ৰাজ্যত জলবায়ু পৰিবৰ্তনৰ ভয়ংকৰ প্ৰভাৱ; ৪৪ শতাংশ হ্রাস বৰষুণ

Story by  atv | Posted by  Munni Begum • 4 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী
 
মৌচুমীৰ প্ৰভাৱৰ পিচতো পর্যাপ্ত বৰষুণৰ অভাৱৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৰাজ্যবাসীয়ে। পৰিস্থিতি এনে পর্যায় পাইছে যে, বিগত প্রায় দুমাহত ৰাজ্যত বৰষুণৰ পৰিমাণ ৪৪ শতাংশ হ্রাস পাইছে। বতৰ বিজ্ঞান বিভাগৰ প্ৰতিবেদনত এই তথ্য প্রকাশ পাইছে। সাধাৰণ অৱস্থাতকৈ বিগত জুন আৰু চলিত জুলাই মাহটোত জলবায়ু পৰিবৰ্তনৰ এই বিৰূপ প্ৰভাৱে ৰাজ্যবাসীক ভয়ংকৰ বিপদৰ অশনি সংকেত দিছে। 
 
আহাৰ আৰু শাওণ মাহত যি সময়ত ৰাজ্যৰ কৃষিজীৱী ৰাইজে খেতিপথাৰত শালিধানৰ খেতিত ব্যস্ত থাকিব লাগিছিল, সেই সময়ত পর্যাপ্ত বৰষুণৰ অভাৱত মূৰে-কপালে হাত দিবলগীয়া হৈছে কৃষকসকলে। প্রচণ্ড ৰ'দত ছিঁৰাল ফাট দিয়া পথাৰখনলৈ চাই চহা খেতিয়কে হা-হুমুনিয়াহ কঢ়াৰ বাদে অন্য পথ নোহোৱা হৈ পৰিছে। 
 
গুৱাহাটীৰ বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্রই প্রকাশ কৰা তথ্যানুসৰি বিগত প্রায় দুমাহত ৰাজ্যত অস্বাভাৱিক হাৰত হ্রাস পাইছে বৰষুণৰ পৰিমাণ। তথ্য অনুসৰি জুন-জুলাই মাহত সাধাৰণ অৱস্থাত বৰষুণ হয় ৭৮৮.৪ মিলিমিটাৰ। কিন্তু এইবাৰ বৰষুণ হৈছে মাত্র ৪৪৪.১ মিলিমিটাৰ। এই সময়ছোৱাত এইবাৰ ৪৪ শতাংশ বৰষুণ হ্রাস পাইছে। 
 
জিলা হিচাপত তথ্য বিশ্লেষণ কৰি চালে দেখা যায় যে, দক্ষিণ শালমাৰাত ৰাজ্যৰ ভিতৰতে সর্বাধিক হ্রাস পাইছে বৰষুণৰ পৰিমাণ। দক্ষিণ শালমাৰাত বিগত ১ জুনৰ পৰা ২৫ জুলাইলৈ বৰষুণৰ পৰিমাণ হ্রাস পাইছে ৮৪ শতাংশ। সাধাৰণ অৱস্থাত ১২০৭.৬ মিলিমিটাৰ বৰষুণ হোৱাৰ বিপৰীতে এইবাৰ হৈছে মাথোঁ ১৯৪.০ মিলিমিটাৰহে। 
 
একেদৰে দৰঙত এইবাৰ স্বাভাৱিকতকৈ হ্রাস পাইছে ৭৯ শতাংশ বৰষুণ। বৰপেটাত বৰষুণৰ পৰিমাণ ৭৩ শতাংশ হ্রাস পোৱাৰ সমান্তৰালভাৱে বজালীত ৭২ শতাংশ, ধুবুৰীত ৬৫ শতাংশ, নলবাৰীত ৬৫ শতাংশ, ধেমাজিত ৬৪ শতাংশ, কামৰূপ আৰু কামৰূপ মহানগৰত ৫৮ শতাংশ হ্রাস পাইছে বৰষুণৰ পৰিমাণ। 
 
আনহাতে বিগত ২৪ ঘণ্টাত ৰাজ্যৰ কেইবাখনো জিলাত সাধাৰণ অৱস্থাতকৈ অস্বাভাৱিক হাৰত হ্রাস পাইছে বৰষুণ। চৰাইদেউ, শিৱসাগৰ, কামৰূপ, কামৰূপ মহানগৰ, হোজাই, মাজুলী, পশ্চিম কাৰ্বি আংলং আদি জিলাত এশ শতাংশৰো অধিক হ্রাস পাইছে বৰষুণৰ পৰিমাণ। জলবায়ুৰ অভাৱনীয় পৰিবর্তনে কেৱল অসমকে নহয়, সমগ্র উত্তৰ-পূর্বাঞ্চলকে অতি বেয়াকৈ ক্ষতিগ্রস্ত কৰিছে। কিয়নো স্বাভাৱিক অৱস্থাতকৈ মেঘালয়ত এইবাৰ বৰষুণৰ পৰিমাণ হ্রাস পাইছে ৫৮ শতাংশ। একেদৰে অৰুণাচল প্রদেশত এইবাৰ ৪৯ শতাংশ হ্রাস পাইছে বৰষুণ। 
 
ইপিনে বৰষুণৰ পৰিমাণ হ্রাস পোৱাৰ লগে লগে ৰাজ্যত গ্রীষ্মপ্রবাহে ধাৰণ কৰিছে গুৰুতৰ ৰূপ। বৃদ্ধি পাইছে উষ্ণতা। মৌচুমীৰ প্রভাৱত বৃষ্টিপাত হ'লে সাধাৰণ অৱস্থাত সৰ্বসাধাৰণে গৰমৰ প্ৰকোপৰ পৰা কিছু সকাহ লাভ কৰে। কিন্তু এইবাৰ বৰষুণৰ পৰিমাণ হ্রাস হোৱাৰ বাবে প্রচণ্ড গ্রীষ্মপ্রবাহত বিপর্যস্ত হৈ পৰিছে ৰাজ্যবাসী। 
 
বতৰ বিজ্ঞান বিভাগৰ তথ্যমতে বিগত ২৪ ঘণ্টাত শিলচৰত সর্বোচ্চ উষ্ণতা ৩৮.২ ডিগ্রী চেলছিয়াছ একেদৰে উত্তৰ লখিমপুৰত ৩৭.০ ডিগ্রী চেলছিয়াছ, গুৱাহাটীত ৩৬.৪ ডিগ্রী চেলছিয়াছ, চাপৰমুখত ৩৬.২ ডিগ্রী চেলছিয়াছ, ডিব্ৰুগড়ত ৩৬.০ ডিগ্রী চেলছিয়াছ আৰু তেজপুৰত ৩৬.০ ডিগ্রী চেলছিয়াছ। আগত দিনকেইটাত নামনি আৰু মধ্য অসমত বৃষ্টিপাত হোৱাৰ সম্ভাৱনা থকা বুলি বতৰ বিজ্ঞান বিভাগে উল্লেখ কৰিছে।