰ বাবে অসম চৰকাৰে গঠন কৰি দিছিল অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোট। আই পি এছ বিষয়া মুন্নাপ্ৰসাদ গুপ্তাৰ নেতৃত্বত গঠন কৰা হৈছিল SIT। বিগত তিনিমাহে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নী পামী বৰঠাকুৰে ন্যায়ৰ দাবীত নিৰন্তৰ স্থিতি প্ৰকাশ কৰি আহিছে।
 
জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত নর্থ-ইষ্ট ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যামকানু মহন্ত, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, জুবিন গাৰ্গৰ সম্বন্ধীয় ভাতৃ তথা অসম আৰক্ষীৰ ডিএছপি সন্দীপন গার্গ, বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী, সহ-গায়িকা অমৃতপ্ৰভা মহন্ত আৰু ব্যক্তিগত নিৰাপত্তাৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক গ্ৰেপ্তাৰ কৰা হৈছিল৷