নুৰুল হক / আগৰতলা
হিংসা আৰু সাম্প্ৰদায়িকতাবাদক হিংসাৰে নহয়, সমন্বয়ৰে মোকাবিলা কৰিব লাগে। ভাৰতৰ সংবিধানৰ জৰিয়তে জুই, বুলডজাৰ, সকলো ধৰণৰ অন্যায়ৰ বিৰোধিতা কৰিব লাগিব। দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে জাতীয় পতাকা উত্তোলন কৰি মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰীক সম্বোধন কৰি ত্ৰিপুৰাৰ বিশালগড়ৰ ৰাউতখলাস্থিত জামিয়া মাদানিয়া দাৰুল উলুম মাদ্ৰাছাৰ অধ্যক্ষ মৌলানা আব্দুৰ ৰহমানে এই বাৰ্তা প্ৰদান কৰিছে।
সোমবাৰে সমগ্ৰ ত্ৰিপুৰাত সকলো বিদ্যালয়ৰ লগতে মাদ্ৰাছাত যথাযথ সন্মানেৰে গণৰাজ্য দিৱস উদযাপন কৰা হয়। চৰকাৰী, ব্যক্তিগত আৰু কেন্দ্ৰীয় পুঁজিৰে চলি থকা মাদ্ৰাছাত শিক্ষক, ধৰ্মগুৰু আৰু ছাত্ৰ-ছাত্ৰীসকলে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি জাতীয় সংগীত পৰিবেশন কৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজনেৰে নিজৰ দেশপ্ৰেম প্ৰকাশ কৰিছিল। গণৰাজ্য দিৱস উপলক্ষে কেইবাঠাইতো মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰীসকলেও শোভাযাত্ৰা উলিয়াইছে।
বিশালগড়ৰ ৰাউতখলাৰ জামিয়া মাদানিয়া দাৰুল উলুম মাদ্ৰাছাত ছাত্ৰ-ছাত্ৰীসকলে ৰাষ্ট্ৰীয় পতাকা আৰু ত্ৰিৰংগ সজ্জাৰে সজ্জিত সাজ-পোছাক পৰিধান কৰি গণৰাজ্য দিৱস উদযাপনত অংশগ্ৰহণ কৰিছে। মাদ্ৰাছা খেলপথাৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছে অধ্যক্ষ মৌলানা আব্দুৰ ৰহমানে। পতাকা উত্তোলনৰ অন্তত ছাত্ৰ-ছাত্ৰীসকলে একেলগে জাতীয় পতাকাক চেলুট দি জাতীয় সংগীত পৰিবেশন কৰে।
পিছত অধ্যক্ষ আব্দুৰ ৰহমানে কয় যে, ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত স্বাধীন হ'লেও সংবিধান গ্ৰহণৰ জৰিয়তে ১৯৫০ চনৰ ২৬ জানুৱাৰীত এখন শক্তিশালী আৰু গণতান্ত্ৰিক ভাৰত গঠন হৈছিল। তেওঁ কয় যে, সংবিধান ভাৰতৰ মেৰুদণ্ড আৰু ইয়াৰদ্বাৰা বিশ্বৰ ভৌগোলিক মানচিত্ৰত দেশখনক মৰ্যাদা প্ৰদান কৰা হৈছে। সংবিধান যেতিয়ালৈকে সুৰক্ষিত হৈ থাকিব তেতিয়ালৈকে ভাৰত সুৰক্ষিত হৈ থাকিব। সংবিধানক আক্ৰমণ কৰিলে ভাৰতৰ সাৰ্বভৌমত্বক আক্ৰমণ কৰা হ'ব। এই সাৰ্বভৌমত্ব ৰক্ষা আৰু ভাৰতৰ বৈচিত্ৰ্যত ঐক্য বজাই ৰাখিবলৈ হিংসাক হিংসাৰে নহয়, প্ৰেম আৰু সম্প্ৰীতিৰে প্ৰতিহত কৰিব লাগিব।
তেওঁ লগতে কয় যে, গণতন্ত্ৰ ৰক্ষাৰ বাবে মুছলমানসকলে সংবিধানৰ সুৰক্ষাৰ জৰিয়তে জুই আৰু বুলডজাৰৰ বিৰোধিতা কৰিব লাগিব। গণৰাজ্য দিৱস উপলক্ষে মৌলানা আব্দুৰ ৰহমানে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰি ছাত্ৰ-ছাত্ৰীসকলক ৰাজ্য আৰু দেশৰ স্বাৰ্থত দায়িত্বশীল ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। গণৰাজ্য দিৱসৰ দিনা কিছুমান মাদ্ৰাছাতো বিশেষ প্ৰাৰ্থনাৰ আয়োজন কৰা হয়।