জুবিন গাৰ্গৰ মৃত্যুঃ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে অভিযোগনামাৰ সবিশেষ প্ৰচাৰ কৰাৰ বাবে SITৰ গোচৰ ৰুজু

Story by  atv | Posted by   Imtiaz Ahmed • 1 h ago
অখিল গগৈ
অখিল গগৈ

গুৱাহাটী

কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰি থকা বিশেষ তদন্তকাৰী দল (SIT)য়ে গোচৰটোৰ অভিযোগনামাৰ সৈতে জড়িত “অপৰীক্ষিত” নথি সামাজিক মাধ্যমত প্ৰচাৰ কৰাৰ অভিযোগত নিৰ্দলীয় বিধায়ক অখিল গগৈৰ বিৰুদ্ধে অসম আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চত এজাহাৰ দাখিল কৰে।

এনে নথি-পত্ৰ প্ৰচাৰ "অবৈধ" আৰু ই "জনসাধাৰণক বিপথে পৰিচালিত কৰিব আৰু বিভ্ৰান্তিৰ সৃষ্টি কৰিব" বুলি উল্লেখ কৰা হৈছে।

শিৱসাগৰৰ বিধায়ক গগৈয়ে কণ্ঠশিল্পীগৰাকীৰ মৃত্যুৰ গোচৰৰ সাতজন অভিযুক্তৰ বিৰুদ্ধে উত্থাপিত অভিযোগনামাৰ অংশ বুলি দাবী কৰি সামাজিক মাধ্যমত কিছু নথি প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।

বিশেষ ডিজিপি মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত গঠিত ৯ জনীয়া SITয়ে ১২ ডিচেম্বৰত কামৰূপ (মেট্ৰ’)ৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ সন্মুখত অভিযোগনামা দাখিল কৰিছিল।

আদালতে এতিয়াও অভিযোগনামাখনৰ প্ৰমাণিত কপি আবেদন কৰাসকলক প্ৰকাশ কৰা নাই বুলি এজন অধিবক্তাই আঙুলিয়াই দি কয় যে এই অভিযোগনামা কেৱল অভিযুক্ত আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যকহে দিয়া হৈছে।

বিষয়া এগৰাকীয়ে কয় যে, "SITৰ তদন্তকাৰী বিষয়া ৰ'জী কলিতাই গগৈৰ বিৰুদ্ধে আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চত এফআইআৰ পঞ্জীয়নৰ বাবে এজাহাৰ দাখিল কৰিছে। অভিযোগ পৰীক্ষা চলি আছে, আৰু সেই অনুসৰি বিষয়টোৰ ওপৰত সিদ্ধান্ত লোৱা হ'ব।"

গগৈয়ে সামাজিক মাধ্যমত পোষ্ট কৰি কয়, "মই গম পাইছো যে চৰকাৰে মোৰ বিৰুদ্ধে অভিযোগনামা ৰাজহুৱা কৰাৰ বাবে গোচৰ ৰুজু কৰিছে। মই গুৰুতৰভাৱে অসুস্থ, কিন্তু গোচৰৰ সন্মুখীন হ’বলৈ গুৱাহাটীলৈ যাম।"

কণ্ঠশিল্পীগৰাকীৰ প্ৰবন্ধক সিদ্ধাৰ্থ শৰ্মা, উৎসৱৰ আয়োজক শ্যামকানু মহন্ত, বেণ্ডৰ সদস্য শেখৰ জ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধে এই হত্যাকাণ্ডৰ অভিযোগ উত্থাপন কৰা হৈছে বুলি SIT মুৰব্বীগৰাকীয়ে জানিবলৈ দিছিল

গৰ্গে অংশগ্ৰহণ কৰা ছিংগাপুৰত অনুষ্ঠিত হোৱা উত্তৰ-পূব ভাৰত মহোৎসৱৰ মুখ্য আয়োজক আছিল মহন্ত আৰু ১৯ ছেপ্টেম্বৰত সাগৰত সাঁতুৰি থাকোঁতে ৰহস্যজনক পৰিস্থিতিত তেওঁৰ মৃত্যু হয়।

গাৰ্গৰ সম্পৰ্কীয় ভাতৃ তথা নিলম্বিত অসম আৰক্ষী বিষয়া সন্দিপন গাৰ্গৰ বিৰুদ্ধে হত্যাৰ সমান নোহোৱা অপৰাধমূলক হত্যাকাণ্ডৰ অভিযোগ উত্থাপন হৈছে।

কণ্ঠশিল্পীগৰাকীৰ ব্যক্তিগত নিৰাপত্তা বিষয়া দুজন নন্দেশ্বৰ বৰা আৰু প্ৰবীণ বৈশ্যৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰ আৰু তেওঁলোকৰ ওপৰত ন্যস্ত কৰা ধন বা সম্পত্তিৰ অপব্যৱহাৰ কৰি আস্থা ভংগৰ অভিযোগ উত্থাপন হৈছে বুলি গুপ্তাই জানিবলৈ দিয়ে।

হত্যাৰ উপৰিও মহন্তৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰ, ধন দাবী, প্ৰতাৰণা, প্ৰমাণ ধ্বংস কৰাৰ অভিযোগ উত্থাপন হৈছে।

জুবিনৰ প্ৰবন্ধকৰ বিৰুদ্ধে হত্যা, অপৰাধমূলক ষড়যন্ত্ৰ আৰু অপৰাধমূলক আস্থা ভংগৰ অভিযোগো উত্থাপন হৈছে।

হত্যাৰ অভিযোগৰ উপৰিও তেওঁৰ বেণ্ডৰ সদস্য গোস্বামীৰ বিৰুদ্ধেও অপৰাধমূলক আস্থা ভংগৰ অভিযোগ উত্থাপন হোৱাৰ বিপৰীতে অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধে প্ৰমাণ ধ্বংস কৰাৰ অভিযোগো উত্থাপন হৈছে।

আটাইকেইজন অভিযুক্তক গ্ৰেপ্তাৰ কৰি বৰ্তমান কাৰাগাৰত ৰখা হৈছে; ইয়াৰে পাঁচজন বাকছা কাৰাগাৰত আৰু গোস্বামী আৰু অমৃতপ্ৰভা হাফলং কাৰাগাৰত আছে।