জম্মু/নতুন দিল্লী
পাহালগাম সন্ত্ৰাসবাদী আক্ৰমণত পাকিস্তানৰ জড়িততা উন্মোচিত হোৱাৰ পিছতে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই ২২ এপ্ৰিলত ২৬ জন পৰ্যটকৰ মৃত্যু হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ আঁৰৰ মূল ষড়যন্ত্ৰকাৰী হিচাপে পাকিস্তানী নাগৰিক ছাজিদ চাইফুল্লাহ জাটৰ নাম ঘোষণা কৰিছে।
পাকিস্তানৰ কাছুৰৰ বাসিন্দা জাটে লস্কৰ-ই-তৈবাৰ শাখা দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট (TRF)ৰ মুৰব্বী। এন আই এয়ে তেওঁক আটক কৰাত সহায় কৰিব পৰা তথ্যৰ বাবে ১০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰাৰ লগতে তেওঁক ইউ এ পি এৰ অধীনত নিষিদ্ধ সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিছে।
আঠ মাহৰ সঠিক তদন্তৰ অন্তত অভিযোগনামা দাখিল কৰা হয়।
অভিযোগনামাত উল্লেখ কৰা আন নাম কেইটা হৈছে তিনিজন পাকিস্তানী সন্ত্ৰাসবাদী -- চুলেমানী শ্বাহ, হামজা আফগানী আৰু জিব্ৰান -- যিয়ে পহলগামত আক্ৰমণ সংঘটিত কৰিছিল আৰু ২৮ জুলাইত ডাচিগাম অঞ্চলত মহাদেৱ অভিযানৰ সময়ত নিহত হৈছিল।
জম্মু অঞ্চলৰ এন আই এৰ আদালতত দাখিল কৰা অভিযোগনামাত সন্ত্ৰাসবাদীক খাদ্য আৰু অন্য সুবিধাসমূহ দি সহায় আগবঢ়োৱা স্থানীয় সহযোগী বছিৰ আহমেদ জোথাৰ, পাৰভেজ আহমেদ জোথাৰ, মহম্মদ ইউছুফ কাটাৰীকে ধৰি আন ছয়জনৰ নামও উল্লেখ কৰা হৈছে। অভিযোগনামাত আৰু তিনিজনৰ নাম সন্নিবিষ্ট কৰা হৈছে।
তদন্তকাৰীয়ে জানিব পাৰিছে যে ২১ এপ্ৰিলৰ নিশা বছিৰ আৰু পাৰভেজে হিল পাৰ্ক অঞ্চলৰ এটা জুপুৰিত পহলগাম হত্যাকাৰীক আতিথ্য দিছিল। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ আঁৰৰ সন্ত্ৰাসবাদীক মহম্মদ ইউছুফে দক্ষিণ কাশ্মীৰৰ বনাঞ্চলত ভ্ৰমণ কৰি আক্ৰমণস্থলীলৈ গাইড কৰি সহায় কৰিছিল।
এন আই এয়ে সাত মাহৰ তদন্তৰ সময়ছোৱাত ১০০০ৰো অধিক লোকক জেৰা কৰি আক্ৰমণৰ সৈতে জড়িত লস্কৰ-ই-তৈবা আৰু টি আৰ এফ নেটৱৰ্ক উন্মোচন কৰে।
এন আই এৰ মতে, ভাৰতীয় ন্যায় সংহিতা (বি এন এছ), ২০২৩, অস্ত্ৰ আইন, ১৯৫৯, আৰু অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (ইউ এ পি এ), ১৯৬৭ৰ প্ৰাসংগিক বিধানৰ অধীনত লস্কৰ-ই-তৈবা/টি আৰ এফ আৰু পূৰ্বতে উল্লেখ কৰা চাৰিজন সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে।
এক বিবৃতিত কোৱা হৈছে যে, "এন আই এয়ে নিজৰ অভিযোগনামাত ভাৰত চৰকাৰৰ বিৰুদ্ধে যুদ্ধ চলোৱা সম্পৰ্কীয় শাস্তিমূলক বিধানো আৰোপ কৰিছে।"