পঞ্চতন্ত্ৰৰ সাধুকথাৰ বাস্তৱ ৰূপ; কাউৰীয়ে লৈ যোৱা সোণৰ ব্ৰেচলেট উভতাই দিলে মুছলমান পৰিয়ালে

Story by  atv | Posted by  [email protected] • 1 d ago
ৰুক্মিনীক সোণৰ ব্ৰেচলেট উভতাই দিয়াৰ সময়ত আনোৱাৰ ছাদাত
ৰুক্মিনীক সোণৰ ব্ৰেচলেট উভতাই দিয়াৰ সময়ত আনোৱাৰ ছাদাত
 
নতুন দিল্লী

জীৱ-জন্তুক চৰিত্ৰ হিচাপে লৈ শিশুৰ বাবে ৰচনা কৰা প্ৰাচীন ভাৰতীয় গ্ৰন্থ পঞ্চতন্ত্ৰৰ মনোমোহা সাধুবোৰ সকলোৱে নিশ্চয় শুনিছে বা পঢ়িছে। এই কাহিনীটোও শুনিবলৈ পঞ্চতন্ত্ৰৰ কাহিনী যেন লাগে। কিন্তু এই কাহিনীটো বাস্তৱ, ই কোনো সাধুকথা নহয়।
 
আশ্চৰ্যজনক যেন লগা বাস্তৱ জীৱনৰ এই ৰোমাঞ্চকৰ কাহিনীটো কেৰালাৰ মুছলমান অধ্যুষিত চহৰ মালাপ্পুৰমৰ। ইয়াত এটা কাউৰীয়ে লৈ যোৱা সোণৰ গহনাৰ টুকুৰা তিনি বছৰৰ পিছত এটা মুছলমান পৰিয়ালে ইয়াৰ প্ৰকৃত মালিকক ঘূৰাই দিছে।
 
ঘটনাৰ বিৱৰণী অনুসৰি, এদিন কেৰালাৰ মালাপ্পুৰম জিলাৰ ত্ৰিকালিংগোডৰ বাসিন্দা ৰুক্মিণীয়ে চোতালত কাম কৰি থাকোঁতে ১২ গ্ৰাম ওজনৰ এডাল সোণৰ ব্ৰেচলেট (মূল্য প্ৰায় ১.১২ লাখ টকা) হাতৰ পৰা খুলি ওচৰতে ৰাখিছিল। কাম শেষ হোৱাৰ পিছত তেওঁ যেতিয়া ব্ৰেচলেটডাল আনিবলৈ গ’ল, তেতিয়া সেইডাল তাত নাছিল। তাৰ পিছত তেওঁ ব্ৰেচলেটডাল চুৰি হোৱা বুলি ভাবি চাৰিওফালে বিচাৰিবলৈ ধৰিলে।
 
কিন্তু বহুতো অনুসন্ধানৰ পিছতো মহিলাগৰাকীয়ে ব্ৰেচলেটডাল বিচাৰি নাপালে। বহুমূলীয়া গহনা হেৰুৱাই পৰিয়ালটো হতাশ হৈ পৰে। অৱশেষত কোনো উপায় নোহোৱাত তেওঁলোকে ইয়াক পাহৰি গ'ল আৰু ব্ৰেচলেটডালৰ কথা চিন্তা কৰিবলৈ বাদ দিলে। কিন্তু এদিন তেওঁলোকৰ জীৱনত সাধুকথাৰ দৰে লগা এটা ঘটনা সংঘটিত হ'ল। 
 
প্ৰায় তিনি বছৰৰ পাছত ৰুক্মিণীয়ে স্থানীয় পাব্লিক লাইব্ৰেৰীয়ে প্ৰকাশ কৰা এটা বিজ্ঞাপন দেখিলে য’ত কৰ্তৃপক্ষই তেওঁলোকৰ হাতত থকা সোণৰ ব্ৰেচলেটৰ সঠিক মালিকক কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।
 
প্ৰকৃতাৰ্থত তিনিমাহ পূৰ্বে আনোৱাৰ ছাদাত নামৰ এজন ব্যক্তিয়ে আম গছৰ তলত পোৱা সোণৰ অলংকাৰবিধ পুথিভঁৰাল কৰ্তৃপক্ষক গতাই দিছিল যাতে সেই অলংকাৰ সঠিক মালিকে ঘূৰাই পায়। প্ৰথমে এই ব্ৰেচলেটডাল ৰুক্মিণীৰ ঘৰৰ ওচৰৰ আম গছ এজোপাত থকা কাউৰীৰ বাহত উদ্ধাৰ কৰা হৈছিল, যিটো প্ৰচণ্ড বতাহৰ বাবে তলত সৰি পৰিছিল। 
 
তেনেতে আনোৱাৰ ছাদাতৰ কন্যা ফাতিমা হুদাই আম বুটলিবলৈ যোৱাত দেখিলে যে সৰি পৰা কাউৰীৰ বাহৰ মাজত এডাল সোণৰ ব্ৰেচলেট জিলিকি আছে।
 
তেওঁ সেয়া প্ৰকৃতাৰ্থত সোণ হয় নে নহয়, জানিবলৈ চেষ্টা কৰাত ব্ৰেচলেটডাল ভাঙি থাকে। পিছত পিতৃ-কন্যাই ব্ৰেচলেটডালৰ ভঙা টুকুৰাবোৰ পুথিভঁৰাল কৰ্তৃপক্ষৰ হাতত তুলি দিয়ে, যাতে সেয়া প্ৰকৃত মালিকে ঘূৰাই পাব পাৰে। অৱশেষত পুথিভঁৰাল কৰ্তৃপক্ষই ব্ৰেচলেটডাল ৰুক্মিণী আৰু স্বামীৰ হাতত তুলি দিলে। এই ঘটনাৰ পিছত মানুহে আনোৱাৰ ছাদাতৰ পৰিয়ালটোৰ মহানুভৱতা আৰু উচ্চ মূল্যবোধক ভূয়সী প্ৰশংসা কৰিছে।


শেহতীয়া খবৰ